অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি কৰ্মৰে সমাজৰ আদৰ্শ হৈছে তামুলপুৰৰ যুৱক ধনেশ্বৰ ৰাভা

কৃষি কৰ্মৰে সমাজৰ আদৰ্শ হৈছে তামুলপুৰৰ যুৱক ধনেশ্বৰ ৰাভা

তামুলপুৰ মহকুমা সদৰৰ পৰা দহ কিলোমিটাৰ দূৰৈত আছে নতুন হাউলীৰ যুৱ কৃষক ধনেশ্বৰ ৰাভাৰ কৃষি পাম। ১০৫ বিঘা মাটিত ৰাভাই জীৱনৰ সোণোৱালী দিনৰ সপোন ৰচি নিজকে কৰ্ম ব্যস্ত কৰি আন কুৰিজন লোককো সংস্থাপন দি সহায়ৰ হাত আগবঢ়াইছে। উচ্চতৰ শাখাৰ কলা শাখাত উত্তীৰ্ণ হৈ ঘৰুৱা কাম-কাজত ব্যস্ত হৈ পৰা ধনেশ্বৰ ৰাভাই উচ্চ শিক্ষাৰ কথা নাভাবি স্থানীয় বন্ধুবৰ্গৰ সহায়, কৃষি বিভাগৰ দিহা পৰামৰ্শ লৈ কৃষিকৰ্মত নিয়োজিত হৈছিল। এনেদৰেই তেওঁ আজি এজন সফল খেতিয়ক হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। কৃষি পথাৰখনেই জীৱন হৈ পৰা ধনেশ্বৰ ৰাভা এটি যৌথ পৰিয়ালত ডাঙৰ-দীঘল হোৱা যুৱক। বৰ্তমান একক পৰিয়ালৰ ধাম-খুমিয়াত পৰি উটি ভাহি নগৈ সমাজৰ উদাহৰণ হিচাপে বৰ্তমানেও চাৰি-পাঁচজন ভাই-ককাই একেটা বান্ধোনত থাকি যৌথভাৱে বসবাস কৰি আছে। ধনেশ্বৰ ৰাভাই প্ৰথমৰ পৰাই ঘৰৰ প্ৰায় ৬০ বিঘা মাটিত পৰম্পৰাগতভাৱে কৃষি কাৰ্য কৰি বছৰত প্ৰয়োজন হোৱা ধান চাউলখিনি উৎপাদন কৰি আহিছিল। ১৯৯০ চনৰ পৰা ৰাভাই অলপ বেলেগ চিন্তা চৰ্চা কৰি তামুলপুৰ মহকুমা কৃষি উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰে। তেতিয়াৰ পৰাই ৰাভাই ব্যৱসায়িক পদ্ধতিৰে কৃষি কাৰ্য্যত মনোনিৱেশ কৰে। ধানখেতিৰ লগতে খাৰিফ, ৰবি শস্য কৰি চলি আছিল যদিও ২০০০ চনৰ পৰা আৰু অধিক মাটি লীজত লৈ সম্পূৰ্ণ ব্যৱসায়িকভাৱে সকলো বতৰতে কৃষি কাৰ্য্যত ব্যস্ত হৈ পৰে ধনেশ্বৰ ৰাভা। তেতিয়াৰ পৰাই ৰাভাই আলু, সৰিয়হৰ খেতি বেছিকৈ কৰা হ’ল। ৰাভাই লাভৰ অংক কৰি সফল হোৱাত মটঙা নদীৰ বুকু আৰু গাঁৱৰ কাষেৰে বৈ যোৱা গোসাঁই ডোঙৰ বুকুৰ পলসুৱা মাটিত কৃষি কাৰ্য আৰম্ভ কৰে। গাঁৱৰ প্ৰায় ৪৫ বিঘা মাটি লীজত লৈ ঘৰৰ মাটিৰ সৈতে মুঠ ১০৫ বিঘা মাটিত সকলো ধৰণৰ খেতি কৰিবলৈ। বিগত ৫ বছৰত ৰাভাই আলু খেতি যথেষ্ট পৰিমাণে কৰিছে। এইবেলিও ৩৫ বিঘা মাটিত আলু খেতি, ১০ বিঘা মাটিত কবি, বেঙেনা, জলকীয়া, মিঠা আলু, বিলাহী, বীন, গাজৰ, লাই-লফা, পালেং, তিল, মটৰ, ৰঙালাউ লগোৱাৰ উপৰি ৪৫ বিঘা মাটিৰ চৌদিশে মালভোগ কলৰ পুলি ৰোপণৰ দিহা কৰিছে। যোৱা বছৰ অকল ৰঙালাউ বিক্ৰী কৰিয়ে ৰাভাই প্ৰায় লাখৰ ঘৰত ধন অৰ্জন কৰিছে। এই বেলিও ৩৫ বিঘা মাটিত আলুৰ খেতি কৰি সাৰ-পানী যোগান ধৰিছে। প্ৰতিদিনে গড় হিচাপত কুৰিজন শ্ৰমিকে এই খেতিত কাম কৰি আছে। আলুৰ লগতে ৰঙালাউৰ পুলি অধিক হাৰত ৰোপণ কৰিছে। প্ৰাকৃতিকভাৱে জলসিঞ্চন কৰিবলৈ সক্ষম হোৱাত খেতি পথাৰখনত সুন্দৰভাৱে পানী যোগান ধৰিব পাৰিছে। কিয়নো মটঙা নৈ আৰু গোসাঁই ডোঙে পামখনক চাৰিওফালে আগুৰি আছে। ২০ বিঘা মাটিত সৰিয়হ, ৩৫ বিঘা মাটিত আলু খেতি কৰা ৰাভাই উৎপাদন সঠিকভাৱে হ’লে সকলো খৰচ বাদ দি ৫/৬ লাখ টকা লাভ পাব বুলি আশা কৰিছে। ধনেশ্বৰ ৰাভাই ২০০০ চনৰ পৰা তামুলপুৰত এখন নাৰ্ছাৰী খুলিও ব্যৱসায় আৰম্ভ কৰিছে। কৃষি কৰ্মত সহায় হোৱাকৈ ৰাভাই এখন পাৱাৰৰ টীলাৰৰ উপৰি ঔষধ দিয়া যন্ত্ৰ, পানী সিঁচা মেচিন আদি যাৱতীয় কৃষি আহিলাসমূহ যোগাৰ কৰি লৈছে। ৰাভাই প্ৰথমে কৃষি বিষয়া প্ৰয়াত গুৰুদাস বৰ্মণৰ পৰামৰ্শ আৰু প্ৰশিক্ষণ লৈছিল। সম্প্ৰতি কৃষি সম্প্ৰসাৰণ কৰ্মী প্ৰকাশ ৰাভা, বসন্ত বসুমতাৰী, কৃষি উন্নয়ন বিষয়া মৃগেন স্বৰ্গীয়াৰী, নয়নমণি মোহন আদিয়ে তেওঁলৈ সহায়-সহযোগিতাত ধনেশ্বৰ ৰাভা এজন আদৰ্শ কৃষক হিচাপে পৰিগণিত হৈছে।

লিখক: উৎপল ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate