দেৰগাঁও চহৰৰ দক্ষিণ-পূৱ দিশৰ এক ভিতৰুৱা কৃষি প্ৰদান অঞ্চল কাকডোঙা। এই কাকডোঙা অঞ্চলৰে কুমাৰ গাঁৱৰ প্ৰায় ৫০ টি পৰিয়ালে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সজীৱ কৰি ৰাখিছে তেওঁলোকৰ পূৰ্ব পুৰুষৰ দিনৰ পৰা চলাই অহা কলহ (মৃৎ)শিল্প। উল্লেখযোগ্য যে কুমাৰ সম্প্ৰদায়ৰ পৰিয়ালসমূহে কৃষি কৰ্মৰ লগতে এই শিল্পটো জীয়াই ৰখাৰ পূৰ্ণ প্ৰয়াস কৰিছে। এই শিল্পৰ জৰিয়তে পৰিয়ালসমূহ আত্মনিৰ্ভৰশীল হোৱাৰ লগতে দহৰ কাৰণে আদৰ্শও হৈছে। এক লক্ষণীয় বিষয় যে কুমাৰ গাঁওখনৰ মৃৎশিল্প জীয়াই ৰখাৰ ক্ষেত্ৰত ইয়াৰ মহিলাসকলৰ যথেষ্ট অৱদান আছে। মহিলাসকলে একমাত্ৰ পাকঘৰটোত অথবা কৃষিকৰ্মতে জড়িত হৈ নাথাকি কলহ শিল্পত মনোনিৱেশ কৰিছে।প্ৰায়বিলাক কৃষক পৰিয়ালৰ ঘৰতে পূৰ্ণগতিত চলিছে মাটিৰ কলহ আৰু চাকি বনোৱা কাৰ্য্য। ইয়াৰ মহিলাসকলৰ যেন অকণো আহৰি নাই, ব্যস্ত নিজ কামত। জানিব পৰামতে মহিলাসকল এই কৰ্মত পাকৈত। এই মৃৎশিল্পত অকল যে মহিলাসকলেই ব্যস্ত এনে নহয় পুৰুষসকলো ব্যস্ত। পুৰুষসকলৰ ব্যস্ততা পিচে অলপ হ’লেও কম, কিয়নো তেওঁলোক অন্য কাৰ্য্যতো জড়িত হ’ব লাগে। মহিলাসকলে মাটিৰ কলহ আৰু চাকিখিনি বনোৱাৰ কেঁচা কামটো কৰে, যেতিয়া এইসমূহ কেঁচা সামগ্ৰী শুকাই তেতিয়া পুৰুষসকলে নিজ বাৰীতে নিৰ্মাণ কৰি উলিওৱা জুইৰ ভাতীত এইসমূহ নিয়মমতে ভৰায় আৰু কেইবাদিনো জুই দি থাকে। ইয়াৰ পিছতে কলহ-চাকিসমূহে পূৰ্ণতা পায় আৰু বজাৰলৈ ওলাই যায়। উল্লেখযোগ্য যে গঞাই অশেষ কষ্টৰে এই কৰ্ম সম্পাদন কৰে যদিও কিন্তু এওঁলোকে উচিত মূল্য নাপায়। কলহ-চাকিৰ বিক্ৰীৰ ক্ষেত্ৰত স্থানীয়ভাৱে কোনো বজাৰ নথকাৰ বাবে দূৰ-দূৰণিত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট আদিত বিক্ৰী কৰিবলৈ নিব লাগে। এনে ক্ষেত্ৰত যাতায়তৰ খৰচ বৃদ্ধি পায় আৰু কেতিয়াবা মধ্যভোগীৰ সহায়ো ল’ব লগা হয়। পৰিণতিত এওঁলোকৰ লাভৰ পৰিমাণ হ্ৰাস পায়।
উৎস: অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 3/5/2020