অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ষেত্ৰীত জৈৱিক কৃষি পদ্ধতিৰে এখন উন্নতমানৰ নাৰ্ছাৰীঃ

ক্ষেত্ৰীত জৈৱিক কৃষি পদ্ধতিৰে এখন উন্নতমানৰ নাৰ্ছাৰীঃ

 

জৈৱিক কৃষিৰ গুণগত উপকাৰিতা আৰু এই কৃষি পদ্ধতি অঞ্চলটোৰ কৃষকসকলক অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীৰ বিজয়া নাৰ্ছাৰীত জৈৱিক কৃষিৰ আত্মিক সন্দৰ্ভত অলপতে মেলা অনুষ্ঠিত কৰা হয়। বিজয়া নাৰ্ছাৰীখনৰ স্বত্বাধিকাৰী অনুভা সিং আৰু প্ৰিয়ংকা সিঙৰ উদ্যোগত অনুষ্ঠিত কৃষিমেলাত অঞ্চলটোৰ বহু কৃষক উপস্থিত থাকে। জৈৱিক কৃষি পদ্ধতি সন্দৰ্ভত কৃষকসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এখন কৃষি সম্পৰ্কীয় সভাও অনুষ্ঠিত হয়। সভাত কৃষি আয়ুক্ত আৰু সচিব অম্লান বৰুৱা উপস্থিত থাকি কয় যে ৰাজ্যখনত ২৮ লাখ হেক্টৰ কৃষিভূমি আছে। জনসংখ্যা অনুপাতে কৃষিভূমি কম। সেয়েহে একেডৰা কৃষিভূমিতে বছৰত ২-৩ টাতকৈ অধিক উন্নত পদ্ধতিৰে খেতি কৰাটো প্ৰয়োজন। সাধাৰণ কৃষি পদ্ধতি এৰি জৈৱিক কৃষি পদ্ধতিৰে খেতি কৰিব লাগে। জৈৱিক কৃষিয়ে অকল উৎপাদন বৃদ্ধিয়ে নকৰে, স্বাস্থ্যৰ উপকাৰ, প্ৰদূষণমুক্ত মাটি ভালে ৰখা, খাদ্যবোৰৰ পৰা বিষ মুক্ত আদি ভালেমান উপকাৰ সাধন কৰে বুলি তেওঁ উল্লেখ কৰে। ইপিনে, অনুষ্ঠানত অতিৰিক্ত সচিব তথা অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাও উপস্থিত থাকি কয় যে বিজয়া নাৰ্ছাৰী কৰ্তৃপক্ষই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে প্ৰায় ১৫ বিঘা ভূমিত আন উদ্যোগ গঢ়ি নুতুলি জৈৱিক কৃষি পদ্ধতিৰে এখন উন্নত মানৰ নাৰ্ছাৰী গঢ় দি কৃষকসকলক উৎসাহিত কৰাৰ বাবে শলাগ লয়। উদ্যান আৰু খাদ্য সংশোধন সঞ্চালক প্ৰধান কুমাৰ হাজৰিকাও উপস্থিত থাকি বৰ্তমান ৰাজ্যখনত জৈৱিক কৃষিৰ প্ৰতি খেতিয়কসকল আকৰ্ষিত হোৱা বুলিও উল্লেখ কৰে। উক্ত অনুষ্ঠানতে অঞ্চলটোৰ আঠজন কৃষকক মেঘা-১ নামৰ অতি উন্নত মানৰ জৈৱিক হালধিৰ বীজো বিতৰণ কৰে। এই কৃষিমেলাত জৈৱিকভাৱে উৎপাদিত বিভিন্ন শাক-পাচলি, ফলমূল, চাউল, মৌ, মচলা, খাদ্যসম্ভাৰ আদিৰ প্ৰদৰ্শন আৰু বিপণনৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য, বিজয়া নাৰ্ছাৰীয়ে চতুৰ্থ অসম আন্তৰ্জাতিক কৃষি উদ্যান মেলা-২০১৭ত ৰাজ্য চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠ নাৰ্ছাৰী বঁটা লাভ কৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ৰমেশ দাস)।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate