অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কংক্ৰিটৰ অৰণ্যত ছাতৰ ওপৰতে কৃষিকৰ্ম

কংক্ৰিটৰ অৰণ্যত ছাতৰ ওপৰতে কৃষিকৰ্ম

নগাওঁ চহৰৰ মাজমজিয়াৰ লাওখোৱা পথৰ কাষত থকা চাহ-ভাতৰ এখন দোকান। দোকানখনৰ স্বত্বাধিকাৰী হৈছে দিগন্ত দাস। কৰ্মব্যস্ত এক জীৱন। কিন্তু তাৰ মাজতো অৱসৰৰ মুহূৰ্তত কৃষি কৰ্মত নিজকে নিয়োজিত কৰি ভাল পায় যুৱকজনে। কিন্তু নগাওঁ চহৰৰ মাজমজিয়াত কংক্ৰিটৰ অৰণ্যৰ মাজত খেতি কৰাৰ বাবে মাটি পাব ক’ত? অৱশ্যে মন কৰিলে ছন, বাকৰি মাটিতে ধন। দিগন্ত দাসৰ কৃষি কৰ্মত নিজকে নিয়োজিত কৰি ৰখাৰ অদম্য ইচ্ছাক মাটিৰ অভাৱে বাধা দি ৰাখিব নোৱাৰিলে। নিজৰ ‘মুনু-মাইনা ৰেষ্টুৰেণ্ট’ নামৰ চাহ-ভাতৰ দোকানখনৰ ছাতৰ ওপৰতে তেওঁ আৰম্ভ কৰিলে কৃষি কৰ্ম। আৰম্ভ হ’ল কংক্ৰিটৰ নগৰীক সেউজীয়া কৰাৰ এক অভিযান। ‘দৈনিক অসম’ৰ খেতিপথাৰ পৃষ্ঠাৰ বাবে বাতৰিৰ সমল বিচাৰি আমি যেতিয়া দিগন্ত দাসৰ ৰেস্তোৰাঁ পাইছিলো, তেতিয়া বেলি লহিয়াইছিল। ৰেস্তোৰাঁত গ্ৰাহকৰ লগত ব্যস্ত থকা দিগন্ত দাসক কৈছিলো আমাৰ উদ্দেশ্যৰ কথা। ৰেস্তোৰাঁৰ ছাতৰ ওচৰলৈ লৈ গৈছিল তেওঁ। দেখিছিলো সৰু এখন ছাতত যত্নসহকাৰে তেওঁ কৰা খেতি। ফুলৰ গছৰপৰা ফলৰ গছ, শাক-পাচলিৰ গছলৈ সকলোৱে আছিল তেওঁৰ এই সৰু বাগিচাখনত। টাবত ৰোৱা দুজোপামান নেমুগছত লাগি আছিল নেমু। দিগন্তই আমাক দেখুৱাই দিছিল টাবতে ৰুই বিজ্ঞানসন্মতভাৱে উৎপাদন কৰা আম, মধুৰিআমৰ গছ। তেওঁ কৈছিল, ‘চাপৰতে এই গছত ফল লাগে। হাইব্ৰীড প্ৰজাতিৰ এনে ফলৰ গছ ৰোপণ কৰিবৰ বাবে বেছি ঠাইৰ প্ৰয়োজন নহয়’। দিগন্ত দাসৰ সৰু বাগিচাখনত মধুৰিআম, আম, নেমুৰ উপৰি তগৰ, জৱা, ৰজনীগন্ধা, ডালিয়া, গোলাপ আদি বিভিন্ন ফুলৰ গছ আছে। তদুপৰি জিকা, ভোল, বিলাহী, ৰঙালাও আদি শাক-পাচলিৰ খেতিও কৰিছে তেওঁ। দাসে জনায় যে বজাৰত উপলব্ধ শাক-পাচলি, ফল-মূল আদিত ব্যাপক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। সেয়ে ব্যৱসায়িক লাভালাভৰ বাবে উৎপাদিত শাক-পাচলি, ফল-মূল আদি খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ ছাতৰ ওপৰতে ঘৰুৱাভাৱে এখন সৰু বাগিচা তৈয়াৰ কৰি লৈছে, যাতে কেৱল জৈৱিক সাৰ প্ৰয়োগ কৰি প্ৰস্তুত কৰা শাক-পাচলি, ফল-মূল আদি খাব পাৰে। দিগন্ত দাসে তেওঁৰ ক্ষুদ্ৰ বাগিচাখনত দিবৰ বাবে ওচৰৰ গাওঁ অঞ্চলৰ পৰা শুকান গোবৰ সংগ্ৰহ কৰে। ইপিনে, লাওখোৱা পথতে থকা সাংবাদিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যয়ো তেওঁৰ বাসগৃহৰ ছাততে পাতি লৈছে এখন ক্ষুদ্ৰ বাগিচা। এই বাগিচাখনতো জিকা, বিলাহী, ৰঙালাও, তিয়ঁহ, লেছেৰা মাহ আদি বিভিন্ন শাক-পাচলি উৎপাদিত হৈছে। মূলত: ৰহাৰ বাসিন্দা সাংবাদিক ভট্টাচাৰ্য কৰ্মসূত্ৰে নগাওঁ চহৰৰ বাসিন্দা হৈ পৰে। ৰহাত থকাৰ সময়ত বিভিন্ন কৃষি কৰ্মৰ লগত জড়িত সাংবাদিকজনে কৰ্মব্যস্ততাৰ অৱসৰৰ মুহূৰ্তত বাসগৃহৰ ছাতৰ ওপৰত থকা শাক-পাচলিৰ ক্ষুদ্ৰ বাগিচাখনৰ লগত জড়িত হৈ ভাল পায়। বাগিচাখন প্ৰতিপালন কৰাত পত্নীয়েও তেওঁক সহায় কৰে। ভট্টাচাৰ্যই জনোৱা মতে, ক্ষুদ্ৰ পৰিসৰত হ’লেও নিজে উৎপাদন কৰা সতেজ শাক-পাচলি লাভৰ বাবে আৰু মনটোক প্ৰফুল্ল কৰিবৰ বাবেই তেওঁ এই বাগিচাখন পাতি লৈছে। উল্লেখ্য, যি সময়ত অফুৰন্ত সময় অথবা গ্ৰাম্যাঞ্চলত অজস্ৰ মাটি থকাৰ পিছতো একাংশ যুৱক-যুৱতীয়ে ব্যৱসায়িক দৃষ্টিভংগীৰেতো দূৰৈৰে কথা, নিজে খাবৰ বাবেও শাক-পাচলি, ফল-মূলৰ খেতি কৰিবলৈ অনিচ্ছুক, তেনে সময়ত ব্যৱসায়ী দিগন্ত দাস আৰু সাংবাদিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা বাস্তৱিকতে প্ৰশংসনীয়।

লিখক: চন্দনজ্যোতি বৰা, দৈনিক অসম।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate