যি সময়ত হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিছে, সেই সময়তো এচাম শিক্ষিত যুৱকে চৰকাৰী চাকৰিৰ আশা নকৰি কৃষিকাৰ্যৰ দ্বাৰা স্বাৱলম্বী হৈ জীৱন নিৰ্বাহ কৰি উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। কৃষিৰ জৰিয়তেও যে স্ব-নিৰ্ভৰশীল হৈ সুন্দৰভাৱে জীয়াই থাকিব পাৰি তাৰ দৃষ্টান্ত দাঙি ধৰিছে বাক্সা জিলাৰ অন্তৰ্গত কুছিজাৰ গাঁৱৰ শিক্ষিত নিবনুৱা যুৱক মনোজ কলিতা আৰু কিশোৰ কলিতাৰ লগতে তেওঁলোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ‘’সূৰুযমুখী পথাৰ পৰিচালনা সমিতি’ৰ সদস্যসকলে। এই সমিতিৰ সদস্যসকলে কবি, বিলাহী, বেঙেনা, মূলা, সৰিয়হ, আলু, মচুৰ, মটৰ আৰু ধনীয়াৰ খেতি কৰি আৰ্থিক দিশত লাভৱান হ’বলৈ সক্ষম হৈছে।
প্ৰথমাৱস্থাত তেওঁলোকে দুবিঘা মাটিত বেঙেনা, ডেৰ বিঘা মাটিত বিলাহী, এবিঘা মাটিত মূলা আৰু দুবিঘা মাটিত কবি খেতি কৰে। বেঙেনা বিক্ৰী কৰি তেওঁলোকে ২৫ হাজাৰ টকা, বিলাহী বিক্ৰী কৰি ১০ হাজাৰ টকা, কবি বিক্ৰী কৰি ৭ হাজাৰ টকা পায় যদিও পুনৰ বেঙেনা বিক্ৰী কৰি ২০-২৫ টকা, বিলাহী বিক্ৰী কৰি ১০-১৫ হাজাৰ টকা পাব বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। আনহাতে, মূলা বিক্ৰী কৰি ইতিমধ্যে ১৫ হাজাৰ টকা পোৱাৰ পিছত আৰু প্ৰায় ৭ হাজাৰ টকা পাইছে আৰু বিক্ৰী কৰিবলৈ এতিয়াও বহু বাকী আছে। এই শিক্ষিত নিবনুৱা যুৱকসকলে ১০ বিঘা মাটিত সৰিয়হ, ৬ বিঘা মাটিত মটৰ আৰু মচুৰ, ৭ বিঘা মাটিত ধনীয়া, ৩ বিঘা মাটিত আলু, আৰু প্ৰায় ৩ বিঘা মাটিত তিয়হ, জিকা আৰু কেৰেলাৰ খেতিও কৰিছে।
এইবোৰৰ পৰাও তেওঁলোকে আৰ্থিক দিশত যথেষ্ট সফলতা অৰ্জন কৰিব বুলি আশাবাদী। বাক্সা জিলাৰ উল্লিখিত ‘সূৰুযমূখী পথাৰ পৰিচালনা সমিতি’ৰ শিক্ষিত নিবনুৱা সদস্যসকলৰ কৰ্মস্পৃহাই শিক্ষিত নিবনুৱাসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
লিখকঃ প্ৰদীপ কুমাৰ পাঠক, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 4/27/2020