অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এচাম উদ্যমী কৃষকৰ কথাৰে

এচাম উদ্যমী কৃষকৰ কথাৰে

মাষ্টৰ নামেৰে অঞ্চলটোত পৰিচিত তাইজুদ্দিন আহমেদ। বৰপেটা জিলাৰ সুনেৰটাৰিৰ তাইজুদ্দিন পিছে স্কুলৰ নহয়, খেতিৰহে মাষ্টৰ। সমীপতে ব্ৰক্ষ্মপুত্ৰ। সেয়ে অঞ্চলটো বানপীড়িত। জেঠৰ পৰা আহিনলৈ খেতি কৰিব নোৱাৰি। ৰবি শস্য, ইৰি খেতি আৰু মৰাপাটৰ বাবে বিখ্যাত সুনেৰটাৰিৰ লগতে বালাৰটাৰি, ৰৌমাৰী গাঁও, ৰৌমাৰী পথাৰ আৰু ছাতা নামৰ গাঁওকেইখন। খেতিৰ মাষ্টৰ তাইজুদ্দিনৰ লগ পাইছিলো তেওঁৰ পথাৰতে। তেওঁৰ নিজা মাটি ২৭ বিঘা। কিন্তু চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱা উদ্যমী কৃষকজনে এইবাৰ ৯৪ বিঘা মাটিত খেতি কৰিছে। নিজৰ বাদ দি বাকীখিনি মাটি তেওঁ ঠিকাত লৈছে। ২৭ বিঘা মাটিত সৰিয়হ, ৮ বিঘাত কুঁহিয়াৰ, ১০ বিঘাত কল, ৫ বিঘাত আলুৰ উপৰি গম, মাকৈ, গাজৰ, কবি, বিলাহী, ৰঙালাউ, তৰমুজ আদিৰো খেতি কৰিছে তাইজুদ্দিনে। তেওঁৰ ২১ বিঘাৰ দুটাকৈ পুখুৰী। নিজৰ কথা ক’বলৈ গৈ উদ্যমী কৃষকজনে কয়, ‘স্নাতক হোৱাৰ পিছত সিদ্ধান্ত লৈছিলো চাকৰি বিচাৰি সময় নষ্ট নকৰোঁ’। ভালদৰে বৈজ্ঞানিক পদ্ধতিত খেতি কৰিম। মই এতিয়া খেতি কৰিয়েই আমাৰ ১৪ জনীয়া যৌথ পৰিয়ালটো চলাওঁ। পৰিয়ালৰ সকলোৱে খেতিৰ সৈতে জড়িত’। কৃষকজনে লগতে কয় যে তেওঁৰ খেতিত দৈনিক গড়ে ২৫ গৰাকী পুৰুষ মহিলাই কাম কৰে। সেই ২৫ টা পৰিয়ালে তেওঁৰ খেতিত কাম কৰিয়েই পৰিয়াল চলাই আছে। এনেদৰে কাম কৰা বহুকেইজনে পূৰ্বে গুৱাহাটীলৈ কাম বিচাৰি গৈছিল। তাইজুদ্দিনে কয় যে এইবাৰ তেওঁৰ পৰা সৰিয়হৰ বীজ নি ৩০০ জন কৃষকে ১০০০ বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে। ৫০ জনে আলুৰ বীজ নিছে। কৃষকজনে ন দি ক’লে-‘আমাৰ কৃষকে বীজ নিৰ্বাচনত গুৰুত্ব নিদিয়ে। সেয়ে আশা কৰা মতে উৎপাদন নাপায়। মোৰ পৰা সৰিয়হৰ বীজ নিয়া কৃষকসকলে প্ৰতি বিঘাত ন্যূনতম ৫ মোনকৈ সৰিয়হ পাব’। তেওঁৰ পৰা বীজ নি খেতি কৰা কৃষকৰ পথাৰ আৰু সাধাৰণ বীজেৰে খেতি কৰা কৃষকৰ পথাৰত দেখিলো পাৰ্থক্য। খেতি কৰি আৰু পৰিয়াল চলাব নোৱাৰি। কাৰণ খেতিত আজিকালি লাভ নহয়। উৎপাদিত ফচলৰ মূল্য পোৱা নাযায়। ফলত বহুতে বাদ দিছে কৃষিকাৰ্য। কিন্তু তাইজুদ্দিনে তেনেদৰে নাভাবে। উদ্যমী কৃষকজনৰ মন্তব্য- ‘নতুন নতুন খেতি কৰিব লাগিব। আগতীয়াকৈ খেতি কৰিব লাগিব। সাঁচি ৰাখিব পৰা শস্যৰ খেতি কৰিব লাগিব। তেতিয়া লাভ নোহোৱাৰ কথা নাই’। সেইবাবেই তেওঁ নতুনকৈ কালজীৰাৰ খেতি আৰম্ভ কৰিছে। এইবাৰ তেওঁ তিয়ঁহৰ  খেতি নকৰিলে। কিয়? খেতিৰ ‘মাষ্টৰ’জনৰ উত্তৰ-’১০ গ্ৰাম হাইব্ৰীড বীজৰ দাম বাঢ়ি ২০০ টকা হওঁতে ভাবিছিলো এইবাৰ বহু মানুহে তিয়ঁহৰ খেতি কৰিছে। তিয়ঁহৰ দাম কমি যাব। বাস্তৱত সেয়াই হ’ল। এতিয়া বৰপেটাৰোডত এক ঠেলা তিয়ঁহৰ মূল্য ১০০ ৰ পৰা ১২০ টকা।’

কৃষি বিভাগৰ পৰা বিভিন্ন প্ৰশিক্ষণ পোৱাৰ উপৰি আৰ্থিক সাহায্যও লাভ কৰিছে কৃষকজনে। কিন্তু খেতিৰ বাবে বিখ্যাত বৰপেটা জিলাৰ উক্ত অঞ্চলটোৰ খেতিয়কসকলে পানীৰ ব্যৱস্থা কিদৰে কৰে? চৰকাৰী জলসিঞ্চনে এতিয়াও স্পৰ্শ কৰাহি নাই অঞ্চলটোক। কৃষকসকলে নিজাকৈ বা কৃষি বিভাগৰ পৰাই মূল্যত লাভ কৰা অগভীৰ নলীনাদৰ সহায়েৰে পানী যোগান ধৰে। তাইজুদ্দিনে খেতিত পানী দিবলৈ চাৰি ঠাইত ব’ৰিং কৰিছে। সুনেটৰটাৰিৰ হাকিম আলী, ৰৌমাৰী গাঁৱৰ হাছেম আলী আৰু জচিম আলীয়ে ভাবে যে চৰকাৰে যদিহে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে অঞ্চলটোৰ সকলো শস্যৰ উৎপাদন আৰু ভাল হ’ব। খেতিয়কৰ খৰচো কমিব। এতিয়া ডিজেলত বহু ব্যয় কৰিব লাগে। অঞ্চলটোত বহু অগভীৰ নলীনাদ আছে যদিও তাইজুদ্দিন আহমেদে জনোৱা মতে পানীৰ স্তৰ তললৈ যোৱা নাই। ২০০১ চনত তেওঁ প্ৰথমটো অগভীৰ নলীনাদৰ বাবে ৬৫ ফুট খান্দিছিল। ২০১৩ চনত তেওঁ বহুওৱা শেষৰটোৰ বাবেও ৬৫ ফুটেই খান্দিছে। আহমেদেও ভাবে- চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা কৰিলে অঞ্চলটোৰ কৃষকসকলে উপকৃত হ’ব।

কামৰূপ মহানগৰ জিলাৰ বগীবাৰী অঞ্চলটো ধান আৰু সৰিয়হৰ বাবে বিখ্যাত। বগীবাৰীত লগ পোৱা প্ৰদীপ তালুকদাৰ, মহেশ দাস নামৰ কৃষক দুজনে জনোৱা মতে অঞ্চলটোত প্ৰায় ৬০০ বিঘাত বৰো আৰু ১০০০ বিঘাত সৰিয়হৰ খেতি কৰা হয়। ১৫ বিঘাত শালি কৰিছিল। বছৰি তেওঁ প্ৰায় ৪০০ মোন বৰো ধান উৎপাদন কৰে। তাৰে ২০০ মোন তেওঁ বিক্ৰী কৰে। মহেশ দাসৰ নিজা মাটি নাই। কিন্তু তেওঁ অইনৰ মাটি খেতি কৰিবৰ বাবে ঠিকাত লৈছে। নিজৰ মাটি নথকা দাসেও বছৰত ১৫০ মোন বৰো ধান বিক্ৰী কৰিব পাৰে। দুয়োজন কৃষকে জনালে-‘চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা আছে বাবে আমি পানীৰ বাবে চিন্তা কৰিব নালাগে। বৰষুণ কম হ’লেও চিন্তা নকৰোঁ’। সেইবাবেই আমাৰ পথাৰত ধান বা সৰিয়হ জলসিঞ্চনৰ ব্যৱস্থা নথকা পথাৰতকৈ বেছি হয়। পথাৰত পানী যোগান ধৰা বাবে বছৰেকত আমি ৫০ টকা বিভাগক দিলেই হ’ল। তালুকদাৰ আৰু দাসৰ মন্তব্য- অসমৰ বেছিভাগ কৃষকৰ পথাৰতেই জলসিঞ্চনৰ ব্যৱস্থা নাই। বৰষুণেই তেওঁলোকৰ ভৰসাৰ থলী। সেইসকল কৃষকৰ অসুবিধা আমি অনুভৱ কৰিব পাৰোঁ।

লিখক: অৰূপ শাণ্ডিল্য।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate