অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত প্ৰজাতিৰ আমৰ খেতিৰে ধুবুৰীৰ কৃষকৰ আশাৰ ৰেঙণি :

উন্নত প্ৰজাতিৰ আমৰ খেতিৰে ধুবুৰীৰ কৃষকৰ আশাৰ ৰেঙণি :

 

পশ্চিমবংগৰ মালদাৰপৰা উন্নত জাতৰ আমৰ পুলি ক্ৰয় কৰি আনি দক্ষিণ শালমাৰাৰ আব্দুল গফুৰ নামৰ এজন কৃষকে ৰাজ্যৰ কৃষিখণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, দক্ষিণ শালমাৰা কৃষি উন্নয়ন চক্ৰৰ অধীনত বাশমোৰা(চান্দিপাৰা)ত নিজৰ সাত বিঘা কৃষিভূমিত আব্দুল গফুৰ নামৰ এজন কৃষকে পশ্চিমবংগৰ মালদাৰপৰা ‘টচা’ নামৰ এবিধ উন্নত জাতৰ পুলি ক্ৰয় কৰি আনি তিনি বছৰ পূৰ্বে ৰোপণ কৰে। পৰিৱেশ উপযোগীকৈ কৃষকজনে তেওঁৰ খেতিডৰা কৃষি বিজ্ঞানীৰ দ্বাৰা পৰীক্ষা কৰোৱাই পৰিৱেশ অনুকূল হোৱাকৈ মুঠ ৫০০ টা পুলি ৰোপণ কৰে।

উল্লেখ্য যে এইবিধ উন্নত জাতৰ আমগছত প্ৰথম বছৰৰপৰাও ফল লাগে। কৃষকজনে আমৰ খেতিডৰাৰপৰা যোৱা দুই বছৰতেই ভাল ফচল পাইছে যদিও এইবেলি তুলনামূলকভাৱে আৰু অধিক ফচল লাভ কৰাৰ আশা কৰিছে। এইবেলি আমগছসমূহত যথেষ্ট পৰিমাণে ফল লগা বুলি তেওঁ জানিবলৈ দিছে। যোৱা বছৰৰ দৰে এইবেলিও কৃষকজনে উৎপাদিত উন্নত জাতৰ পকা আম সমূহ স্থানীয় বজাৰৰ উপৰি মেঘালয়লৈ ৰপ্তানি কৰিব বুলি জানিবলৈ দিছে।

এই প্ৰতিবেদকৰে হোৱা এক সাক্ষাৎকাৰত কৃষকজনে নিজৰ ক্ষোভ ব্যক্ত কৰি কয়- আজিৰ তাৰিখতো তেওঁ কোনোধৰণৰ কৃষিঋণ লাভ কৰা নাই। স্থানীয় গ্ৰাম্য পৰ্যায়ৰ কৃষি সম্প্ৰসাৰণ কৰ্মী এজনে দুবছৰ পূৰ্বে কৃষকজনক কৃষি বিভাগৰ যোগেৰে ঋণ প্ৰদান কৰিব বুলি আশ্বাস দিছিল যদিও সেই আশ্বাস কেতিয়াও বাস্তবায়িত নহ’ল। কৃষি সম্প্ৰসাৰণ কৰ্মীজনে ঋন প্ৰদানত সহায় কৰাটো দূৰৈৰ কথা, তেওঁ কাষলৈ আহি এই খেতিৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শখিনিও নিদিলে।

কৃষকজনে জানিবলৈ দিয়া মতে, তেওঁ মালদাৰ কৃষিবিজ্ঞানীৰ পৰামৰ্শ অনুযায়ীয়ে এই উন্নত জাতৰ আমৰ খেতি কৰি আহিছে। আব্দুল গফুৰে এই আম খেতিৰ উপৰি তেওঁৰ নিজা ২৫ বিঘা খেতিমাতিত মালভোগ কলৰ খেতিও কৰিছে।

লগতে পাঁচ হাজাৰ তামোল গছৰ পুলিও ৰোপণ কৰি এজন আদৰ্শৱান কৃষকৰ পৰিচয় দাঙি ধৰিছে। প্ৰণিধানযোগ্য যে কৃষকজনৰ পুত্ৰ সাহাবুদ্দিন আহমেদ এজন স্নাতক ডিগ্ৰীধাৰী নিবনুৱা যুৱক। সম্প্ৰতি কৃষকজনৰ এই খেতিসমূহ তেওঁৰেই শিক্ষিত নিবনুৱা পুত্ৰজনে চোৱাচিতা কৰি আছে।

উৎস: ছাবেকুন নেহাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/11/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate