অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইৰি ধানৰ খেতিৰে স্বাৱলম্বী বঙালমৰাৰ শিক্ষিত যুৱক

ইৰি ধানৰ খেতিৰে স্বাৱলম্বী বঙালমৰাৰ শিক্ষিত যুৱক

লখিমপুৰ জিলাৰ বঙালমৰাৰ সমীপৰ ২ নং ইছলামপুৰ ব্লক গাঁৱৰ আব্দুছ ছালাম নামৰ এগৰাকী শিক্ষিত যুৱকে কৃষি কৰ্মৰ জৰিয়তে নৱপ্ৰজন্মৰ বাবে এক নতুন আদৰ্শৰ সূচনা কৰিছে। বিগত বছৰৰ দৰে এইবছৰো শিক্ষিত যুৱকজনে ইৰি ধানৰ খেতিৰে স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে । জানিব পৰা মতে, গাঁওখনৰ আলী হুছেইনৰ কনিষ্ঠ পুত্ৰ আব্দুছ ছালামে লালুক মহাবিদ্যালয়ত স্নাতক তৃতীয় ষান্মাষিকত অধ্যয়ণ কৰি থকাৰ সমান্তৰালভাৱে ৪ বিঘা নিজৰ মাটি আৰু ৪ বিঘা আধি লৈ ইৰি ধানৰ খেতি আৰম্ভ কৰে। পূৰ্বতে এই দৰিদ্ৰ কৃষক পৰিয়ালটোৱে আহুধানৰ লগতে মৰাপাটৰ খেতি কৰিছিল। আহুধানৰ লগতে মৰাপাট খেতিতো চাহিদা অনুপাতে উৎপাদন কম হোৱাত যুৱকজনে কৃষি সম্বন্ধীয় যিকোনো সমস্যাৰ তৎক্ষণাত সমাধানৰ বাবে সমগ্ৰ ভাৰততে ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা বিনামূলীয়া ‘কিষাণ কল চেণ্টাৰ’ৰ পৰা ইৰি ধানৰ খেতি আৰু কিদৰে অধিক উৎপাদন লাভ কৰিব পাৰি সেই সকলোবোৰ পৰামৰ্শ গ্ৰহণ কৰি যুৱকজনে এই বৰ্ষত ৮ বিঘা মাটিত ইৰি ধানৰ খেতি কৰি প্ৰ্তি বিঘাত প্ৰায় ৩০ মোনপৰ্যন্ত ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে। ইৰি ধানৰ প্ৰজাতিসমূহৰ ভিতৰত এৰাইছ, লালগংগা, আই আৰ ৯০, হীৰা আদি প্ৰজাতিসমূহৰ খেতি কৰি দৰিদ্ৰ যুৱকজনৰ লগতে পৰিয়ালটো লাভৱান হৈছে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate