অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিকৰ্মৰে স্বাৱলম্বন সৰু কুছিজাৰৰ ঘনাকান্ত কলিতাৰ

কৃষিকৰ্মৰে স্বাৱলম্বন সৰু কুছিজাৰৰ ঘনাকান্ত কলিতাৰ

বাক্সা জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নমাটি-কদমতল চ’কৰ পৰা প্ৰায় দুই কিলোমিটাৰ উত্তৰে অৱস্থিত এই গাঁওখনৰ নাম হ’ল সৰু কুছিজাৰ। এই গাঁৱৰে আদৰ্শ কৃষক তথা গাঁওবুঢ়া ঘনাকান্ত কলিতা। বয়স তেওঁৰ ষাঠি বছৰ। ১৯৭৪ চনতেই প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈ চাকৰিৰ প্ৰতি মন নেমেলি কৃষিকৰ্মতে নিজকে নিয়োজিত কৰি ঘনাকান্ত কলিতা এগৰাকী আদৰ্শ কৃষক হিচাপে পৰিগণিত হৈছে সমগ্ৰ অঞ্চলটোতে। বিগত কেইবাবছৰ ধৰি ব্যৱসায় ভিত্তিত সৰিয়হ, ধান, আলু, কবি, বেঙেনা, তিঁয়হ, কেৰেলা আদিৰ খেতি কৰি যথেষ্ট লাভৱান হোৱা কলিতাই যোৱা বছৰ ৩০ বিঘা মাটিত সৰিয়হ খেতি কৰি প্ৰায় ১০০ মোন সৰিয়হ পায় আৰু সেইখিনি বিক্ৰী কৰি ১ লাখ ৩০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। তদুপৰি সেই বছৰতে ৪০ বিঘা মাটিত ধান খেতি কৰি নিজৰ পৰিয়ালটোৰ বাবে খোৱাৰ জোখাৰে ৰখাৰ পিছতো প্ৰায় ২৫০ মোন বিক্ৰী কৰি ৩৫-৪০ হাজাৰ টকা, বেঙেনাত ২০-২৫ হাজাৰ টকা, আলুত ১৮-২০ হাজাৰ টকা, তিঁয়হ বিক্ৰী কৰি ১০-১২ হাজাৰ টকা পোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে ঘনাকান্ত কলিতাই। এইবাৰ তেওঁ ৪০ বিঘা মাটিত সৰিয়হ খেতি কৰিছে। এই সৰিয়হৰ পৰা তেওঁ ১ লাখ ৭০ হাজাৰ টকা পাব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে, ধান, কবি, আলু, বেঙেনা, তিঁয়হ খেতিৰেও বিগত বছৰটোতকৈ অধিক টকা উপাৰ্জন কৰিব পাৰিব বুলি জনাইছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ঘনাকান্ত কলিতাৰ এই সাফল্যৰ আঁৰত আছে তেওঁৰ দুই পুত্ৰ কৈলাশ আৰু অমল। ৩০ বছৰীয়া বৰপুত্ৰ কৈলাশ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু ২৮ বছৰীয়া সৰু পুত্ৰ অমলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈও এই আটাইবোৰ খেতিতে দেউতাকৰ লগত ছাঁৰ দৰে সততে লাগি থাকে।

লিখক: প্ৰদীপ কুমাৰ পাঠক, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate