অসমৰ ৮০ শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও কৃষক সকলৰ বাবে ৰুপায়ণ কৰা আঁচনি সমুহৰ পৰা লাভৱান হোৱা নাই প্ৰকৃত কৃষক| একাংশ মধ্যভোগী-দালালৰ পাকচক্ৰত পৰি কৃষি সেৱাৰ সা-সুবিধা বোৰৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ কৃষক সকল| তৎসত্বেও আতা-পিতাৰ দিনৰ পৰা কৰি অহা কৃষিকৰ্মক এৰি দিব পৰা নাই একাংশ কৃষকে| ৰাজ্যৰ ভিতৰতে পাছপৰা গোৱালপাৰা জিলাত প্ৰতিবছৰে বানপানীয়ে কৃষকৰ সেউজ কৃষিপথাৰ নষ্ট কৰি আহিছে| তাৰ পিছতো কিন্তু খৰালিতে কৃষিকাৰ্য আৰম্ভ কৰি খৰালিৰ ভিতৰতে সামৰিব পৰা ইৰি, বৰো আদি বিভিন্ন উন্নত প্ৰজাতিৰ ধানৰ খেতি কৰি আহিছে| প্ৰতি বিঘাত ৩০-৩৫ মোন ধান উৎপাদন হোৱা বিড়ি ২৮, পান, হীৰা ২, বালিয়া, চক্ৰ চাইনিছ, নকে, ইণ্ডো আমেৰিকা আদি উন্নত প্ৰজাতিৰ ধান জিলাখনৰ লক্ষীপুৰ, বগুৱান, গাইবান্ধা, ধুমেৰঘাট, গৌৰ নগৰ, হাছডোবা, বাঙালঝাৰ, চুনাৰী, শাকতোলা, সুতাৰপাৰা, শিমলীতোলা, গেৰুৱা, নৱাগত শিমলীতোলা, টোপলাখোৱা, ৰণুৱা, বহতি, শালমাৰা, টিপলাই, গৰুছটকা, বৰডোবা, বৰপথাৰ আদি অঞ্চলৰ কৃষকসকলে সম্পুৰ্ণ একক প্ৰচেষ্টাৰে কৰিছে| লহপহকৈ বাঢ়ি অহা সেউজীয়া পথাৰে কৃষকৰ মনত আশাৰ সঞ্চাৰ কৰিছে যদিও খৰালি সময়ত কৰা এই কৃষিকাৰ্যত কৃষিভুমি পানীৰে ওপচাই ৰাখিব লগা হোৱাৰ উপৰি সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব লগা হোৱাত খৰস্বান্ত হ’ব লগা হৈছে কৃষক সকল| চৰকাৰে খেতিপথাৰত পানী যোগান
আঁচনি ৰুপায়ণ নকৰাৰ বাবে কৃষকসকলে নিজাববীয়াকৈ চেল’ মেচিন বহুৱাই পানী যোগান ধৰিব লগা হৈছে| এনে অৱস্থাত ডিজেল, মলিবৰ মুল্যবৃদ্ধি, মেচিনৰ অংশৰো মুল্যবৃদ্ধিয়ে কৃষকসকলক বিপাঙত পেলাইছে| ইফালে, কপালৰ ঘাম মাটিত পেলাই কৰা কৃষকে ধানৰো উচিত মুল্য নোপোৱাৰ অভিযোগ উঠিছে| চৰকাৰে কৃষক সকলৰ উন্নয়নৰ বাবে ট্ৰেক্টৰ, পাৱাৰপাম্প, কৃষিজাত সামগ্ৰী, ধানৰ বীজ, সাৰ, কৃষিকাৰ্যত ব্যৱহৃত সা-সঁজুলি আদি যোগান ধৰে যদিও একাংশ মধ্যভোগীৰ বাবে প্ৰকৃত কৃষক সকলে এইসমুহ সামগ্ৰী লাভ নকৰে বুলি অভিযোগ উঠিছে| আনপিনে নাবাৰ্ডৰ জৰিয়তে কৃষক সকলক কৃষি ঋণ প্ৰদান কৰা হয় যদিও বেংকসমুহত একাংশ দালালে টকাৰ লেন-দেন কৰি ছদ্মবেশী কৃষকক এই ঋণ প্ৰদান কৰাত বঞ্চিত হ’ব লগা হয় প্ৰকৃত কৃষক|
লেখক:- জ্যোতিষ নাথ,টিপলাই,গোৱালপাৰা
দূৰভাষ:৮৪৮৬৮৬০৪৮১