অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিকৰ্মৰে পৰিৱৰ্তন আহিছে সুতাৰপাৰাত

কৃষিকৰ্মৰে পৰিৱৰ্তন আহিছে সুতাৰপাৰাত

 

গোৱালপাৰা জিলাৰ ৩৭ নং গোৱালপাৰা পুব বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তম সুতাৰপাৰা অঞ্চলত একাংশ নিবনুৱা যুৱকে ৰবিশস্য শাক-পাচলিৰে খেতিৰে সমগ্ৰ অঞ্চলটোত এক কৃষি বিপ্লৱৰ সুচনা কৰিছে।যি সময়ত ৰাজ্যখনৰ একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত বহি:ৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যৰ লগতে ৰাজ্যখনৰ ভিতৰতে ককবকাই আছে,সেই সময়ত জিলাখনৰ বৃহত্তৰ সুতাৰপৰা অঞ্চলত একাংশ নিবনুৱাই বছৰৰ সকলো সময়তে প্ৰয়োজনীয় কৃষি বন্ধাকবি,ফুলকবি,ওলকবি,বিলাহী,মুলা,লেচেৰা,আলু,ৰঙালাউ,পানীলাউ,তিয়ঁহ,ভেণ্ডিৰ লগতে খৰালি সময়তে চপাব পৰা ইৰি,বৰোধানৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।বৃহত্তৰ অঞ্চলটোৰ কিনো শ্বেখ,ছায়েদ আলী,ফুদ্দুছ আলী,মুইছা আলীকে আদি কৰি অঞ্চলটোৰ প্ৰায় দুই শতাধিক কৃষকে ব্যৱসায়িক ভিত্তিত এই কৃষিকাৰ্য কৰি আৰ্থিকভাৱে লাভৱান হ’বলৈ সক্ষম হৈছে।অঞ্চলটোত উৎপাদিত বিভিন্ন শাক-পাচলি জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰাৰ উপৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোপাহাৰৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে।বিশেষকৈ প্ৰতিবছৰে ছিজনৰ আগত উৎপাদিত কৃষি সামগ্ৰীৰ দামো আন সময়তকৈ কিছু বেছি পোৱা যায় বুলি একাংশ কৃষকে জানিবলৈ দিয়ে।প্ৰতিদিনে ট্ৰাকে ট্ৰাকে বহি:অঞ্চললৈ ৰপ্তানি হোৱা কৃষি সামগ্ৰীসমুহ উৎপাদনৰ লগত কৃষকৰ লগতে বহুসংখ্যক লোক জড়িত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।ইয়াৰ উপৰি বহু শিক্ষিত যুৱকো কৃষিকৰ্মৰ স্বাৱলম্বনৰ মুল আহিলা হিচাপে গ্ৰহণ কৰিছে।লগতে জিলাখনৰ চাকৰিৰ বাবে ককবকাই থকা শিক্ষিত যুৱকসকলকো কৃষি কৰ্মত মনোনিৱেশ কৰি স্বাৱলম্বনৰ পথ বাছি ল’বলৈ পৰামৰ্শ দিয়ে।

লেখক:জ্যোতিষ নাথ (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate