অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁহিয়াৰ খেতিৰে লাভৱান কৃষকঃ

কুঁহিয়াৰ খেতিৰে লাভৱান কৃষকঃ

 

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বৃহত্তৰ মন্দিয়া অঞ্চলৰ কৃষকে অভিলেখ সংখ্যক আলু উৎপাদন কৰি লোকচানৰ সন্মুখীন হোৱা সময়তে অঞ্চলটোৰ একাংশ কৃষকে কুঁহিয়াৰ খেতি কৰি আৰ্থিকভাৱে লাভান্বিত হৈছে। বৃহত্তৰ মন্দিয়া অঞ্চলৰ বামুণদংৰা আৰু মৌৰীগাঁৱৰ প্ৰায় কুৰিজনতকৈ অধিক কৃষকে এই বছৰ শতাধিক বিঘা মাটিত কুঁহিয়াৰ খেতি কৰা বুলি জানিবলৈ দিয়ে। অঞ্চলটোৰ কুঁহিয়াৰ খেতিয়কসকলে কুঁহিয়াৰ উৎপাদন কৰিবলৈ প্ৰতিবিঘা মাটিত ১২ৰ পৰা ১৫ হেজাৰলৈকে টকা ব্যয় কৰে। প্ৰতি বিঘা খেতিত ১৪-১৫ কুঁহিয়াৰৰ গুৰ (মিঠাই) উৎপাদন কৰা বুলি বামুণদংৰা গাঁৱৰ কৃষক ওচমান গণি, মৌৰীগাঁৱৰ ফাজিল শিকদাৰ আদি কুঁহিয়াৰ খেতিয়কে জানিবলৈ দিয়ে। কুঁহিয়াৰ খেতিয়কসকলে স্থানীয়ভাৱে গুৰ উৎপাদন কৰি প্ৰতি কুইণ্টল ৫ হেজাৰৰ পৰা ৫২০০-৫৩০০ টকালৈকে মন্দিয়া বজাৰত পাইকাৰী মূল্যত বিক্ৰী কৰে। এইদৰে প্ৰতিবিঘা কুঁহিয়াৰ খেতিৰ পৰা ৪০ৰ পৰা ৪৫ হেজাৰ টকালৈকে গুৰ বিক্ৰী কৰি ২০ৰ পৰা ২৫ হেজাৰলৈকে প্ৰতিবিঘাত লাভ হোৱা বুলি মৌৰীগাঁৱৰ শ্বাহজামাল, বামুণদংৰাৰ ময়নাল হক আদি কৃষকে জানিবলৈ দিয়ে। অৱশ্যে মন্দিয়াৰ পৰা বাহিৰৰ বজাৰত বিক্ৰী কৰাৰ সুবিধা পালে অধিক মূল্য পাব বুলিও কৃষকসকলে জানিবলৈ দিয়ে। সম্প্ৰতি খাৰ্গী কুঁহিয়াৰৰ পৰা গুৰ উৎপাদন কৰি থকা কৃষকসকলে ইয়াৰ পাছতেই বতৰত ৰস থকা সাধাৰণ কুঁহিয়াৰৰ খেতিও প্ৰতিবছৰৰ দৰে কৰিব বুলি জানিবলৈ দিয়ে। ১৯৮৪-৮৫ চনৰ পৰাই কুঁহিয়াৰৰ খেতি কৰি অহা বামুণদংৰা, মৌৰীগাঁৱৰ খেতিয়কসকলে চৰকাৰৰ কোনো ঋণ নাইবা সা-সুবিধা পোৱাতো দূৰৰে কথা কুঁহিয়াৰ খেতিৰ বাবে পৰামৰ্শ আদি দিবলৈ কোনো বিষয়া, গ্ৰামসেৱক আজিকোপতি গাঁও দুখনৰ খেতিপথাৰত পদাৰ্পণ কৰা নাই বুলি খেতিয়কসকলে জানিবলৈ দিয়ে। গাঁও দুখনৰ কুঁহিয়াৰ খেতিয়কসকলক চৰকাৰৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই সা-সুবিধা আগবঢ়াই উৎসাহিত কৰিলে অঞ্চলটোৰ দৰিদ্ৰ কৃষকসকলেও কুঁহিয়াৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ গুৰৰ চাহিদা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব বুলি কৃষক ৰাইজে মত প্ৰকাশ কৰিছে।

(উৎসঃ অসমীয়া খবৰ)।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate