অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰালাৰ পৰা অনা বীজৰ খেতিৰে আদৰ্শ কৃষক কমিছন মিলিয়ে দিছে চমক:

কেৰালাৰ পৰা অনা বীজৰ খেতিৰে আদৰ্শ কৃষক কমিছন মিলিয়ে দিছে চমক:

 

নীলা ধন, নীলা চাউল….আশ্চৰ্য, অবিশ্বাস্য আৰু সপোন সপোন যেন লগা এইখন অসমৰে এক ঘটনা। সেউজীয়া ধাননি পথাৰৰ পৰা সোণগুটি যেন ধানৰ সলনি ৰঙাপৰাৰ খনামুখৰ বালিগাঁৱৰ কৃষক কমিছন মিলিৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত পথাৰত প্ৰথমবাৰলৈ উৎপাদন হৈছে নীলা চাউল। আইজং, ৰঞ্জিত ধানৰ চাউলৰ বাবে কৃষকগৰাকীয়ে পৰীক্ষামূলকভাৱে সামান্য পৰিমাণৰ মাটিত এইবিধ ধানৰ খেতি কৰি চমক সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আফগানিস্তানৰ পৰা সংগ্ৰহ কৰি অনা এটা ধানৰ পৰা ২-৩টা চাউল ওলোৱা ধানৰ খেতি কৰি অসমৰ কৃষিক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰিছিল। নিতৌ পুৱাৰ পৰা গধূলিলৈকে বিভিন্ন কৃষিকৰ্মত ব্যস্ত থকা কৃষক কমিছন মিলিয়ে দীৰ্ঘদিন ধৰি নীৰৱে নিজৰ খেতিপথাৰত সময়বিশেষে বিভিন্ন খেতি কৰি আহিছে। অসমৰ কৃষি বিভাগে নজনা বহু কৃষি এইজন কমিছন মিলিয়ে নিজৰ পথাৰত কৰি বিগত সময়ছোৱাত বহু চৰকাৰী আৰু বেচৰকাৰী স্বীকৃতিও লাভ কৰি আহিছে। প্ৰথমবাৰৰ বাবে মাত্ৰ আধা কেজি নীলা ধানৰ বীজ সিঁচি প্ৰায় একঠা মাটিৰ পৰা প্ৰায় ৫ মোন ধান উৎপাদন কৰিছে। এইক্ষেত্ৰত আজি অসমীয়া প্ৰতিদিনেৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আদৰ্শ কৃষক মিলিয়ে কয়- মই খেতি কৰি ভাল পাওঁ আৰু বিশেষকৈ প্ৰত্যাহ্বানমূলক খেতি কৰি বেছি ভাল পাওঁ। বিগত ২০০৮ বৰ্ষত মই আফগানিস্তানৰ পৰা এজন বন্ধুৰ জৰিয়তে সংগ্ৰহ কৰা এই বিৰল প্ৰজাতিৰ ধানৰ খেতি কৰিছিলো। য’ত এটা ধানৰ পৰা ২-৩টালৈকে চাউল ওলাইছিল। সেই ধানৰ খেতি মই অব্যাহত ৰাখি অসমৰ প্ৰসাৰ কৰিছো। এইবাৰ মই নীলা বৰণৰ এবিধ বিশেষ প্ৰজাতিৰ ধানৰ খেতি কৰিছো। যিবিধ ধান কটাৰ সময়ত নীলা হৈ থকা কেঁচা ধানটোৰ পৰা নীলা ৰঙৰ চাউলো ওলায়। আমাৰ খেতিপথাৰত উৎপাদন হোৱা আন ধানবোৰৰ ভিতৰত বিশেষকৈ আইজং আৰু ৰঞ্জিত ধানৰ দৰেই এইবিধ ধানৰ চাউলো একেই হয়। কিন্তু এইবিধ ধানৰ থোকবোৰ আন ধানৰ দৰে শাৰী শাৰী নহয়। দেখিবলৈ অতি ধুনীয়া ধানবোৰ ৫-৬টা ধানেৰে একোটা থূপ হৈ একোটা থোকত যথেষ্ট ধান হয়। শালি ধানৰ খেতিৰ সময়তে মই প্ৰায় আধা কেজি এইবিধ ধানৰ বীজ সিঁচি মাত্ৰ একঠা মাটিৰ পৰা কম খৰচত থলুৱা পদ্ধতিৰে প্ৰায় ৫ মোন ধান উৎপাদন কৰিবলৈ সক্ষম হৈছো। বিজ্ঞানসন্মতভাৱে যদি এইবিধ ধানৰ খেতি কৰা হয়, তেন্তে ইয়াৰ পৰা প্ৰচুৰ পৰিমাণৰ ধান উৎপাদন হোৱাৰ সম্ভাৱনা বহুত বেছি। ভাৰতবৰ্ষৰ কেৰেলাৰ মোৰ এজন ঘনিষ্ঠ ফাডাৰ জেকবৰ পৰা এই বিৰল প্ৰজাতিৰ ধানৰ বীজ লাভ কৰিছিলো। কৃষক মিলিয়ে কয়- কেঁচা হৈ থকাৰ সময়ত এইবিধ ধানৰ ৰং নীলা দেখি মই যথেষ্ট আচৰিত হৈ পৰিছিলো। কিয়নো নীলা ধানৰ পৰা নীলা চাউল ওলোৱা কথা মই কাহানিও সপোনতো ভবা নাছিলো যদিও সেই ধান আজি মোৰ পথাৰত উৎপাদন কৰিবলৈ সক্ষম হৈছো। আন ধানখেতিৰ লগতে এইবাৰৰ পৰা মই নীলা ধানৰ খেতি প্ৰতি বছৰে ক্ৰমান্বয়ে বঢ়াই যাম আৰু ইয়াৰ প্ৰসাৰ জিলাখনৰ লগতে সমগ্ৰ অসমতে কৰিম।

উৎস:অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate