অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত প্ৰজাতিৰ বগৰী খেতিৰে আশাজনক উপাৰ্জন :

উন্নত প্ৰজাতিৰ বগৰী খেতিৰে আশাজনক উপাৰ্জন :

 

যি সময়ত ৰাজ্যখনৰ শিক্ষিত যুৱক-যুৱতীসকলে চাকৰিৰ পিছত ঘূৰি হাবাথুৰি খাই ফুৰিছে, তেনে সময়ত এজন যুৱকে উদ্যান শস্যৰ জৰিয়তে স্বাৱলম্বিতাৰ সপোন দেখিছে। ব্যতিক্ৰমী চিন্তাৰ গৰাকী এই যুৱকজনৰ নাম হৈছে মাজাহাৰুল ইছলাম। মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৰখাবল গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা অঞ্চলটোৰ আদৰ্শ কৃষক আফাজউদ্দিনৰ পুত্ৰ মাজাহাৰুলে স্নাতক ডিগ্ৰী লোৱাৰ পিছত চাকৰিলৈ মন নেমেলি পিতৃৰ আদৰ্শতেই কৃষি কৰ্মত নিয়োজিত হৈ পৰে। যুৱকজনে জিলাখনৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে এই বছৰ আপেল বগৰী হিচাপে পৰিচিত উন্নত প্ৰজাতিৰ বগৰীৰ খেতি কৰে। পৰীক্ষামূলকভাৱে দুবিঘা মাটিত এই বগৰীৰ খেতি কৰি যুৱকজনে কম সময়তে অধিক অপাৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতি বিঘা মাটিত ১৫ হাজাৰকৈ দুবিঘা মাটিত মুঠ ৩০ হাজাৰ টকা ব্যয় কৰাৰ পিছত তেওঁ বগৰী বিক্ৰী কৰি প্ৰায় ডেৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱকজনে প্ৰতি কিলোগ্ৰাম বগৰী খুচুৰা বজাৰত ৬০ টকাকৈ আৰু পাইকাৰী বজাৰত ৪৫ টকা মূল্যত বিক্ৰী কৰে। এই সন্দৰ্ভত তেওঁ জনোৱা মতে, বিভিন্ন সময়ত তেওঁ প্ৰচাৰ মাধ্যমত পাইছিল যে এইবিধ উন্নত জাতৰ বগৰী খেতিৰ জৰিয়তে একাংশ কৃষক অৰ্থনৈতিকভাৱে টনকিয়াল হ’বলৈ সক্ষম হৈছে। সেয়ে তেওঁ এই বগৰী খেতিৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু গাওঁখনৰে সম্বন্ধীয় ককায়েক এজনৰ সহযোগত কলকাতাৰ ভাৰত নাৰ্চাৰীৰপৰা এই বগৰীৰ পুলি সংগ্ৰহ কৰি আনে। যোৱা বছৰৰ এপ্ৰিল মাহত যুৱকজনে বগৰী পুলি অৰ্থাৎ কলমসমূহ ৰোপণ কৰে আৰু চলিত বছৰৰ জানুৱাৰীৰ মাজভাগৰপৰা তেওঁ বগৰী বিক্ৰী কৰে। কোনো প্ৰশিক্ষণ নোহোৱাকৈ একমাত্ৰ নিজা প্ৰচেষ্টাত এইবিধ বগৰীৰ খেতি কৰি তেওঁ অতি কম সময় আৰু কম শ্ৰমৰ বিনিময়ত অধিক উপাৰ্জন কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে। অহা বছৰ যুৱকজনে ৫-৬ বিঘা মাটিত বগৰী খেতি কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ প্ৰকাশ কৰা মতে, চৰকাৰ তথা কৃষি বিভাগে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক বগৰী খেতি সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে যুৱক-যুৱতীসকল এই খেতিৰ প্ৰতি আগ্ৰহী হৈ উঠিব আৰু ৰাজ্যখনত প্ৰতি বছৰে বহি:ৰাজ্যৰপৰা আমদানি হৈ অহা বগৰীৰ বজাৰখন বন্ধ হ’ব। নিজ ৰাজ্যত উৎপাদিত বগৰীৰে এখন বজাৰ সৃষতি হ’লে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল হৈ উঠাৰ উপৰি নিবনুৱা সমস্যা সমাধানৰ সহায়ক হ’ব। উল্লেখ্য যে এই বছৰ যুৱকজনৰ বগৰী খেতি দেখি নৈপৰীয়া অঞ্চলটোৰ বহুকেইজন যুৱকে এই বগৰী খেতি কৰাৰ পৰিকল্পনা হাতত লৈছে।

লেখক: বিষ্ণু ডেকা(দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate