অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি কৰ্মৰে স্বচ্ছল বেঙেনাআটিৰ শিক্ষিত যুৱক আনোৱাৰ

কৃষি কৰ্মৰে স্বচ্ছল বেঙেনাআটিৰ শিক্ষিত যুৱক আনোৱাৰ

কৃষিকৰ্মৰে স্বাৱলম্নী হোৱা এজন যুৱক নাম তেওঁৰ আনোৱাৰ হুছেইন। নগাওঁ চহৰৰ পাৰ্শ্বৱৰ্তী বেঙেনাআটিৰ এই যুৱকজনে বিগত ১৫ বছৰৰো অধিক কাল ধৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰি ৰাখিছে। ফুলৰ পৰা আৰম্ভ কৰি বিভিন্ন শাক-পাচলি, ধান, সৰিয়হ আদিৰো খেতি কৰা এই যুৱকজন বেঙেনাআটি অঞ্চলৰ নৱ-প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে। উল্লেখ্য ‘দৈনিক অসম’ৰ পাততে ইতিপূৰ্বে বেঙেণাআটি অঞ্চলৰে আন এগৰাকী আনোৱাৰ হুছেইওন নামৰ যুৱকৰ লগতে ৱাহিদুদ জামান নামৰ যুৱককেইজনে কৃষিকৰ্মৰে স্বাবলম্বী হোৱাৰ বিষয়ে প্ৰকাশ পাই গৈছে। এই প্ৰতিবেদনত নাম উল্লেখ কৰা আনোৱাৰ হুছেইন এজন স্নাতক ডিগ্ৰীধাৰী যুৱক। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত তেওঁ চাকৰি লাভ কৰিছিল যদিও চাকৰি নকৰি কৃষি কৰ্মত নিজকে নিয়োজিত কৰে। হুছেইনে প্ৰায় ৫ বিঘা মাটিত আলু খেতি, ৭ বিঘা মাটিত্ৰ নেমু খেতি, তিনি বিঘাৰো অধিক মাটিত কল খেতি, বেঙেণা খেতি, ৭ বিঘা মাটিত সৰিয়হ খেতি, ফুল কবি, জিকা খেতি, ১০ বিঘামাটিত ধান খেতি কৰাৰ লগতে প্ৰায় ৩ বিঘা মাটিত বিভিন্ন ফুলৰ খেতি কৰিছে। আনোৱাৰ হুছেইনে বেঙেণা খেতি কৰা মাটিডৰাতে বেঙেণাৰ মাজে মাজে আলু খেতি কৰে। পিছত আলু খেতি উঠাই তাৰ মাজত জিকা খেতি কৰে। তেওঁ আলু, বেঙেণা, জিকা, ফুলকবি, সৰিয়হ আদি নগাঁও চহৰৰ বৰবজাৰত বিক্ৰী কৰে। ফুলৰ খেতিৰ ভিতৰত তেওঁ লিলি, ৰজনীগন্ধা, নাৰ্জি আদি ফুল ৰোপন কৰিছে। উত্পাদিত ফুল হুছেইনে নগাওঁ চহৰৰ বৰবজাৰত বিক্ৰী কৰে। শাক-পাচলিৰ খেতিত তেওঁ কৃত্ৰিম সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰে। কৃষিকৰ্মৰ বাবে তেওঁ বহুবাৰ পুৰস্কৃতও হৈছে। ইতিমধ্যে চৰকাৰৰ ঘৰৰ পৰা তেওঁ কে চি চি লাভ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰতিষ্ঠিত কৃষক হুছেইনৰ নিজাকৈ ট্ৰেক্টৰ, থ্ৰেচাৰ, পানী সিঁচা মেচিন আছে। তেওঁ সম্প্ৰতি সদৌ অসম পথাৰ পৰিচালনা সমিতিৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰি আছে। কৃষি কৰ্ম কৰিয়েই স্বচ্ছলভাবে তেওঁ নিজৰ পৰিয়ালো পোহপাল দিবলৈ সক্ষম হৈছে। তেওঁ কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ প্ৰস্ংগত ‘দৈনিক অসম’ক কয়- কৃষকসকল স্বতন্ত্ৰ। কাৰো অধীন  নহয়। কৃষকসকলেই এখন সমাজৰ ভেটি ধৰি আছে। কিন্তু আমাৰ উঠি অহা প্ৰজন্মই কৃষিকৰ্মৰ প্ৰতি অনিহা প্ৰকাশ কৰাৰ লগতে ইয়াক মৰ্যদাহীন বুলি ভাবে। এনেদৰে ভবাটো অনুচিত। কৃষকসকলৰ সামাজিক মৰ্যদা বহু ওপৰত। কৃতি কৃষকজনে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্মত নিয়োজিত হ’বলৈ আহ্বান জনায়। তেওঁ লগতে কয়- বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্মত লিপ্ত হ’বলৈ চৰকাৰীভাৱে ইয়াৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব। উল্লেখ্য আনোৱাৰ হুছেইনে বহুকেইটা আত্মসহায়ক গোটকো তেওঁৰ কৃষি কাৰ্যৰ লগত জড়িত কৰি স্বাৱলম্বী কৰি তুলিছে।

চন্দনজ্যোতি বৰা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate