অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিকৰ্মৰে স্ব-নিৰ্ভৰ আমগুৰিৰ সীমান্ত জ্যোতি বৰুৱা

কৃষিকৰ্মৰে স্ব-নিৰ্ভৰ আমগুৰিৰ সীমান্ত জ্যোতি বৰুৱা

শিৱসাগৰ জিলাৰ আমগুৰিৰ এজন স্ব-নিৰ্ভৰশীল যুৱক। আমগুৰি সমষ্টিৰ গধূলিবজাৰ মৌজাৰ দেওধাই বৰুৱা চুকৰ উচ্চ শিক্ষাত যুৱকজনে উন্নত জাতৰ কণী পৰা মুৰ্গী, ব্ৰইলাৰ পালন, গাহৰি পালন আৰু ৰবি খাৰিফ শস্যৰে স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ১৯৯২ চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰা সীমান্তজ্যোতিয়ে ১৯৯৪ চনৰ পৰা ব্ৰইলাৰ পালনেৰে সমাজত কৰ্মৰ চানেকী দাঙি ধৰিছে। চৰকাৰী চাকৰিৰ প্ৰতি লালায়িত নহৈ যুৱকজনে নিজা ৰূপিত মাটিত কাঠ-বাহ টিঙেৰে ব্ৰইলাৰ পালনৰ গৃহ সাজি বছৰ বছৰ ধৰি ব্যৱসায় কৰি আহিছে। ১৯৯৬ চনৰ পৰা ১৯৯৯ চনলৈ ব্যৱসায় সম্প্ৰসাৰিত কৰি এইজন যুৱকে উন্নত জাতৰ কণী পৰা কুকুৰা পালনৰ বাবে বাঁহৰ কাঠিৰে এক বিশেষ পদ্ধতিৰে সঁজা তৈয়াৰ কৰি বৈজ্ঞানিকভাৱে কুকুৰা পালন কৰিছে। বৰ্তমান তেওঁৰ প্ৰায় ১০০০ কণী পৰা কুকুৰা আছে আৰু এই কুকুৰাবোৰে দৈনিক প্ৰায় ৭৫০ টা কণী উৎপাদন কৰে। আনহাতে, যুৱকজনে নিজ গৃহতে কুকুৰাৰ বাবে দানা প্ৰস্তুত কৰে। কুকুৰাৰ বাবে প্ৰয়োজন হোৱা দানাৰ সামগ্ৰী যেনে- মাকৈ, প্ৰ’টিনজাতীয় বস্তু, বাদামৰ খলিহৈ, চাউলৰ মল, মিনাৰেল মিক্সাৰ আদি গুৱাহাটীৰ লগতে যোৰহাটৰ পৰা ক্ৰয় কৰি নিজা গৃহতে মেচিনৰ সহায়ত দানা প্ৰস্তুত কৰে। ইতিমধ্যে যুৱকজনক ভি আৰ ডি এই এটা ক্ৰেচাৰ মেচিন আৰু এটা লিফটাৰ মেচিন আগবঢ়াই ব্যৱসায়ত উদ্‌গনি যোগাইছে। ২০০২ চনৰ পৰা এইজন যুৱকে গাহৰি পালন কৰিও ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। উল্লেখযোগ্য যে এইজন আদৰ্শ যুৱক সীমান্তজ্যোতিয়ে আক্ষেপ কৰি কয় যে অসমৰ কুকুৰা, ব্ৰইলাৰ, গাহৰি, গাইগৰু পালকসকলে আজিও ৰাজ্যখনৰ বাহিৰৰ প্ৰতিষ্ঠানৰ দানাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইতিমধ্যে সীমান্তজ্যোতিয়ে ২০১৩ চনৰ গণতন্ত্ৰ দিৱসত শ্ৰেষ্ঠ কুকুৰা পালকৰ সন্মান লাভ কৰিছে। সীমান্তৰ স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত পত্নী ৰশ্মি বৰুৱাৰো বৰঙণি আছে।

লিখক: সমীৰণ বৰুৱা, আমগুৰি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate