অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঠোৰ পৰিশ্ৰমেৰে প্ৰতিষ্ঠিত দুগ্ধ ব্যৱসায়ী পংকজ হাজৰিকা

কঠোৰ পৰিশ্ৰমেৰে প্ৰতিষ্ঠিত দুগ্ধ ব্যৱসায়ী পংকজ হাজৰিকা

সম্প্ৰতি অসমৰ অন্যতম লাভজনক তথা উৎকৃষ্ট ব্যৱসায় হ’ল দুগ্ধ উৎপাদন। এই দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত উজনি অসমৰ বিখ্যাত যোৰহাট জাঁজীমুখ অঞ্চলৰ গাখীৰৰ ব্যৱসায় ক্ৰমাৎ অধিক জনপ্ৰিয় হৈ উঠিছে। উল্লেখ্য যে জিলাখনৰ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত জাঁজীমুখ অঞ্চলৰ প্ৰায় ৩০ খন গাঁৱৰ ৯০ শতাংশ লোকেই গৰু-ম’হ পালনত জড়িত। যোৰহাট নগৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বৰ ব্ৰক্ষ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলটোৰ কৃষকৰ ধানখেতি বছৰি নদীখনৰ বানে অনিষ্ট কৰাৰ বাবে তেওঁলোকৰ কৃষিভূমিত সম্প্ৰতি ধানৰ পৰিৱৰ্তে ঘাঁহৰ খেতি কৰি গৰু-ম’হ পালন কৰে। বিকল্প জীৱন-জীৱিকাৰ সন্ধান কৰি লোৱা অঞ্চলটোৰ শ্ৰমজীৱি কৃষকে পালন কৰা গৰু-ম’হৰ পৰা নিতৌ যথেষ্ট পৰিমাণৰ গাখীৰ উৎপাদন কৰে। আনহাতে তেওঁলোকে উৎপাদন কৰা ঘাঁহ নিজে ব্যৱহাৰ কৰাৰ লগতে নিতৌ অঞ্চলটোৰ পৰা প্ৰায় ২ হেজাৰ মুঠাৰ অধিক ঘাঁহ বিক্ৰী কৰে। যথেষ্ট মিঠা আৰু আঠাযুক্ত বাবে জনপ্ৰিয় জাঁজীমুখৰ দৈৰ ব্যৱসায়েই অঞ্চলটোৰ অধিকাংশ লোক আৰু নিবনুৱা উপাৰ্জনক্ষম হোৱাৰ মাজতে সুফল দুগ্ধ ব্যৱসায়েৰে আদৰ্শ কৰ্ম-সংস্কৃতিৰ বুনিয়াদ গঢ়িছে অঞ্চলটোৰ ফুকনবাৰী গাঁৱৰ বিনন্দ হাজৰিকাৰ পুত্ৰ পংকজ হাজৰিকাই। চাইকেলত গাখীৰ কঢ়িয়াই ৩০ কিলোমিটাৰ দূৰত্বৰ নগৰৰ হোটেলত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া দেউতাকৰ ব্যৱসায়ক আত্মনিৰ্ভৰশীলতাৰ পথ হিচাপে গ্ৰহণ কৰিছিল শিক্ষিত যুৱক পংকজ হাজৰিকাই। প্ৰথমে দেউতাকৰ দৰেই তেওঁ চাইকেল অথবা বাছেৰে গাখীৰ কঢ়িয়াই নগৰৰ হোটেল আৰু মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰে। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে কৰা তেওঁৰ এই ব্যৱসায়ৰ লাভৰ ধনেৰে আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে তৰাজান এ টি ৰোডত হাজৰিকা গাখীৰ মহল নামেৰে এটা দুগ্ধ তথা দুগ্ধজাত সামগ্ৰী বিক্ৰী কেন্দ্ৰ গঢ়ি তোলে। তেওঁৰ উক্ত প্ৰতিষ্ঠানত গৰুৰ এৱা গাখীৰ বিক্ৰী কৰা উপৰি অঞ্চলটোৰ পৰা সংগ্ৰহ কৰা গাখীৰে তেওঁৰ নিজৰ ঘৰতে প্ৰস্তত কৰা দৈ, ক্ৰীম, পনীৰ, গৰু ঘিউ, মিঠা দৈ, চানা আদি বিক্ৰী কৰে। আনহাতে তেওঁ সংগ্ৰহ কৰা এৱা গাখীৰ নগৰৰ কেইবাখনো আগশাৰী মিঠাই দোকানলৈ যোগান ধৰে। এইদৰে তেওঁ প্ৰতিদিনে প্ৰায় ৬০ লিটাৰ এৱাঁ গাখীৰ, ১০০ লিটাৰ মহ’ৰ দৈ আৰু ৬-৭ কিলোগ্ৰাম পনীৰ বিক্ৰী কৰে। ব্যৱসায়ত মাহে প্ৰায় ২ লাখ টকা লেনদেন কৰাৰ লগতে বিশেষকৈ বিহুৰ সময়ত যথেষ্ট লাভ অৰ্জন কৰা ব্যৱসায়ীজনে সেই সময়ত প্ৰতিদিন প্ৰায় ২ কুইন্টল ক্ৰীম বিক্ৰী কৰে। সম্প্ৰতি উক্ত ব্যৱসায়ত ৮ জনকৈ কৰ্মচাৰী নিয়োগ কৰি ৰখা ব্যক্তিজনৰ ঘৰত প্ৰস্তুত কৰা দুগ্ধজাত সামগ্ৰী নিজে ক্ৰয় কৰা মালবাহী গাড়ীৰে সৰবৰাহ কৰে। বিয়া-সবাহ আদিলৈও অৰ্ডাৰমতে দৈ-ক্ৰীম আদি যোগান ধৰা তেওঁৰ প্ৰতিষ্ঠানত চিৰা, মুৰি আদি জলপানো বিক্ৰী কৰে। উৎকৃষ্টমানৰ দুগ্ধ তথা দুগ্ধজাত সামগ্ৰী যোগানৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰা উদ্যমী পংকজ হাজৰিকাই আন দহজনক আত্মনিৰ্ভৰশীল কৰি তোলাই নহয় সম্প্ৰতি তেওঁ যোৰহাটৰ এজন প্ৰতিষ্ঠিত দুগ্ধ ব্যৱসায়ী।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate