অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি বাৰ্তা

বাকসাত কুচিয়া মাছৰ উৎপাদনেৰে বিপ্লৱ

কুচিয়া মাছ উৎপাদনেৰে বাকসাত এক বিপ্লৱৰ সুচনা কৰিছে জিলা মীন বিষয়া বিপুল খাটনিয়াৰে।এইগৰাকী মীন বিষয়াৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ঠাইত একাংশ লোকে কুচিয়া মাছৰ খেতি কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।দুখ-কসটৰ মাজতো উৎপাদনসকলে কুচিয়া উৎপাদনেৰে সুখৰ সংজ্ঞা বিচাৰি পাইছে।

প্ৰমাণিক তথ্য মতে,কুচিয়া এবিধ অতি সোৱাদযুক্ত আৰু পুষ্টিদায়ক মাছ।এই মাছবিধে মানুহৰ হিম’গ্লোবিন সংশ্লেষণত সহায় কৰে।সোৱাদ আৰু পুষ্টিৰ বাবে বজাৰত ইয়াৰ চাহিদা আৰু দাম বেছি।বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই কুচিয়া মাছ ব্যৱসায়িকভাৱে পালনৰ বাবে ওলাই আহিছে মুছলপুৰ অঞ্চলৰ একাংশ যুৱক।তেওঁলোকৰ নেতৃত্বত আছে জিলা মীন বিষয়া বিপুল খাটনিয়াৰ।কুচিয়া মাছ পালনৰ কোনো অনুমোদিত পদ্ধতি এতিয়ালৈকে উদ্ভাৱন নোহোৱাৰ বাবে মীন বিষয়াগৰাকীয়ে  পৰীক্ষামুলকভাৱে   ২০০৯ চনত জিলাখনৰ পুখুৰীপাৰ গাঁৱৰ পুৱাৰাম বড়োৰ ঘৰত এটা ন মিটাৰ দীঘল আৰু তিনি মিটাৰ বহল পকী টেংকীত কুচিয়া মাছ পালনৰ কাম আৰম্ভ কৰিছিল।ইয়াৰ পিছত অভিজ্ঞতাৰ ভিত্তিত এই ব্যৱস্থাৰ কিছু সালসলনি কৰি ২০১০ চনত একেজন মীন পালকৰ ঘৰত পুনৰ ২১ মিটাৰ দীঘল আৰু ১২ মিটাৰ বহল দুটা কোঠালিযুক্ত পকী টেংকীত কুচিয়া মাছ পালন কৰে।পুনৰ ২০১২ চনত কিছু উদ্ভাৱনী চিন্তাৰে জিলাখনৰ সোণতলা গাঁৱৰ পুৰ্ণ দৈমাৰীক এই খেতিৰ বাবে উৎসাহিত কৰে।তেওঁ ১০ মিটাৰ দীঘল আৰু ৬ মিটাৰ বহল দুটা কোঠালিযুক্ত পকী টেংকীত কুচিয়া আৰু মাগুৰ মাছ পালন কৰে।২০১৩ চনত একে আদৰ্শৰে দ্বাৰকুছি গাঁৱৰ ধনঞ্জয় বড়োৰ ঘৰত,২০১৪ চনত ককলাবাৰীৰ ৰাজু বড়োৰ ঘৰত দুটা কোঠালিযুক্ত ২০ মিটাৰ দীঘল আৰু ১৩ মিটাৰ বহল পকী টেংকীত বহলভিত্তিক কুচিয়া আৰু মাগুৰ মাছ পালন কৰাৰ দিহা কৰে।উক্ত কুচিয়া মাছ পালককেইগৰাকীক জিলা মীন বিষয়া খাটনিয়াৰে কুচিয়া মাছ পালনৰ সমল ব্যক্তি হিচাপে ব্যৱহাৰ কৰি জিলাখনৰ বিভিন্ন ঠাইত কুচিয়া মাছ পালনৰ কৰ্মশালা পাতে আৰু এনেদৰে বহু যুৱক কুচিয়া মাছ পালনৰ আবে আগ্ৰহী হৈ উঠে।জিলা মীন বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি এইবাৰ তেওঁ কুচিয়া মাছ ব্যৱসায়িক ভিত্তিত পালনৰ বাবে মীন-বিভাগৰ ফালৰ পৰা প্ৰায় এক লাখকৈ ঋণ আগবঢ়াব,যিয়ে আগন্তুক বছৰত এক বিপ্লৱৰ সুচনা কৰিব।

বাকসাৰ কুচিয়া মাছ পালনৰ পদ্ধতিৰ বিষয়ে জানিব পাৰি অলপতে দৰ্ং জিলাৰ উপায়ুক্তই ৪৫ গৰাকী মীনপালকক চৰকাৰী খৰচত জিলাখনৰ মীন বিষয়া আৰু বেংক বিষয়াক ককলাবাৰী গাঁৱৰ ৰাজু বড়োৰ ঘৰলৈ পঠিয়ায়।দলটোৱে ৰাজু বড়ো আৰু মীন বিষয়াৰ পৰা সকলো পদ্ধতিৰ বিষয়ে বুজ লয় আৰু মৎস্য পালনৰ থলুৱা পদ্ধতি পৰিদৰ্শন কৰি অভিভুত হৈ পৰে।লগতে দৰ্ং জিলাতো এনে পদ্ধতিৰে এই মাছবিধ পালনৰ বাবে আগ্ৰহী হয়।

বাকসা জিলাত কুচিয়া মাছ আৰু মাগুৰ মাছ পালনৰ সু-ব্যৱস্থা হোৱাৰ পিছত অসমৰ আঞ্জ পাঁচখনমান জিলাৰ লগতে মেঘালয়,অৰুণাচল প্ৰদেশ আৰু মিজোৰামতো বাকসা জিলা মীন বিষয় বিপুল খাটনিয়াৰে উক্ত মাছ পালনৰ প্ৰশিক্ষণ দিয়ে।মীন বিষয়াগৰাকীক তেওঁৰ পাৰদৰ্শিতাৰ বাবে শ্বিলঙৰ ছেণ্ট এণ্টনী মহাবিদ্যালয় কৰ্তৃপক্ষই কিছুদিন আগেয়ে সম্বৰ্দ্ধনা জনায়।খাটনিয়াৰ কৰ্মপটুতা আৰু কুচিয়া মাছৰ নতুন উদ্ভাৱনী কৌশলৰ বাবে বাকসা জিলা প্ৰশাসনে ৭১ সংখ্যক স্বাধীনতা দিৱসত “ট্ৰফী”আৰু প্ৰমাণ-পত্ৰৰে সন্মান প্ৰদৰ্শক কৰে।বাকসা জিলা মীন বিষয়াগৰাকীৰ পৰামৰ্শ আৰু সহায় মতে শিক্ষিত নিবনুৱা আগবাঢ়ি আহিলে হয়তো বাকসা জিলা হ’ব কুচিয়া মাছ পালনৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ জিলা।

লেখক:কাৰ্তিক দাস (দৈনিক অসম)

মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বৰাকৰ সুবোধ দাসৰ

বৰাক উপত্যকাৰ মীনখণ্ডৰ এটা পৰিচিত নাম সুবোধ দাস।প্ৰবীণ মীনপালক দাসে নিজ চিন্তা,সৃষ্টি আৰু উদ্ভাৱনী মীনপালক দাসে নিজ চিন্তা,সৃষ্টি আৰু উদ্ভাৱনী কৌশলেৰে বৰাকৰ মীন মানচিত্ৰত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।কাছাৰৰ ঢলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত আইৰংগমৰা গাঁৱৰ অৰ্ধশতায়ু গৰকা দাসে পোনতে প্ৰান্তীয় ব্যৱসায় মুখ্যত:দৰবৰ দোকানেৰে জীৱিকা নিৰ্বাহ কৰিছিল।১৯৮৪ চনত পিতাকে কম ধনেৰে ৩০ বিঘাৰ এটি পৰিত্যক্ত জলভুমি বা পতিত ভুখণ্ড ক্ৰয় কৰে।পিতাকে ক্ৰয় কৰাৰ পাছত পুতেকে চিন্তা কৰিলে পতিত ভুমিখিনি কেনেকৈ উপযুক্ত কৰি মীনপালন কৰিব পাৰি।নিজ চেষ্টা,শ্ৰম প্ৰয়োগ আৰু নুন্যতম মুলধনী বিনিয়োগেৰে জলজ অপতৃণ আদি বহুলাংশে নিষ্কাশন কৰি আৰম্ভ কৰিলে মীনপালন।কোনোধৰণৰ কাৰিকৰী জ্ঞানৰ ব্যতিৰেকে আৰম্ভ কৰিলে মীনপালন।প্ৰথম বছৰত উৎপাদনো সেয়েহে বৰ সন্তোষজনক নাছিল।হেক্টৰে প্ৰতি মাত্ৰ ৫০০ কেজি।পৰৱৰ্তী বৰ্ষত প্ৰাৰম্ভিক বৰ্ষৰ ক্ৰটিসমুহ মৰিষণ কৰি পুনৰ আৰম্ভ কৰিলে মীনপালন।এইক্ষেত্ৰত দাসে জিলা মীন বিভাগৰ লগত যোগাযোগ কৰি যাৱতীয় দিহা-পৰামৰ্শ আদায় কৰে।বিভাগে দিহা-পৰামৰ্শ উপৰি হাতে-কামে লাগি সহায় কৰি ল’লে।সেই মৰ্মে কাম।ফলত উৎপাদন বাঢ়িব ল’লে আশানুৰুপভাৱে।প্ৰতিবছৰে ৰুপায়িত হ’ব ল’লে মসৃণৰ পৰা মসৃণতৰভাৱে মীনপালনৰ কৌশল।প্ৰতিবছৰে বাঢ়িব ল’লে একক উৎপাদন।বৰ্তমান উৎপাদন প্ৰায় ৭,০০০-৮,০০০ কেজি প্ৰতি হেক্টৰ জলকালিতা।প্ৰতিবছৰে লাভৰ এটা উপাৰ্জন বিনিয়োগ কৰিব ল’লে মীনপালন সম্প্ৰসাৰণত।অব্যাহত থাকিল ন-ন সংলগ্ন ভুমি কিনি ন ন পুখুৰী নিৰ্মাণৰ কাম।বৰ্তমান এইদৰে আৰু ত্ৰিশ বিঘা জলকালিৰে সমৃদ্ধ কেইবাটাও পুখুৰী সংযোজিত হ’ল দাসৰ পামত।২০০৩ চনত তদানীন্তন মীন সম্প্ৰসাৰণ বিষয়া প্ৰয়াত মংগল চৌধুৰী কাৰিকৰী সহযোগিতাত আৰম্ভ কৰে চীনদেশীয় আৰ্হিৰ মীন পোনা উৎপাদন কেন্দ্ৰ।পোনা উৎপাদনৰ সুচনা হ’ল অতি সন্তোষজনকভাৱে ।আৰ্থিক সফলতাৰ সমান্তৰালভাৱে স্থানীয় মীনপালকসকলেও গুণগত মানৰ মীন পোনা ঠাইতেই যোগান পোৱাৰ সুবিধা হ’ল।অৱশ্যে অত্যন্ত অনাকাংক্ষিতভাৱে ২০০৮ চনত ভুমিস্খলনে সম্পুৰ্ণ নষ্ট কৰে সুবোধ দাসৰ পোনা উৎপাদন কেন্দ্ৰ।কেইবছৰমন যতি পৰিলেও বৰ্তমান পুনৰ নকৈ মীন পোনা উৎপাদন কেন্দ্ৰ আৰম্ভ কৰি  পোনা উৎপাদন চালু কৰিছে দাসে।এইক্ষেত্ৰত দাসক অসম মীন উন্নয়ন নিগম আৰু মীন বিভাগে সহযোগিতা আগবঢ়াইছে।অলপতে মীন সঞ্চালক স্বপন কুমাৰ দাসৰ নেতৃত্বত অসম মীন উন্নয়ন নিগমৰ কাৰিকৰী প্ৰবন্ধক পদ্মকান্ত হাজৰিকা মীন উন্নয়ন বিষয়া ড০ সঞ্জয় শৰ্মা (৯৪৩৫৩-০৯৫৬৮),অভিযন্তা মহিতোষ বৰ্মনসহ এটি উচ্চ পৰ্যায়ৰ দলে দাসৰ পাম পৰিদৰ্শন কৰি এই প্ৰতিবেদকৰ আগত মতামত আগবঢ়াইছে।সমগ্ৰ আইৰংগমৰা অঞ্চলত আজি মীন বিপ্লৱৰ জোৱাৰ আহ্লাদিত হোৱাটো অন্যতম শুভ লক্ষণ।উল্লেখ্য যে বৃহৎ অঞ্চলটিত কেইবাশতাধিক মীন পালকে আত্ম প্ৰত্যয়েৰে সচ্ছলভাৱে আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিছে।সুবোধ দাস নিশ্চিতভাৱে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে অনুকৰণীয় চানেকি।দাসে (৯৪৩৫২-৬০৬১০)মীনপালনলৈ আগ্ৰহী বা আন মীন পালকসকলক যাৱতীয় দিহা-পৰামৰ্শৰে সততে উপকৃত কৰি আহিছে।ইচ্ছুকসকলক তেওঁৰ পামতে ব্যৱহাৰিক পাঠদানৰো ব্যৱস্থা ক্ৰে দাসে।সুবোধ দাস আজি এটা সুখী পৰিয়ালৰ গৰাকী আৰু এই সুখৰ আধাৰ মীনপালন।এগৰাকী কন্যা আইনৰ স্নাতকোত্তৰ আৰু আনগৰাকী অসম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী।পুত্ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ।ভৱিষ্যতে মাছৰ খাদ্য উৎপাদনকাৰী গোট স্থাপনৰ ইচ্ছা দাসৰ।লক্ষ্য কি বুলি প্ৰশ্ন কৰাত মিষ্টভাষী দাসে জনালে বৰাকত মীনপালনৰ ইতিহাস সৃষ্টি কৰা।আপুনিও সুবোধ দাসৰ লগতে বাৰ্তা লাপ কৰি বা তেওঁৰ পাম পৰিদৰ্শন কৰি উপকৃত হ’ব পাৰে।আপোনাৰ যিকোনো ধৰণৰ মীনপালনৰ দিহাৰ বাবে ৯৪৩৫৩-০৯৫৬৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

লেখক:ড০ধ্ৰুৱজ্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

মধুপুৰৰ মীন মোহন জৈৱিক চাহ বাগিচাই কঢ়িয়াইছে আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি

নামনি লখিমপুৰ অসম-অৰুণাচল প্ৰদেশৰ সীমামুৰীয়া মধুপুৰ গাঁৱৰ ‘মীন মোহন জৈৱিক চাহ বাগিচা’ই জৈৱিক চাহ উৎপাদনৰে অনুকৰণীয় চানেকী দাঙি ধৰিবলৈ সক্ষম হৈছে।গুৱাহাটীৰপৰা লখিমপুৰ অভিমুখে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ৩৫০ কিলোমিটাৰ যোৱাৰ অন্তত পোৱা যায় ভোগপুৰ চাৰি আলি।তাৰ পৰা পশ্চিমে ৮ কিলোমিটাৰমান গ’লেই পোৱা যায় মধুপুৰ গাঁৱৰ গোবিন হাজৰিকাৰ অতি দৃষ্টিনন্দন ‘মীন মোহন জৈৱিক চাহ বাগিছা’।চাহ বাগিচাখনৰ চিৰসেউজ পৰিৱেশৰ নৈসৰ্গিক শোভাই মনত পেলাই দিয়ে আমাৰ স্বাভিমান,মৰ্যাদা আৰু অনন্য পৰিচয়ৰ বাৰ্তাবাহক ‘অসম উদ্যোগ ৰত্ন’বটাপ্ৰাপক গোবিন হাজৰিকাৰ ঢেঁকীত খুন্দি প্ৰস্তুত কৰা জৈৱিক চাহ-মীন মোহন মধুপুৰ গাঁও চাহ।

উদ্যমী চাহ খেতিয়ক গোবিন হাজৰিকাৰ ঢেঁকীত খুন্দি প্ৰস্তুত কৰা এই জৈৱিক চাহে দেশীয় ক্ৰেতাৰ সমাদৰ লাভ কৰাৰ উপৰি বিদেশৰ বজাৰতো সবল উপস্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে।বিশেষকৈ কানাডা,আমেৰিকা,জাপান,ইজিপ্ট আদি দেশত মধুপুৰৰ জৈৱিক চাহে বহুল জনপ্ৰিয়তা লাভ কৰিছে।

বিভিন্ন ঘাত-প্ৰতিঘাত আৰু সমস্যাক জীৱন যাত্ৰাৰ সহচৰ হিচাপে গ্ৰহণ কৰাৰ লগতে নুন্যতম মুলধন আৰু কঠোৰ পৰিশ্ৰমক সাৰথি কৰি ১৯৯৫ চনত হাজৰিকাই আৰম্ভ কৰে মীন মোহন জৈৱিক চাহ বাগিচা।পিতৃ-মাতৃ প্ৰয়াত মোহন চন্দ্ৰ হাজৰিকা আৰু প্ৰয়াত মীন প্ৰভা হাজৰিকাৰ পৱিত্ৰ স্মৃতিত উৎসৰ্গীকৃত বাগিচাখনৰ ঢেঁকীত খুন্দি প্ৰস্তুত কৰা চাহ চাহিদাই বিদেশতো জিলিকাই তুলিছে জকাইচুকৰ মধুপুৰ গাঁৱৰ নাম।

অধিক উৎপাদনৰ বাবে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰিলে মাটিৰ প্ৰকৃতি প্ৰদত্ত উৰ্বৰা শক্তি আৰু কৃষকৰ বন্ধু কীট-পত্ংগসমুহৰ সংখ্যা হ্ৰাস পায়।এনেধৰণৰ ঔষধে বায়ুমণ্ডল প্ৰদুষিত কৰাৰ লগতে মানৱ দেহৰ ক্ষতি কৰে।তদুপৰি এইবোৰ ব্যৱস্থা ব্যয়বহুল।এনে এক পটভুমিত ৰাসায়নিক সাৰ,কীট নিয়ন্ত্ৰক আৰু উৎপাদন বৰ্দ্ধকৰ পৰিৱৰ্তে গোবিন হাজৰিকাই ব্যৱহাৰ কৰে জৈৱিক সাৰ,তৰু-তৃণেৰে প্ৰস্তুত কৰা কীট নিয়ন্ত্ৰক আৰু সম্পুৰ্ণ জৈৱিক উৎপাদন বৰ্দ্ধক।

কীট নিয়ন্ত্ৰণৰ বাবে গোবিন হাজৰিকাই যোগাৰ কৰে বিভিন্ন ধৰণৰ বনৌষধি তৰু-তৃণ।তাৰ ভিতৰত নেফাকু,নিম,ভেদাইলতা,বাম বিহলঙণি,বগা বাহক,নৰসিংহ,ধেপাই তিতা,দ্ৰোন,মছন্দৰি,পদিনা,ৰাম তুলসী,চিৰতা ,আদা,নহৰু,খহিলৈ আদি অন্যতম।শেষৰ তিনিবিধ বাদ দি বাকীখিনি পোনতে খুন্দি পাঁচদিন ড্ৰামত পানী দি থয়।পাঁচদিনৰ পিছত এটি সুগন্দি আহিলে তাত খলিহৈ মিহলাই পৰৱৰ্তী দিনা পুৱা আদা-নহৰুৰ ৰস মিহলি কৰি সেইবোৰ বাগিচাত ছটিওৱা হয়।তদুপৰি বাগিচাৰ বাবে প্ৰয়োজন হোৱা জৈৱিক সাৰখিনিও কেইবাতৰপীয়া গোবৰৰ প্ৰলেপৰ মাজে মাজে জাবৰ-জোথৰ,মেটেকা,বিহঙলনি,জাৰ্মানী বন,বৰপুণী-সৰুপুণী,মাহজাতীয় শস্যৰ কটালি আদি পচিবলৈ দি নিজে প্ৰস্তুত কৰি লয়।এই সকলোখিনিতে আছে হাজৰিকাৰ উদ্ভাৱনী চিন্তাৰ সুবাস।

হাজৰিকাই জানিবলৈ দিয়া মতে তেওঁৰ উদ্ভাৱনী চিন্তা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহকোষ,টোকলাই চাহ গৱেষণা কেন্দ্ৰ আদিৰ কাৰিকৰী সহযোগিতাই প্ৰশস্ত কৰিছে আজিৰ উত্তৰণ।

১৯৯৫ চনত আৰম্ভ কৰা চাহখেতিৰ পাত চিঙিব পৰা হয় ১৯৯৭ চনত।উৎপাদিত কেঁচাপাত বিক্ৰীৰ সমস্যাত পৰি গোবিনে “অভাৱেই আৱিৰ্ভাৱৰ মুল”-এই আপ্তবাক্যশাৰীক সৰোগত কৰি ৰ’দত শুকুৱাই,কেৰাহিত ভাজি আৰু ঢেঁকীত খুন্দি ঘৰতে চাহপাত প্ৰস্তুত কৰিবলৈ ল’লে।এনেদৰে চাহপাত প্ৰস্তুত হ’ল যদিও কেঁচা গোন্ধৰ বাবে ক্ৰেতাই সেই চাহপাত কিনিবলৈ বৰ ইচ্ছা নকৰে।তেতিয়া আদাৰ ৰস,তেজপাতৰ গুড়ি,লং –ডালচেনিৰ গুড়ি আদি বিভিন্ন অনুপাতত মিহলাই পৰীক্ষা-নিৰীক্ষা চলাই গ’ল গোবিনে।‘বায়’টী’ নামদি গাঁৱে-ভুঞে চাইকেলেৰে গৈ এই চাহ বিক্ৰী কৰিবলৈ ল’লে।পোনতে কিলোগ্ৰামত ৪০-৫০ টকাৰ পৰা পিছলৈ ৮০-১০০ টকা পৰ্যন্ত দিয়া হ’ল ক্ৰেতাই।২০০১ চনত আৰম্ভ হ’ল হাজৰিকাৰ যোগাত্মক ঘুৰ্ণন।কানাডাৰ ৱলৰ্ড কমিউনিষ্ট ডেভেলপমেণ্ট এডুকেচন ছ’চাইটিৰ দৃষ্টিগোচৰ হ’ল গোবিন হাজৰিকাৰ জৈৱিক চাহ।সংগঠনটিৰ প্ৰতিনিধি পেগি কাৰ্চুৱেলে জৈৱিক চাহৰ অনুসন্ধানত আহি গোবিন হাজৰিকাৰ ঘৰত উপস্থিত হ’ল।উত্তৰ-পুৰ্বাঞ্চলৰ প্ৰথম ১০০ শতাংশই জৈৱিক চাহ বাগিচা হিচাপে প্ৰকাশিত হ’ল ‘মীন মোহন জৈৱিক চাহ বাগিচা’।কাৰ্চুৱেলে বিশ্বত প্ৰতিষ্ঠা কৰিলে গোবিন হাজৰিকাৰ জৈৱিক চাহ।পিছত এই চাহলৈ আহিল ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয়  পৰ্যায়ৰ বিভিন্ন স্বীকৃতি।

২০০৭ চনত গোবিন হাজৰিকাৰ চাহ কানাডা পায়গৈ।ঢেঁকীত খুন্দি কেৰাহীত ভজা চাহপাত তাত সৰ্বোকৃষ্ট বুলি পৰিগণিত হয়।কানাডাৰ দ্য স্মল টী কো-অপাৰেটিভ নামৰ সংস্থাটোৱে ফুলাম গামোচাৰ ছবি সম্বলিত পেকেটত গোবিন হাজৰিকাৰ ফটোসহ চাহ পেকেজিং কৰি বিক্ৰীৰ ব্যৱস্থা কৰে।সোনকালেই ‘মধুপুৰ ভিলেইজ টী’কানাডাত অতিকৈ জনপ্ৰিয় হৈ পৰিল।পৰৱৰ্তী সময়ত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ বাণিজ্য মেলাত অংশগ্ৰহণৰ সুযোগ পায় গোবিন হাজৰিকাই।তেওঁ অংশগ্ৰহণ কৰে বিদেশৰ কেইবাখনো চাহ সম্পৰ্কীয় কৰ্মশালা আৰু আলোচনা-চক্ৰত।কানাডাৰ উপৰি আমেৰিকা,জাপান,ইজিপ্ত,অষ্ট্ৰিয়া,হাংগেৰী,যুগোশ্লভিয়া আদি দেশতো জনপ্ৰিয় হয় এই জৈৱিক চাহ।

গোবিন হাজৰিকাৰ চাহ প্ৰস্তুত প্ৰণালীও অভিনৱ।গ্ৰীণ টীৰ ক্ষেত্ৰত প্ৰথমতে বিশেষ কৌশলত পাতখিনি ভাগত দি কেৰাহিত ভাজে আৰু ব্লেক টীৰ ক্ষেত্ৰত পাতখিনি ২৪ ঘণ্টা ফেনৰ বতাহত মেলি থৈ পৰৱৰ্তী সময়ত ঢেঁকীত খুন্দি ভাজি প্ৰস্তুত কৰে।চলিত বৰ্ষৰ পৰা হাজৰিকাই অৰ্থডক্স চাহো প্ৰস্তুত কৰিবলৈ লৈছে।এইক্ষেত্ৰত পাতখিনি পোনতে মেলি থৈ হাতেৰে মোহাৰি কেৰাহিত ভাজে।এই সকলোখিনি অৱশ্যে নিৰ্দিষ্ট সময়,ভাপ,জলবায়ু আৰু পৰিৱেশ সাপেক্ষ।হাজৰিকাৰ এই উত্তৰণত পৰিয়ালৰ সহযোগিতা অনস্বীকাৰ্য।পৰিয়ালৰ সকলো সদস্যই মীন মোহন জৈৱিক চাহ বাগিচাৰ লগত জড়িত।গাঁওবাসীও হাজৰিকাৰ কাম-কাজক লৈ গোৰৱান্বিত ।গোবিন হাজৰিকাৰ বাবে মধুপুৰে আজি দেশৰ পৰিধি ভেদি বিদেশতো নিজৰ নাম জিলিকাব সক্ষম হৈছে।

মীন মোহন জৈৱিক চাহ-বাগিচাৰে পিতৃ-মাতৃৰ স্মৃতি যুগমীয়া ভাৱে সমান্তৰালভাৱে সমাজ উন্নয়নমুলক কামো কৰি গৈছে গোবিন হাজৰিকাই।অৰ্থনৈতিক ভাৱে অনগ্ৰৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহযোগিতা,দুখীয়া ৰোগগ্ৰস্তক চিকিৎসা সাহায্য,ৰাজহুৱা স্থান তথা বিদ্যালয় শিক্ষানুষ্ঠান প্ৰস্ৰাৱগাৰ নিৰ্মাণ আদি তাৰ উদাহৰণ।সময়ে সময়ে গাওঁবাসীৰ লগত মত-বিনিময় কৰি উন্নয়নৰ  কাঠামো প্ৰস্তুত কৰাটোও হাজৰিকাৰ এক নিত্য-নৈমিত্তিক অভ্যাস।

গোবিন হাজৰিকাৰ কাম-কাজৰ পুণিক ক্ৰিয়াৰ সুবাসে বিভিন্নজনক চাহ খেতিলৈ আকৰ্ষিত কৰাটো শুভ লক্ষণ।বিভিন্নজনক জৈৱিক পদ্ধতিৰে চাহ খেতি কৰিবলৈ উৎসাহিত কৰাৰ লগতে এইক্ষেত্ৰত যাৱতীয় সহায়-সহযোগিতা কৰিবলৈ হাজৰিকাই কাহানিও চেষ্টাৰ ক্ৰটী কৰা নাই।বহুজনে হাজৰিকাৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰশস্ত কৰিছে সংস্থাপনৰ বাট।

গোবিন হাজৰিকা নিশ্চিতভাৱে এক অনুকৰণীয় চানেকী।মাত্ৰ দুকঠা মাটিত আৰম্ভ কৰা মীন মোহন জৈৱিক চাহ বাগিচা আজি ৯ বিঘা ভুমিৰে বিস্তৃত হৈ অসমবাসীৰ মৰ্যাদা আৰু পৰিচয়ৰ অন্যতম প্ৰতীক হিচাপে প্ৰতিষ্ঠিত হৈছে।গোবিন হাজৰিকাই প্ৰমাণ কৰি দিছে নিষ্ঠা,সততা,একাগ্ৰতা,কৰ্মোদ্যম আৰু দুৰন্ত অভিলাস থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে।হাজৰিকাৰ কৰ্মৰাজিয়ে মধুপুৰলৈ আকৰ্ষণ কৰি আহিছে বহুতো দেশী-বিদেশী বিজ্ঞানী,গৱেষক,প্ৰশাসক,নীতি-নিৰ্দ্ধাৰক আৰু অন্যান্যসকলক।সকলোৱে একেমুখে উচ্চ প্ৰশংসা কৰিছে হাজৰিকাৰ কাম-কাজক।লগে লগে আহিছে দেশ-বিদেশৰ বঁটা,সন্মান আৰু স্বীকৃতি।শেহতীয়াকৈ হাজৰিকাৰ জৈৱিক চাহৰ মান সংযোজনত ব্যস্ত আছে কেইবাজনো বিজ্ঞানী।হাজৰিকাই জানিবলৈ দিয়া মতে টোকলাই চাহ গৱেষণা কেন্দ্ৰই প্ৰস্তুত কৰিছে হাজৰিকাৰ চাহৰ পৰা এবিধ বিশেষ সুৰা।

গোবিন হাজৰিকা আমাৰ সকলোৰে বাবে এক জীয়া আদৰ্শ।হাজৰিকাৰ মাৰ্গদৰ্শ্নেৰে বাট বুলি স্বনিয়োজিত হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ আমুল পৰিৱৰ্তন তেনেই সম্ভৱ।আপুনিও হাজৰিকাৰ বাগিচা পৰিদৰ্শন কৰি বা হাজৰিকাৰ লগত বাৰ্তালাপ কৰি (৯৮৫৪৪১১১০২/৯৮৬৪৫৬১০২৮)উপকৃত হ’ব পাৰে।আপোনাক যাৱতীয় সহযোগিতা আগবঢ়াবলৈ গোবিন হাজৰিকা আৰু আতিথিপৰায়ণ পৰিয়ালটি সদাপ্ৰস্তুত।

লেখক:ড০ ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate