অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেওঁটকুছিৰ আদৰ্শ খেতিয়ক প্ংকজ পাঠক

কেওঁটকুছিৰ আদৰ্শ খেতিয়ক প্ংকজ পাঠক

কম মাটিত অধিক শস্য উৎপাদন, উপযুক্তভাৱে জৈৱিক সাৰ প্ৰয়োগ আৰু একেডৰা মাটিতে একাধিক শস্য উৎপাদনৰ পদ্ধতি প্ৰয়োগ কৰি কৃষিকৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ সপোন বাস্তৱত ৰুপায়িত কৰিছে বৰপেটাৰ পূব প্ৰান্তত অৱস্থিত কেওটকুছি গাওঁৰ আদৰ্শ খেতিয়ক প্ংকজ পাঠকে। ৰাজ্যৰ কৃষি বিভাগৰ আওকণীয়া মনোভাব সত্বেও জলসিঞ্চনৰ ব্যৱস্থা নথকাকৈয়ে আৰু কোনোধৰণৰ চৰকাৰী সাহাৰ্য অবিহনেই সাঁচতীয়া ধন খৰচ কৰি বিগত দুই দশক ধৰি কৃষিকৰ্মত নিয়োজিত হৈ অহা উদ্যমী যুৱ কৃষকজনে ৰবি শস্যৰ খেতিৰে আন নিবনুৱা যুৱক সকলকো খেতিৰ দ্বাৰাই স্বাৱলম্বী হ’বলৈ উদ্‌গনি যোগাই আহিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰপৰাই এফালে মহাবিদ্যালয়ত অধ্যয়ন, আনফালে সমানে কৃষিকৰ্মত মনোনিৱেশ কৰা ছাত্ৰ নেতা তথা আদৰ্শ কৃষক প্ংকজ পাঠকে মুঠ ১২ বিঘা মাটিত কবি, আলু, বিলাহী, জিকা, ৰঙালাউ, সৰিয়হ, কল আদিৰ খেতি কৰিছে। তদুপৰি তেওঁ ৪ বিঘাৰ এটা পুখুৰীত মাছ পালন কৰাৰ লগতে ২ বিঘা মাটিত মুগা পলু পুহিবলৈ চোম গছৰ খেতি কৰিছে। প্ৰায় ৩২০ জোপা চোম গছ ৰোপণ কৰি পৰীক্ষামূলকভাৱে মুগা পলু এবাৰ পোহাৰ পিছত তেওঁ এইবাৰ পুনৰ মুগা পোলু পুহিবলৈ স্থিৰ কৰিছে। এই খেতিতেই বৰ্ণস্ংকৰ গাই গৰু পোহাৰ লগতে গৰুৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহ আৰু শ’ণ গুটিৰো খেতি আৰম্ভ কৰিছে। স্নাতক ডিগ্ৰীধাৰী হৈও চাকৰিমুখী প্ৰৱণতা বাদ দি কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হব’লৈ আন বহু যুৱকক আদৰ্শ দেখুওৱা প্ংকজ পাঠকে সদৌ অসম ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিৰ বিত্ত সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে কেওটকুছি ন্-পাৰা মুকুন্দদেৱ শাখা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব বহন কৰি আহিছে। কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে আন চাৰিজন যুৱককো কৰ্মস্ংস্থান দিবলৈ সক্ষম হৈছে। ৰেচম বিভাগ, পশুপালন, কৃষি আৰু মীন বিভাগ জড়িত থকা প্ংকজ পাঠকৰ খেতিত বিভাগকেইটাই মনোনিৱেশ কৰি উপযুক্ত আৰ্থিক সকাহ আৰু প্ৰশিক্ষণ দিলে উপকৃত হ’লহেতেন আদৰ্শ খেতিয়কজন।

নৱজিত দাস, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate