অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাৱৈমাৰী গাঁৱৰ আদৰ্শ কৃষক দশৰথ ৰয়

কাৱৈমাৰী গাঁৱৰ আদৰ্শ কৃষক দশৰথ ৰয়

সমগ্ৰ দেশৰ ভিতৰতে খাদ্য শস্য ধান উৎপাদনত অসম অন্যতম। বানপানী,খৰাংসদৃশ পৰিস্থিতিতো অসমৰ কৃষিজীবি ৰাইজে ধান উৎপাদনত গুৰুত্ব দি আহিছে।ধানৰ প্ৰধানত আহু শালি আৰু বাও এই তিনিওটা খেতিয়ে অসমৰ কৃষিজীৱি ৰাইজে ধান উৎপাদনত গুৰুত্ব দি আহিছে।ধানৰ প্ৰ্ধানত আহু শালি আৰু বাও এই তিনিওটা খেতিয়ে অসমৰ কৃষিজীবি ৰাইজে কৰে।অৱশ্যে বৰ্তমান অসমত কৃষকসকলে কৰিবলৈ লোবা ধান খেতি আৰু বীজৰ নাম ভিন ভিন।বিশেষকৈ বৈজ্ঞানিক নামেৰে পৰিচিত বিভিন্ন প্ৰ্জাতিৰ ধানে অসমৰ পথাৰ শোভা কৰিছে। অসমৰ কৃষকে গ্ৰীষ্ম আৰু খৰাং দুয়োটা বতৰতে ধান খেতি কৰিব লৈছে।স্ং-স্ংহত শস্য সুৰক্ষা ব্যৱস্থাপনাই ধান শস্যবিধৰ ৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিছে।অসমৰ পৰম্পৰাগত ধান খেতিৰে তেনে অধিক উৎপাদনমুখী কাৰ্য্য আৰু ব্যৱস্থাপনাই শিক্ষিত উদ্যমী কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে।এইক্ষেত্ৰত বৰপেটা জিলাৰ কাৱৈমাৰী গাঁৱৰ দশৰথ ৰয় অন্যতম।তেওঁ প্ৰায় ৩৩ বছৰ সৈনিক বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহনৰ পিছত ঘৰতে বহি নাথাকি খেতিৰ মাটি ডৰাত ব্যস্ত হৈ পৰে। এক কথাত সৈন্য বাহিনীৰ ই এম বিভাগৰ প্ৰাক্তন চুবেদাৰ মেজৰ দশৰথ ৰয় হল আদৰ্শৱান খেতিয়ক।তেওঁ নিজ প্ৰ্চেষ্ঠাৰে অধিক ধান উৎপাদনত গুৰুত্ব দি আহিছে।খৰাং অথবা ভয়াবহ বানৰ মাজতো ৰাসায়নিক সাৰবিহীন আদৰ্শমূলক ধান খেতি কৰি তেওঁ লাভৱান হৈছে।বিশেষকৈ দশৰথ ৰয়ে নিজে উৎপাদন কৰা খলিহা,কেচুমতা সাৰ আৰু গোৰৰ খেতিপথাৰত প্ৰয়োগ কৰে।তদুপৰি তেঁও প্ৰয়োজন অনুসৰি ধান উৎপাদনৰ বাবে কীটনাশক বা ভেকুৰঁ নাশক দ্ৰব্য বিজ্ঞানসন্মত্ভাবে ব্যৱহাৰ কৰে।নিষ্ঠাৱান খেতিয়ক দশৰথ ৰয়ে বিগত সময়ছোবাত প্ৰায় ২০ বিঘা মাটিত শালিধানৰ বিভিন্ন জাত,যেনে—ৰঞ্জিত,মাছুৰী,ৰাজশ্ৰী আদিৰ খেতি কৰি অধিক লাভন্বিত হয়।ইয়াৰ বাবে তেওঁ প্ৰ্তি বছৰে অসম বীজ সংগ্ৰহ কৰে।দশৰথ ৰয়ে জনোবা মতে২০১২ চনত তদানীন্তন কৃষিমন্ত্ৰী প্ৰ্মিলা ৰানী ব্ৰ্ক্ষই তেওঁৰ আই আৰ ৩৬ আদৰ্শমুলক খেতি চপোবাৰ সময়ত পৰিদৰ্শন কৰিছিল।ৰয়ে তেওঁক খেতিৰ সা-সজুলিঁ গ্ৰামসেৱক আৰু এ ডি অই যোগান ধৰি আহিছে বুলি উল্লেখ কৰে।দশৰথ ৰয় ফাগুন-চত মাহত শ্ৰীপদ্ধতিত ধান খেতি কৰি বৰপেটা জিলাৰ এচাম আগশাৰীৰ খেতিয়ক হব পাৰিছে।২০১৫ বৰ্ষত দশৰথ ৰয়ৰ তত্বৱধানত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ গোলিবন্ধা ব্লকৰ অন্তৰ্গত ছাগলচাৰী গাৱঁৰ উদ্যমী যুৱক মনোৰঞ্জন কলিতা আৰু তেওঁৰ সপৰিয়ালেও JKRH-401 আৰু PAC-437 ধানৰ ৮ বিঘা মাটিত খেতি কৰি বিঘাই ২৭-২৮ মোন ধান লাভ কৰে।দশৰথ ৰয়ৰ এনে ঐকান্তিক প্ৰ্চেষ্ঠাৰে ধান খেতিৰ প্ৰ্তি থলুবা কৃষক ৰাইজৰ মন আকৰ্ষন কৰাত সহায় কৰিছে।এইক্ষেত্ৰত তেওঁৰ মত হল—উন্নত কৃষি প্ৰ্নালীৰ দ্বাৰা উৎপাদনৰ বৃদ্ধি কৰি দেশক খাদ্য সুৰক্ষা প্ৰ্দান কৰাৰ ক্ষেত্ৰত কৃষিৰ সৈতে জড়িত প্ৰ্তিজন লোক বিজ্ঞানী তথ কৃষি সম্প্ৰ্সাৰন কৰ্মীৰ প্ৰ্ধান দায়িত্ব আছে।আনহাতে তেওঁ বছৰি এবিঘা মাটিত বেঙেনা দুবিঘা মাটিত আলু এবিঘা মাটিত কবি-মুলা তিনি বিঘা মাটিত মাহ খেতি আৰু এবিঘা মাটিত মচুৰ খেতি কৰি লাভৱান হোৱা বুলি জনায়।আদৰ্শবান খেতিয়ক দশৰথ ৰয়ে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ খেতি আৰু খেতিয়ক শিতানত অংশগ্ৰহন কৰি থলুবা কৃষকসকলক নানা দিহা-পৰামৰ্শ আগবঢ়াই আহিছে।তেওঁৰ কৰ্মময় জীবনে নৱপ্ৰ্জন্মক উদ্বুদ্ধ কৰাৰ লগতে উদ্যমী কৰি তুলিব বুলি কব পাৰি।

লিখক: অনন্ত বৰ্মন।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate