বঙাইগাওঁ জিলাৰ চকাপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কাহিপাৰাৰ দুই যুৱকে দেখুৱালে কৰ্ম –সংস্কৃতিৰ অন্য এক নিদৰ্শন।জানিব পৰা মতে,অঞ্চলটোৰ বহু অশিক্ষিত যুৱকে কামৰ সন্ধানত বহি:ৰাজ্যলৈ ঢাপলি মেলিছে,তেনে সময়তে সেই অঞ্চলৰে কাহিপাৰাৰ দুই যুৱক ক্ৰমে নিৰঞ্জন ৰায় আৰু টংকেশ্বৰ ৰায়ে নিজৰ গাওঁখনতে থাকি ঘৰৰ মানুহৰ লগত সুখেৰে এসাঁজ ভাত খাই কৃষিকৰ্মেৰে যে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰি,তাকেই প্ৰমাণ কৰি দেখুৱালে।অতি দুখীয়া পৰিয়ালৰ যুৱকদ্বয়ে আৰ্থিক দুৰৱস্থাৰ বাবে আধাতে শিক্ষা জীৱন সমাপ্ত কৰি কৃষিৰ লগতে আনৰ ঘৰত হাজিৰা কৰিবলগীয়া হয়।জীৱন বাটত বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱন যুদ্ধত আজি জয় হ’বলৈ কিছু সক্ষম হৈছে এই দুই কৰ্মোদ্যমী যুৱকে।তেওঁলোকে খেতি কৰিবলৈ নিজৰ মাটি যি অলপ আছে,সেইখিনিও খেতিৰ বাবে উপযোগী নহয়।তথাপি আনৰ দৰে কামৰ সন্ধানত বাহিৰলৈ নগৈ গাঁৱতে পৰিত্যক্ত কিছু মাটিত (প্ৰায় ৬ বিঘা)শাক-পাচলিৰ খেতি কৰি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে যিহেতু গাঁৱৰ চৰকাৰী মাটি ব্যৱহাৰ কৰিছে,সেয়েহে গাঁৱৰ উন্নয়নৰ বাবে কিছু টকা দি নিজৰ পৰিয়ালৰ লগতে গাওঁখনৰো কিছু উন্নতিৰ বাবে কাম-কাজ কৰিব পাৰিছে।এতিয়া তেওঁলোকে মাহিলি ৩০-৩৫ হাজাৰ টকা উপাৰ্জন কৰি নিজৰ লগতে পৰিয়ালটোক আৰ্থিকভাৱে সবল কৰি তুলিছে।প্ৰথম অৱস্থাত তেওঁলোকে সামান্য টকাৰে শাক-পাচলি খেতি আৰম্ভ কৰে যদিও ভাল ফল পোৱাৰ পৰা বঞ্চিত হৈছিল।কিন্তু তেওঁলোকে থমকি নৰয় সকলো প্ৰত্যাহ্বান নেওচি পৰৱৰ্তী বছৰত দুগুণ উৎসাহেৰে কাম কৰিবলৈ ল’লে।তেওঁলোকে বিভিন্ন ধৰণৰ বতৰৰ শাক-পাচলি যেনে-জিকা,ভোল,ৰঙালাউ,কোমোৰা আদি নানা ধৰণৰ খেতিৰে তেওঁলোকে চকা পাৰা অঞ্চলৰ আদৰ্শ খেতিয়ক হিচাপে পৰিচয় পাইছে।কৃষি বিভাগৰ কৰ্মচাৰীৰ মুখ নেদেখা এইসকল কৃষকে পোৱা নাই চৰকাৰে যোগান ধৰা বীজ।কৃষি বিজ্ঞান কেন্দ্ৰবোৰৰ লগত নাই কোনো যোগাযোগ।এই কৃষকসকলে নাজানে তেওঁলোকৰ বাবে চৰকাৰে কিমান,কি কি সুবিধা প্ৰদান কৰিছে।উদ্যমী কৃষক দুজনে খেতিত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে।সম্পুৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰে বুলি জানিব দিয়ে।গোবৰ সাৰ,কেঁচু সাৰ প্ৰয়োগ কৰি অধিক শস্য উৎপাদন কৰি লাভাম্বিত হৈছে।তেওঁলোকে স্থানীয় বজাৰৰ লগতে বঙাইগাওঁ,ধুবুৰী,বৰপেটা,টুলুঙীয়া ,অভয়াপুৰী আদিৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ সহায়ত শাক-পাচলি বিক্ৰী কৰি অধিক লাভাম্বিত হৈছে।চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এইসকল খেতিয়কে সা-সুবিধা পোৱা হ’লে হয়তো ইয়াতকৈ অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হ’ব।তেওঁলোকৰ এই যাত্ৰা চলি থাকক,তাৰেই কামনা থাকিল।তেওঁলোকৰ এই কৃষিকৰ্মই স্থানীয় নিবনুৱা যুৱকসকলৰ বাবে স্বাৱলম্বনৰ ক্ষেত্ৰত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।
লেখক:দীপজ্যোতি ৰায় (নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 2/27/2024