ৰাজ্যখনৰ একাংশ শিক্ষিত নিবনুৱাই ৰাজ্যখনৰ বাহিৰলৈ অৰ্থোপাৰ্জনৰ বাবে ঢাপলি মেলাৰ সময়তে ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ এজন লোকে কৃষিকৰ্মৰ যোগেদি স্বাৱলম্বী হৈ চাকৰিমুখী শিক্ষিত নিবনুৱাসকলৰ আদৰ্শস্বৰুপ হৈ পৰিছে।মৌজাটোৰ জালজৰী গাঁৱৰ পুতুল শইকীয়া নামৰ লোকজনে গেলাবিলত দৈয়াং নদীৰ সমীপত প্ৰায় পঞ্চাছ বিঘা ভুমিত তামোল-পাণ,নেমুটেঙা,জিকা,লেচেৰা,মাহ,কেৰেলা,অমিতা,কোমোৰা আদি খেতিৰে বাৰ্ষিক প্ৰায় ২৫-৩০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।বৰ্তমান পঞ্চল্লিশ বছৰত ভৰি দিয়া শইকীয়াই বিশবছৰীয়া হোৱাৰপৰাই কৃষিকৰ্মত জড়িত হৈ অহা বুলি জনায়।প্ৰথম অৱস্থাত পিতৃৰ সৈতে কুঁহিয়াৰ খেতি আৰম্ভ কৰে যদিও পিছলৈ বৰুৱাবামুণ গঁৱাৰ চেনিকলটো বন্ধ হৈ যোৱাত সেয়া বাদ দি শইকীয়াই পাচলিৰ খেতিত মনোনিৱেশ কৰে।নিবনুৱাৰ বাবে আদৰ্শ স্বৰুপ লৈ পৰা কৃষক পুতুল শইকীয়াই জনায় যে উক্ত ভুমিত বৰ্তমান চাৰিহাজাৰজোপা তামোল গছ,তাৰে পঁচিশ শ জোপাত পাণ,১৬ বিঘা ভুমিত নেমু টেঙা,৪ বিঘাত লেচেৰা,৪ বিঘাত অমিতা আৰু প্ৰায় ৮ বিঘা মাটিত লাও,কোমোৰা ,জিকা,কেৰেলা,আদিৰ খেতি আছে।বৰ্তমানলৈ চৰকাৰী সাহাৰ্য্যৰ মুখ-নেদেখা শইকীয়াই দিয়া আনুমাণিক হিচাপ অনুসৰি তামোলৰ পৰা বছৰি ৮ লাখ,লেচেৰাৰপৰা ৫০ হাজাৰ,অমিতাৰ পৰা ২ লাখ ,লাওৰপৰা ৩ লাখ,কেৰেলা,জিকা আৰু উৰহীৰ পৰা এক লাখকৈ উপাৰ্জন কৰি আহিছে।অৱশ্যে বজাৰৰ দৰ অনুসৰি উক্ত আয়ৰ পৰিমাণৰ কিছু তাৰতম্য কেতিয়াবা হয়।গেলাবিল গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডত থকা পুতুল শইকীয়াৰ কৃষিপামখনত উৎপাদিত ফচল অসমৰ বিভিন্ন জিলাৰ লগতে নাগালেণ্ড,অৰুণাচল ,মণিপুৰ আদিলৈকো ৰপ্তানি হয়।বিভিন্ন স্থানৰ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰী বিচাৰি দৈনিক তেওঁৰ কৃষিপামখনত উপস্থিত হয়হি বুলি কৃষকজনে জানিবলৈ দিয়ে।এনে এগৰাকী কৃষকে আজি পৰ্যন্ত ৰাজ্যৰ কৃষি বিভাগৰদ্বাৰা কোনো ধৰণৰ সাহায্য নোপোৱা বুলি কৃষকজনে জনোৱাতো অতি তাৎপৰ্যপুৰ্ণ।
লেখক:মাণিক শৰ্মা (দৈনিক অসম)
ৰাজ্য তথা দেশৰ পৰিসীমা অতিক্ৰম কৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো স্থান লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ এবিধ পাচলিৰ নাম হৈছে ভোট জলকীয়া।অৱশ্যে ইয়াক প্ৰচলিত অৰ্থৰ ফলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নহয়।২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত এই ভোট জলকীয়াই অসম তথা উত্তৰ-পুৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল।সেই বছৰতে গীনিজ বুক অব ৱৰ্লড ৰেকৰ্ডত ভোট জলকীয়াই বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে স্থান লাভ কৰিছিল।ভোট জলকীয়াক বিহ জলকীয়া ,নগা জলকীয়া আৰু ৰাজা মৰিচ নামেৰেও জনা যায়।ইংৰাজীত ইয়াক “কিং চিলি”বুলিও কয়।ইয়াক বৈজ্ঞানিকভাৱে কেপচিকাম চাইনিজ আৰু কেপচিকাম ফ্ৰুটচেনচৰ বৰ্ণসংকৰ বুলিও কোৱা হয়।গীনিজ বুকতো নাম সন্নিৱিষ্ট থকা এই ভোট জলকীয়াৰে খেতি পৰীক্ষামুলকভাৱে কৰিছে নগাওঁ জিলাৰ দুজন যুৱকে।জিলাখনৰ ২ নং কাকীৰ প্ৰাচুৰ্য বৰা আৰু মনোজ বৰুৱা নামৰ দুই যুৱকে পৰীক্ষামুলকভাৱে ভোট জলকীয়াৰ খেতি আৰম্ভ কৰিছে।সাংবাদিকতা আৰু জনসংযোগ বিষয়ৰ ডিগ্ৰীধাৰী প্ৰাচুৰ্য বৰাই ইতিপুৰ্বে দুখন সংবাদ পত্ৰতো সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২০১৬ চনত নিজৰ গৃহভুমি ২ নং কাকীলৈ আহি তেওঁ মনোজ বৰুৱা নামৰ আন এজন বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰীধাৰী যুৱকৰ লগ লাগে।দুইজন যুৱকে মিলি “আৰণ্যক”নামৰ এখন কৃষকৰ প্ৰতিষ্ঠান কৰে।এই কৃষক গোটটোৰ উদ্দেশ্য হ’ল কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ সমান্তৰাল ভাৱে অন্য শিক্ষিত যুৱকসকলকো কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰা।প্ৰাচুৰ্য বৰাই “দৈনিক অসম”ক জনোৱা মতে,গুৱাহাটীত পঢ়ি থকা আৰু কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ প্ৰত্যক্ষ কৰিছিল যে বাহিৰৰ ৰাজ্যৰ পৰা অথবা বহি:দেশৰ পৰা অহা লোকসকলে অসমত ভোট জলকীয়া উচ্চ হাৰত ক্ৰয় কৰে।সেয়ে ইয়াৰ ব্যৱসায়িক সম্ভাৱনীয়তা আছে বুলি তেওঁ অনুভৱ কৰে।গুৱাহাটীৰ পৰা নগাঁৱৰ ২ নং কাকীলৈ অহাৰ পিছত প্ৰাচুৰ্য বৰাই সহযোগী মনোজ বৰুৱাৰ সৈতে মিলি এটা পৰিকল্পনা কৰে।সেই অনুযায়ী ২ নং কাকীৰ শিক্ষিত যুৱকসকলক গোট খুৱাই তেওঁলোকক পৰিকল্পনাটোৰ অংশীদাৰ কৰি লয়।পৰিকল্পনা মতে,স্থানীয় যুৱকসকলে তেওঁলোকৰ নিজা মাটিত ভোট জলকীয়াৰ খেতি কৰে।খেতি কৰাৰ ক্ষেত্ৰত জলকীয়াৰ পুলি,সাৰ আদিকে ধৰি আনুষংগিক খৰচ “আৰণ্যক”ৰ হৈ প্ৰাচুৰ্য বৰা আৰু মনোজ বৰুৱাই বহন কৰে।পৰৱৰ্তী সময়ত উৎপাদিত ভোট জলকীয়া যুৱকসকলৰ পৰা বজাৰ মুল্যতকৈ ৫০ শতাংশ ৰেহাই মুল্যত তেওঁলোকে ক্ৰয় কৰে।পিছত স্থানীয় আত্মসহায়ক গোটসমুহৰ জৰিয়তে ভোট জলকীয়াৰ আচাৰ,চচাদি তৈয়াৰ কৰি,পেকেটিং কৰি বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়ে।বিগত বৰ্ষত তেওঁলোকে ৪ বিঘা মাটিত স্থানীয় যুৱকসকলৰদ্বাৰা ভোট জলকীয়াৰ খেতি কৰাইছিল।চলিত বৰ্ষত প্ৰায় ২৫ বিঘা কৃষিভুমিত খেতি কৰোৱাৰ প্ৰস্তুতি চলাইছে।প্ৰাচুৰ্য বৰাই জনোৱা মতে,পুলি তেওঁলোকে নিজে উৎপাদন কৰাৰ চেষ্টা কৰিছে।ইয়াৰ বাবে তেওঁলোকে ডিমাপুৰৰ পৰা গুটি আনে।পিছত মাটি চহ কৰি,সেই মাটিৰ লগত গোবৰ আৰু চাৰ্প নামৰ ঔষধ মিহলি কৰে।সেই মাটিত গুটি সিঁচি দিয়ে।ওপৰত নাৰ্ছাৰী গ্ৰীণ চেড (সেউজীয়া চালি)দিয়ে।সময়ে সময়ে মাটিত পানী দি থাকে।বীজৰ পৰা যেতিয়া পুলি উৎপন্ন হয়,তেতিয়া সেই পুলি পলিথিনত মাটি,গোবৰ আদি মিহলি কৰি সুমুৱাই তাত ৰোপণ কৰে আৰু পলিথিনৰ পেকেট প্ৰস্তুত কৰে।ভোট জলকীয়াৰ পুলি ৰোপণ কৰিবৰ বাবে এমাহৰ আগেয়ে মাটি চহ কৰি,সেই মাটিত শুকান গোবৰ আৰু পোৰা গোবৰ মিহলি কৰিব লাগে।ভোট জলকীয়া খেতি কৰা মাটি ডৰা এঢলীয়া হ’ব লাগে।ডেৰ ফুটৰ ব্যৱধানত পুলি ৰোপণ কৰি মাজত পানী যোৱাৰ বাবে নলা ৰোপণ কৰিব লাগে।পোকৰ আক্ৰমণৰপৰা ভোট জলকীয়াৰ পুলি ৰক্ষা কৰিবৰ বাবে চাদাপাত তিয়াই সেই পানীত নিমপাত পোৰা ছাই মিহলি কৰি ছটিয়াব লাগে।ভোট জলকীয়াৰ খেতিত জৈৱিক সাৰৰ লগতে কৃত্ৰিম সাৰো ব্যৱহাৰ কৰা বুলি প্ৰাচুৰ্য বৰাই কয়।বিগত বৰ্ষত চাৰি বিঘা মাটিত প্ৰায় এক কুইণ্টল ভোট জলকীয়া উৎপাদন হৈছিল।ইয়াৰে পাঁচশৰো অধিক পেকেট আচাৰ প্ৰস্তুত কৰি বিক্ৰী কৰিছিল।এবিঘা মাটিত প্ৰায় এহাজাৰ ভোট জলকীয়া পুলি ৰোপণ কৰিব পাৰি।প্ৰতি কিলোগ্ৰাম ভোট জলকীয়াৰ মুল্য সাধাৰণ অৱস্থাত ৩০০ টকাৰ অধিক বুলি প্ৰাচুৰ্য বৰাই কয়।তেওঁ কোৱা মতে,অসমৰ যুৱক কৰ্ম সংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ গুচি যায়।এইসকল যুৱকক কৃষিকৰ্মৰে স্বাৱলম্বী কৰাটোৱেই “আৰণ্যক”ৰ প্ৰধান উদ্দেশ্য।তদুপৰি বহু আত্মসহায়ক গোটৰ কাম-কাজ কেৱল ঋণ লোৱাতেই সীমাবদ্ধ থাকে।তেনে আত্মসহায়ক গোটসমুহৰ লগতে মহিলাসকলকো আচাৰ,চচ আদি তৈয়াৰ কৰা কাৰ্যত তেওঁলোকে জড়িত কৰিব বিচাৰিছে।পৰৱৰ্তী সময়ত কাকীৰ ডেড়াপথাৰ এলেকাত ভোট জলকীয়া,আনাৰস আদিৰ খেতি কৰাৰ পৰিকল্পনা থকাৰ কথা সদৰি কৰি প্ৰাচুৰ্য বৰাই “দৈনিক অসম”ক কয়-ডেড়া পথাৰ এলেকাত হাজং আৰু কোচ জনগোষ্ঠীৰ এক বিশেষ ঠালে বসবাস কৰে।বাংলাদেশ গঠনৰ সময়ত ভাৰত-বাংলাদেশ সীমান্তৰ পৰা আনি এই লোকসকলক ভেড়াপথাৰ অঞ্চলত চৰকাৰে সংস্থাপিত কৰিছিল।কঠোৰ পৰিশ্ৰমী এই লোকসকলে আৰ্থিক দুৰ্বলতাৰ বাবে ভালদৰে কৃষিকৰ্ম কৰিব পৰা নাই।এই লোকসকলক লৈ ভালদৰে বিভিন্ন খেতি কৰাৰ পৰিকল্পনাও আছে বুলি প্ৰাচুৰ্য বৰাই কয়।কৃষি বিভাগৰপৰা কোনো ধৰণৰ সহায় নোপোৱাৰ কথা কৈ আক্ষেপ কৰে যুৱ কৃষকগৰাকীয়ে।প্ৰাচুৰ্য বৰাই জনোৱা মতে,ভোট জলকীয়াৰ পৰা কৰ্কট ৰোগৰ ঔষধকে ধৰি বিভিন্ন ঔষধো প্ৰস্তুত কৰা হয়।গতিকে এনে এক উপকাৰী ফচলৰ খেতি বিস্তাৰিতভাৱে কৰা উচিত।উল্লেখ্য,গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিক আৰু কৰ্ম সংস্কৃতিৰ দিশৰ পৰা টনকিয়াল কৰা আৰু গ্ৰাম্য যুৱকসকলক কৃষিকাৰ্যত জড়িত কৰাৰ বাবে আৰণ্যকে গ্ৰহণ কৰা প্ৰচেষ্টা নি:সন্দেহে প্ৰশংসনীয়।
লেখক:চন্দনজ্যোতি বৰা (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/31/2020