অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইমু পালনেৰে স্বাৱলম্বনৰ প্ৰয়াস চতিয়াৰ উদ্যোগী মহিলা পূবী শইকীয়া

ইমু পালনেৰে স্বাৱলম্বনৰ প্ৰয়াস চতিয়াৰ উদ্যোগী মহিলা পূবী শইকীয়া

 

 

ভাৰতীয় প’লিট্ৰি ৰিছাৰ্চ চেন্টাৰে ইমু পালনৰ বাবে অসমৰ প্ৰাকৃতিক পৰিবেশ অত্যন্ত উপযোগী আৰু অনুকুল বুলি ঘোষণা কৰাৰ পিচৰ পৰাই ৰাজ্যখনৰ একাংশ উদ্যোগী যুৱকে ইমু পালনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। চিৰাং জিলাৰ মুছলপুৰ আৰু যোণাপুৰৰ দুজন যুৱকে প্ৰত্যাহ্বানমূলকভাৱে ব্যৱসায়িক ভিত্তিত দুখন ইমু ফাৰ্ম খুলিছে। উল্লেখযোগ্যভাৱে অসমৰ তৃতীয়খন ইমু ফাৰ্ম খুলিবলৈ আগবাঢ়ি আহিছে চতিয়াৰ পূবী শইকীয়া নামৰ এগৰাকী মহিলা।চতিয়াৰ হেজাৰিমলৰ এগৰাকী মহিলাই এখন পষেকীয়া পত্ৰিকাত ইমুৰ মঙহ, কণী আদিৰ গুণাগুণৰ বিষয়ে পঢ়িবলৈ পাই ইমু পালনৰ প্ৰতি আগ্ৰহী হৈ উঠে। ‘অসমীয়া প্ৰতিদিন’ কাকতত মুছলপুৰৰ ইমু ফাৰ্মৰ বিষয়ে প্ৰকাশিত প্ৰতিবেদন পঢ়ি সিদ্ধান্ত গ্ৰহণ কৰে। এইগৰাকী উদ্যমী মহিলাই গুজৰাটৰ এখন ফাৰ্মৰ পৰা গোটে দহ হেজাৰকৈ চাৰিটা ১৩ মহীয়া ইমু আৰু গোটে পোন্ধৰ হেজাৰকৈ ছটা ছাব্বিশ মহীয়া ইমু ক্ৰয় কৰি আনে। নিজ গৃহৰ চৌহদৰ ভিতৰতে সুকীয়াকৈ বেৰা দি দহটা ইমুৰে সৈতে ফাৰ্ম আৰম্ভ কৰিছে পূবী শইকীয়াই। বাৰ্ড ফ্লুৰ দৰে সংক্ৰামক ৰোগৰ প্ৰতিৰোধ ক্ষমতা বহন কৰা ইমু চৰাই পালন কৰিবলৈ যথেষ্ট সহজ হোৱাৰ লগতে ব্যৱসায়িক গুৰুত্বও যথেষ্ট বেছি বুলি মহিলাগৰাকীয়ে জানিবলৈ দিছে। সৰ্বভক্ষী ইমু চৰাই  ৫০ছেলছিয়াচতকৈ অধিক উষ্ণতাতো নিৰ্বিঘ্নে জীয়াই থাকিব পাৰে। মৌচুমী জলবায়ুৰে প্ৰভাৱিত অসমৰ ৩২-৩৮ ছেলছিয়াচ উষ্ণতা ইমুৰ বাবে অনুকূল। সকলোধৰণৰ শাক-পাচলি, গছৰ পাত, পোক, পৰুৱা, কেঁচুকে ধৰি সৰু সৰু কীট অথবা পতংগ, গোমধানৰ গুড়ি, বজাৰত কিনিবলৈ পোৱা হাঁহ-কুকুৰাৰ দানা আদি যোগান ধৰিলেই ইমু পালন কৰিব পাৰি।১৬-১৭ মাহত একোটা ইমুৰ ওজন প্ৰায় ৪০-৪৫ কিলোগ্ৰাম পৰ্য্যন্ত হয় আৰু আহাৰৰ বাবে ই উপযুক্ত হয়। ১৮-২৪ মাহত একোজনী মাইকী ইমুৱে কণী পাৰিবলৈ আৰম্ভ কৰে। প্ৰতিটো কণীৰ বৰ্তমানৰ বজাৰমূল্য ৭০০-১,০০০ টকা। অন্য মাংসৰ তুলনাত ইমুৰ মাংসৰ তুলনাত ইমুৰ মাংসত কলেষ্টৰেলৰ পৰিমাণ বহু কম। আনহাতে চৰ্বিৰ পৰিমাণ প্ৰতি গ্ৰামত ১.৫ শতাংশতকৈও কম হোৱা বাবে দি আমেৰিকান হাৰ্ট এছ’চিয়েচনে হৃদযন্ত্ৰ সুস্থ ৰখাৰ বাবে উৎকৃষ্ট মঙহ বুলি স্বীকৃতি দিছে।

উৎসঃ ৰাতুল ভূঞা, অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate