অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি বিশ্ববিদ্যালয়ৰ আঁচনিয়ে সফলতা আনিছে নলবাৰীৰ পথাৰলৈ

কৃষি বিশ্ববিদ্যালয়ৰ আঁচনিয়ে সফলতা আনিছে নলবাৰীৰ পথাৰলৈ

যোৰহাটত থকা অসম কৃষি বিশ্ববিদ্যালয়ে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰযুক্তিৰ প্ৰদৰ্শন আঁচনিৰ অধীনত সৰিয়হৰ বীজ উৎপাদনৰ বাবে জিলাখনত গ্ৰহণ কৰা আঁচনিখনে আশানুৰূপ সফলতা পাবলৈ সক্ষম হৈছে। কৃষি বিজ্ঞানকেন্দ্ৰি এইবাৰ জিলাখনৰ ১৫ খন গাঁও ক্ৰমে তন্ত্ৰশংকৰা, চান্দকুছি, আৰিকুছি, বালামুগকুছি, বিলবেশ্বৰ, পানীগাঁও, নিজপকোৱা, ৰণাকুছি, দিঘেলী, বামুণবড়ী, নাথকুছি, আদাবাৰী, বৰভাগ, চামতা, কৈঠালকুছি আৰু নদলা অঞ্চলৰ ১৩৫ জন কৃষকক সামৰি ৭৫ হেক্টৰ ভূমিত টি এছ ৩৬ নামৰ উন্নত জাতৰ সৰিয়হৰ খেতি কৰে। এইবাৰ ৭৫ হেক্টৰ মাটিৰ পৰা ৯০০ কুইন্টল সৰিয়হৰ বীজ উৎপাদন হ’ব বুলি আশা কৰা হৈছে। এই বীজেৰে আগন্তুক বৰ্ষত জিলাখনৰ অধিক কৃষকক সামৰি ৯০০০ হেক্টৰ ভূমি সামৰি ল’ব পৰা যাব। এইবাৰ জিলাখনৰ সৰিয়হ খেতিয়কসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। তন্ত্ৰশংকৰ গাঁৱৰ কৃষক দ্বীপেন তালুকদাৰে প্ৰকাশ কৰা মতে, তেওলোকে এটি চাৰিজনীয়া কৃষকৰ দলে প্ৰায় ৩০ বিঘা মাটিত সৰিয়হৰ খেতি কৰি প্ৰথমবাৰৰ বাবে অভাৱনীয় উৎপাদন পাবলৈ সক্ষম হৈছে। যোৱা ১৭ জানুৱাৰীত নলবাৰী জিলা পৰিষদৰ সভনেত্ৰী ৰিতুমণি দেৱীৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ মৃদুল ডেকা, শস্য বিশেষজ্ঞ ৰঞ্জিতা বেজবৰুৱাই তালুকদাৰৰ সৰিয়হৰ খেতি পৰিদৰ্শন কৰি তেওঁলোকক সৰিয়হ চপোৱাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা সম্পৰ্কে দিহা পৰামৰ্শ দিয়ে। একেদৰে চামতাৰ ওচৰৰ নদলাৰ মধু ডেকাৰ নেতৃত্বত প্ৰায় দহজন কৃষকে ৭০ বিঘা মাটিত সৰিয়হৰ খেতি কৰি প্ৰতি বিঘাত চাৰিৰ পৰা পাঁচ মোনকৈ উৎপাদনৰ আশা প্ৰকাশ কৰিছে। অতি উন্নত জাতৰ টি এছ-৩৬ প্ৰজাতিৰ এইবিধ সৰিয়হৰ খেতিৰ বাবে অধিক সংখ্যক কৃষকে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে। এইবাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত বীজ কৃষকৰ মাজত অধিক দৰত বিক্ৰী কৰিব পাৰিব বুলিও জানিব পৰা গৈছে। কৃষি বিভাগৰ তৰফৰ পৰাও এই বীজ অধিক দৰত ক্ৰয় কৰাৰ আঁচনি আছে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate