অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কল খেতিৰে স্বাৱলম্বী লাহৰীঘাটৰ দিলোৱাৰ হুছেইন

কল খেতিৰে স্বাৱলম্বী লাহৰীঘাটৰ দিলোৱাৰ হুছেইন

 

মৰিগাওঁ জিলাৰ ভুৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া হুগলতলি গাঁৱৰ দিলোৱাৰ হুছেইনে যোৱা ১০ বছৰ ধৰি ১০ বিঘা মাটিত মালভোগ খেতি কৰি স্বাৱলম্বী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।১৯৯৬ চনত স্নাতক ডিগ্ৰী লোৱাৰ পিছত এটা চাকৰিৰ বাবে বহুতো টকা-পইচা খৰচ কৰা সত্ত্বেও তেওঁ এটা চাকৰি লাভ কৰিবলৈ সক্ষম নহ’ল।অৱশেষত চাকৰিৰ আশা বাদ দি তেওঁ কৃষিকে জীৱিকাৰ সম্বল হিচাপে ল’বলৈ বাধ্য হ’ল।হুছেইনে জনোৱা মতে,তেওঁ প্ৰথম বছৰতেই সাহসেৰে ১০ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি অধিক উপাৰ্জনেৰে লাভাম্বিত হোৱাত বৰ্তমানলৈ সেইখিনি মাটিতে কল খেতি অব্যাহত ৰাখিছে।প্ৰতি বিঘা কল খেতিৰপৰা বছৰত তেওঁ ৫০-৬০ হাজাৰ টকা উপাৰ্জন কৰে।সেই অনুসৰি ১০ বিঘা মাটিত উৎপাদিত কল বিক্ৰী কৰি তেওঁ বছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰি আহিছে।কল খেতিৰ পৰিচৰ্যাৰ বাবদ বছৰত তেওঁৰ ২০ হাজাৰমান টকা খৰচ হয়।উল্লেখ্য যে উচ্চ শিক্ষিত কৃষকজনে কল খেতি সন্দৰ্ভত কোনো প্ৰ্শিক্ষণ লোৱা নাছিল।অঞ্চলটোত আন কৃষকসকলে কৰা খেতি দেখিয়েই তেওঁ নিজে কৃষি কৰ্মলৈ আগবাঢ়ি আহিছিল।আনহাতে,জিলাখনত এটা বিয়াগোম কৃষি বিভাগ আছে যদিও ৰাজহ চক্ৰটোৰ কল খেতিয়কসকলক বিভাগটোৰ কোনো এজন বিষয়া-কৰ্মচাৰীয়ে গৈ আজিলৈ কোনোধৰণৰ দিহা-পৰামৰ্শ দিয়া নাই।ফলত আন কৃষকসকলৰ লগতে এইজন শিক্ষিত কল খেতিয়কেও কেতিয়াবা অচিন ৰোগত আক্ৰান্ত হোৱা কল খেতিক লৈ বিমোৰত পৰি আহিছে।তথাপি এনেবোৰ সমস্যাৰ মাজতে কৃষকজনে কম খৰচত অধিক উপাৰ্জনেৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।বৰ্তমান ৰাজ্যখনৰ শিক্ষিত নিবনুৱাসকলক চাকৰিৰ নামত দালালক ধন দি দৌৰি ফুৰাৰ বিপৰীতে সুবিধা থাকিলে উন্নত পদ্ধতিৰে কল খেতি বা অন্য কৃষি কাৰ্যত নিয়োজিত হৈ স্বাৱলম্বী হ’বলৈ তেওঁ আহ্বান জনায়।

লেখক:বিষ্ণু ডেকা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate