অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি কৰ্মৰে আৰ্থিকভাৱে সচ্ছল হাতীচোঙৰ কণপাই বৰা

কৃষি কৰ্মৰে আৰ্থিকভাৱে সচ্ছল হাতীচোঙৰ কণপাই বৰা

 

যোৱাটো শতিকাৰ সত্তৰৰ দশকৰ কথা।সেই সময়ত এটা চৰকাৰী চাকৰি লাভ কৰাটো বৰ জটিল নাছিল।শিক্ষাগত অৰ্হতা বিশেষ নাথাকিলেও সৰু-সৰা হ’লেও চৰকাৰী চাকৰি বিচৰাসকলে চাকৰি লাভ কৰিছিল।কিন্তু সেই সময়তে তেনে ধৰণৰ কোনো চৰকাৰী চাকৰিৰ প্ৰতি মোহ নকৰি কৃষিকৰ্ম আৰু ব্যৱসায়তহে মনোনিৱেশ কৰিছিল এজন যুৱকে।প্ৰথম অৱস্থাত নগাঁও জিলাৰ কাকীত কৃষিকৰ্ম কৰি সফল হোৱা সেই সময়ৰ যুৱকজন পৰৱৰ্তী সময়ত বৃহত্তৰ হাতীচোং অঞ্চলৰ এজন আদৰ্শ কৃষক হিচাপে পৰিগণিত হৈ পৰে।সম্প্ৰতি প্ৰায় ৬৫ বছৰ গৰকা এই কৃষকজন হৈছে কণপাই বৰা।কেৱল কৃষি আৰু ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি আৰ্থিকভাৱে তেওঁ হৈ পৰিল প্ৰতিপত্তিশালী।কণপাই বৰাই পুব হাতীচোঙাৰ পথাৰত থকা প্ৰায় ৮৫ বিঘা মাটিত শালি আৰু বাওধানৰ খেতি কৰে।বিঘাই প্ৰতি ১৫ ৰ পৰা ২০ মোন পৰ্যন্ত ধান তেওঁ লাভ কৰে।অৱশ্যে কোনো কোনো মাটিত ধানৰ পৰিমাণ কম হয়।সেই অনুযায়ী বছৰি ৮০০ ৰ পৰা ১,০০০ মোন পৰ্যন্ত ধান তেওঁ লাভ কৰে।ধানৰ ভিতৰত তৰাবাও আদি অধিক উৎপাদনশীল ধানৰ খেতি তেওঁ কৰে।তদুপৰি ,বছৰি প্ৰায় ৩০ বিঘা মাটিত সৰিয়হ,মগু মাহ,মাটি মাহ আদিৰ খেতি কৰে।সৰিয়হ বিঘাই প্ৰতি চাৰি মোন বা ততোধিক উৎপাদন হয়।এই সৰিয়হ তেওঁ নগাঁৱৰ এটা মিঠাতেল প্ৰস্তুত কৰা প্ৰতিষ্ঠানত বিক্ৰী কৰে।কেৱল এয়াই নহয় ,জিকা,ভেণ্ডি,টুৰৈ আদি বিভিন্ন শাক-পাচলিৰো খেতি কৰে কণপাই বৰাই।বৰ্তমান তেওঁ প্ৰায় এবিঘা মাটিত ভেণ্ডিৰ খেতি কৰিছে।নগাঁও জিলাৰ পুব হাতীচোঙৰ পথাৰতেই নহয়,কাকীৰ পথাৰৰো প্ৰায় ৩৬ বিঘা মাটিত তেওঁ ধান,সৰিয়হ আদিকে ধৰি বিভিন্ন ধৰণৰ খেতি কৰিছে।কাকীৰ পথাৰত তেওঁ ‘পাইচাক’লৈ ১১০ বিঘালৈ খেতি কৰিছে (‘পাইকাচ’হৈছে এনে এক পদ্ধতি য’ত ভুমিৰ গৰাকীক বছৰটোৰ বাবে মুল্য দি ভুমিখিনিত খেতি কৰাৰ অধিকাৰ লোৱা হয়)।কৃষিকৰ্মৰ লগতে কণপাই বৰাৰ পুব হাতীচোঙৰ ব্ৰাহ্মণ গাঁৱত থকা বাসগৃহত আছে ১৬ জনীকৈ বিভিন্ন প্ৰজতিৰ গাইগৰু।ইয়াৰে ৯ জনী গাই গৰুৱে গাখীৰ দিয়ে।তেওঁ দৈনিক দুবাৰকৈ গাইগৰু খীৰায় আৰু প্ৰতিজনী গাইগৰুৱে দৈনিক ৭-৮ লিটাৰকৈ গাখীৰ দিয়ে।এই গাখীৰ লিটাৰে প্ৰতি ৩৫ টকাকৈ পুৰবী ডেইৰীত বিক্ৰী কৰে।বৰাই জনোৱা মতে,প্ৰতি সপ্তাহত গাইগৰুকেইজনীৰ খাদ্য হিচাপে ৫ বেগ চাপৰ,৩ বেগ পুৰবী,মাকৈ গুৰা ১৫ কিলোগ্ৰাম,খলিহৈ ৪ কিলোগ্ৰাম আদিৰ লগতে আনুস্ংগিক খাদ্য লাগে।গাই গৰুৰ খাদ্যৰ বাবেই তেওঁ প্ৰায় ৩ বিঘামান মাটিত ঘাঁহ খেতিও কৰিছে।ঘাঁহৰ খেতি হিচাপে তেওঁ নেপিয়াৰ,ৰীণা আদি উন্নত প্ৰজাতিৰ ঘাঁহৰ মুঢ়া আনি ৰোপণ কৰিছেহি।বৰাই জনোৱা মতে,তেওঁৰ তাত থকা গাইগৰুৰ  ভিতৰত হলেষ্টেইন ফ্ৰিজিয়ান,জাৰ্চি,মুণ্ডি আৰু বৰ্ণস্ংকৰ গাইগৰু আছে।প্ৰথম অৱস্থাত তেওঁ আমলিঘাট আৰু কঠীয়াতলীৰ পৰা গাইগৰু ক্ৰয় কৰিছিল।পিছত বহুকেইজনী উন্নতজাতৰ জাৰ্চি গাই ঘৰতে জন্ম হৈছে।কণপাই বৰাক জাৰ্চি গাই প্ৰতিপালন কৰা আৰু কৃষিকৰ্ম কৰাত তেওঁৰ দুই পুত্ৰ ৰতন বৰা আৰু ৰঞ্জন বৰাৰ লগতে দেৱীপ্ৰসাদ শৰ্মা নামৰ এজন লোকে সহায় কৰে।বৰাৰ কৃষিকৰ্ম কৰাৰ বাবে এখন ডাঙৰ ট্ৰেক্টৰ আৰু এখন মহেন্দ্ৰ ভান আছে।কৃষি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় অদ্যাপি তেওঁ লাভ কৰা নাই বুলি অৱগত কৰে।কণপাই বৰাই ‘দৈনিক অসম’ক কয়- ‘অসম এখন কৃষিপ্ৰধান ৰাজ্য।ইয়াত উপযুক্ত ধৰণৰে কৃষি কৰাৰ বহু সমল আছে।কোনো ধৰণৰ চৰকাৰী চাকৰি নকৰাকৈ কৃষি কৰ্ম কৰি বা কৃষিৰ লগত জড়িত কেৱল পৰিয়াল পোহপাল দিয়াই নহয়,আৰ্থিকভাৱেও প্ৰতিপত্তিশালী হ’ব পাৰি।সুদীৰ্ঘ দিন কৃষিকৰ্মৰ লগত জড়িত থাকি এই কথা আমি অনুভৱ কৰিছোঁ আৰু প্ৰমাণ সহকাৰে দাঙি ধৰিছোঁ।বৰ্তমানৰ নৱ-প্ৰজন্মই কৃষিকৰ্মৰ লগত জড়িত হ’বলৈ লজ্জা অনুভৱ কৰে বুলি আক্ষেপ কৰি তেওঁ কয়-‘ই শুভ লক্ষণ নহয়।কৃষি কাৰ্যত জড়িত থাকিলে শাৰীৰিক ব্যায়ামো হৈ থাকে।ই শৰীৰক সুস্থ ৰাখে আৰু মনো প্ৰফুল্লিত হৈ থাকে।কৃষকসকল স্বাধীনচিতীয়া ।সেয়ে স্বাৱলম্বী হোৱাৰ স্বাৰ্থতেই উঠি অহা প্ৰজন্ম কৃষি কাৰ্যৰ লগত জড়িত হ’বলৈ আগবাঢ়ি আহিব লাগে’।এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৃষি বিভাগ আৰু অন্যান্য বিভাগক সজাগতা সৃষ্টিৰ লগতে সহায় কৰিবলৈ তেওঁ আহ্বান জনায়।কণপাই বৰাই কয়-‘অসমৰ কৃষকসকলে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।কিয়নো জলসিঞ্চন বিভাগে পৰ্যাপ্ত পানী পথাৰত যোগান ধৰিব পৰা নাই।এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত’।

লেখক:চন্দনজ্যোতি বৰা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate