অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলুখেতিত মনোনিৱেশ কৰিছে গৌৰীপুৰৰ কৃষকে

আলুখেতিত মনোনিৱেশ কৰিছে গৌৰীপুৰৰ কৃষকে

ৰাজ্যখনত পণ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰভাৱে ধুবুৰী জিলাৰ কৃষক ৰাইজক সৰ্বস্বান্ত কৰি তুলিছে যদিও সকলো বাধাক নেওচি জিলাখনৰ কৃষকসকলে কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰা দেখা গৈছে। জিলাখনৰ গৌৰীপুৰ সমষ্টিৰ অধীনস্থ সাজুৱাৰকুটী, মাটিয়াবাগ, আলমগঞ্জ, পাণবাৰী, মটেৰঝাৰ আৰু বি টি এ ডিৰ স্বাৰোশ্বৰবিল অঞ্চলত এইবেলি কৃষকে আলু খেতিত অধিক মনোনিৱেশ কৰা দেখা গৈছে। ইয়াৰে ২৪ নং উত্তৰ গেৰামাৰী জিলা পৰিষদৰ অধীনস্থ চৰাযোগীপাৰা অঞ্চলৰ কৃষকে অধিক হাৰত আলু খেতি কৰা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ প্ৰায় ৫০০ বিঘাকে ধৰি গৌৰীপুৰ সমষ্টিৰ প্ৰায় ১৫০০ বিঘা কৃষিভূমিত এইবেলি ভাল আলু খেতি হোৱা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে। জানিব পৰা মতে চাৰযোগীপাৰা গাঁওখনত ২০ বছৰ পূৰ্বে মজিবৰ ৰহমান নামৰ কৃষক এজনে প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ আলু খেতি আৰম্ভ কৰি অধিক লাভৱান হয়। এই কৃষকজনৰ প্ৰায় ৪০ বিঘা কৃষি মাটি আছে যদিও পৰীক্ষামূলকভাৱে দুই বিঘা মাটিত আলু খেতি কৰি অঞ্চলটো যে আলু খেতিৰ বাবে উপযোগী সেয়া তেওঁ প্ৰতিপন্ন কৰে। কৃষকজনে জানিবলৈ দিয়া মতে ইয়াৰ পিছৰেপৰাই অঞ্চলটোৰ অধিকাংশ কৃষকে আলু খেতিত মনোযোগ দিয়ে। বৰ্তমান সফল কৃষক মজিবৰ ৰহমান বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ কৃষি কৰ্মৰ পৰা বিৰত আছে যদিও তেওঁক অনুসৰণ কৰি অঞ্চলটোৰ আকতাৰ আলী, জাকিৰ শ্বেখ, ৱাহেজ আলী, মহবত আলী, ছুফুকুল ইছলাম, মনজিৰ আলী, জৰিপুদ্দিন শ্বেখ, উজিৰ হুছেইন, ইনামূল হক আদি কৃষকসকলে প্ৰায় ৭/৮ বিঘাকৈ খেতি মাটিত আলু খেতি কৰা দেখা গৈছে। অঞ্চলটোৰ কৃষক আকতাৰ আলীয়ে জানিবলৈ দিয়া মতে আলুৰ উন্নত মানৰ বীজ সংগ্ৰহৰ বাবে তেওঁলোক পশ্চিমবংগলৈ যাবলগীয়া হয়। এইবেলি পশ্চিমবংগৰ পৰা প্ৰতি কুইন্টল বীজ ২৮০০/৩৫০০ টকা দৰত ক্ৰয় কৰি আনিবলগীয়া হৈছে। তেওঁৰ মতে আলু খেতিত প্ৰতি বিঘাত ৮/১০ হেজাৰ টকা খৰচ হয়। ইয়াৰ বিনিময়ত তেওঁলোকে বিঘাই প্ৰতি ৮০/৯০ মোন আলু উৎপাদন কৰিব বুলি আশা প্ৰকাশ কৰিছে। আশা কৰা ধৰণে ফচল পালে তেওঁলোকে বহু পৰিমাণে লাভ আৰ্জিব পাৰিব বুলি ধাৰণা কৰিছে।

ইপিনে, কৃষি বিভাগৰ সূত্ৰই জনোৱা মতে, বিভাগটোৱে আৰ কে ভি ৱাই আঁচনিৰ জৰিয়তে বৃহত্তৰ গৌৰীপুৰৰ মাটিয়াবাগ, টিয়ামাৰী, চাপগড়, খুদিমাৰী, দাবচৌকাৰ কৃষক ৰাইজৰ মাজত ২০ কুইন্টল আলুৰ বীজ বিনামূলীয়াকৈ বিতৰণ কৰিছে। কিন্তু বিনামূলীয়া বীজৰ পৰিমাণ যথেষ্ট কম হোৱা বাবে বহুতো কৃষকে এই বীজ লাভ কৰা নাই বুলি অভিযোগ উঠিছে।

লিখক: অৰুণ পাল, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate