অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলাৰ খেতিৰে উজলিছে নলবাৰীৰ যুৱক :

কাঠফুলাৰ খেতিৰে উজলিছে নলবাৰীৰ যুৱক :

 

এটি চৰকাৰী চাকৰি বা উপযুক্ত কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ অগণিত যুৱক-যুৱতীয়ে হাবাথুৰি খাই থকাৰ সময়তে নলবাৰী লজিলাৰ বৰঝাৰৰ যুৱক হেমন্ত নাথে নিজ কৰ্মদক্ষতাৰে কাঠফুলাৰ খেতি কৰি নিজে সংস্থাপিত হোৱাৰ লগতে আন দহজনক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে গ্ৰাহক সমাজক তেওঁ যোগান ধৰিব পাৰিছে স্বাস্থ্যসন্মত সুস্বাদু খাদ্য। অশেষ কষ্ট তথা বুদ্ধিমত্তাৰে নিজৰ ঘৰতে কাঠফুলাৰ খেতি কৰি হেমন্ত নাথে শেহতীয়াভাৱে বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মনকৰিবলগীয়া যে নলবাৰী জিলাৰ কেন্দুকুছিৰ মিতুল শৰ্মাৰ দৰে বৰঝাৰৰ হেমন্ত নাথেও কৃষিভূমি অবিহনে অতি কম ধন বিনিয়োগ কৰি কাঠফুলাৰ খেতিৰে লাভৱান হৈছে। বছৰটোৰ প্ৰায়ভাগ সময়তে উপলব্ধ হ’ব পৰাকৈ নাথে বিভিন্ন প্ৰকাৰৰ কাঠফুলা উৎপাদন কৰিছে। হেমন্ত নাথে ২০১৫ বৰ্ষত এই খেতি আৰম্ভ কৰি দুবছৰতেই অধিক লাভৱান হোৱা বুলি জানিবলৈ দিছে। শেহতীয়াভাৱে এটা ব্যক্তিগত খণ্ডৰ স্বেচ্ছাকাৰী সংস্থাৰ প্ৰচেষ্টাত তথা গ্ৰামীণ বিকাশ কো-অ’পাৰেটিভ ছ’চাইটী লিমিটেডৰ সহায়ত ব্যাপক হাৰত কাঠফুলা খেতি কৰি আছে। তেওঁ প্ৰতিদিনে ৬০ৰ পৰা ৭০ কিলোগ্ৰাম কাঠফুলা উৎপাদন কৰে। হেমন্ত নাথে নলবাৰী, বাকসা, ওদালগুৰি, চিৰাং আদিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো উৎপাদিত কাঠফুলা বিক্ৰী কৰে। দেশৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ লগতে আন খেতি-বাতিৰ প্ৰশিক্ষণ লোৱা এইজন যুৱকৰ খেতিত আন দহগৰাকী পুৰুষ-মহিলাও নিয়োজিত হৈ পৰিয়ালক সকাহ দিব পাৰিছে। সম্প্ৰতি হেমন্ত নাথ আন যুৱকৰ বাবে এক আদৰ্শ হৈ পৰিছে।

লেখক: মনোজ শৰ্মা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate