অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেতিপথাৰত ৰাষ্ট্ৰীয় খেলুৱৈ, শিক্ষিত যুৱক

খেতিপথাৰত ৰাষ্ট্ৰীয় খেলুৱৈ, শিক্ষিত যুৱক

পশ্চিম নলবাৰীত কৃষি বিপ্লৱৰ নিদৰ্শন

যুগৰ পৰিৱৰ্তন হৈছে…। এতিয়া আৰু খেতিয়ক, কৃষক, কৃষিকৰ্ম বুলিলে অৱহেলা কৰাৰ সময় উকলি….। আধুনিকতাৰ চৰম উন্নতিৰ সময়ত এতিয়া অকল গৰুৰে হালবাই পুৰণিকলীয়া পদ্ধতিৰে কেৱল বয়োজ্যেষ্ঠসকলেই যে খেতি কৰি থাকিব পাৰে এনে কথাও নহয়। বিজ্ঞান-প্ৰযুক্তিৰ চৰম উন্নতিৰ সময়ত এতিয়া কৃষিকৰ্ম কৰাটো গৌৰৱৰ কথা, চহকী হোৱাৰ সুন্দৰ পথ। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ একাংশ শিক্ষিত নিবনুৱা, উদ্যোগী যুৱকে চাকৰি বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰাৰ পৰিৱৰ্তে এনেয়ে পৰি থকা কেইবা বিঘা মাটিত খেতি কৰি আৰু বিভিন্ন ব্যৱসায় আদি কৰি স্বাৱলম্বী হৈ এক আদৰ্শ দেখুৱাইছে।


চামতাৰ খলিহাৰ স্নাতক ডিগ্ৰীধাৰী সৰবৰহী যুৱক, প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ, সুদক্ষ ভলীবল আৰু ক্ৰিকেট খেলুৱৈ, বিহু হুচৰি দলৰ শিল্পী আৰু বৰ্তমান পূৰবী গাখীৰ, কিং ফিচাৰ মিনাৰেল ৱাটাৰৰ ডিষ্ট্ৰিবিউটৰ আৰু এয়াৰচেলৰ টেৰটৰী ছেলছ মেনেজাৰ হিচাপে কাম কৰি থকা অনিল বৰ্মণৰ নেতৃত্বত ‘অজন্তা কৃষি আত্মসহায়ক গোট চামতা’ নামেৰে এটি গোট গঠন কৰি কেইজনমান উদীয়মান যুৱক একত্ৰিত হয়। আত্মসহায়ক গোটটোৰ সভাপতি অৱণী বৰ্মণ (স্নাতক), সম্পাদক অনিল বৰ্মণ (স্নাতক), বিত্ত সম্পাদক জয়ন্ত তালুকদাৰ আৰু সদস্য ক্ৰমে ৰমেন বৰ্মণ, হিতেশ শৰ্মা, হলধৰ কাকতি, জোন তালুকদাৰ, প্ৰণৱ বৰ্মণ, অমৃত বৰ্মণ আৰু উজ্জ্বল শৰ্মাই চামতাৰ অলপ আঁতৰত থকা চিস্তাৰ পামৰ ৫০ বিঘা কৃষিভূমিত বিজ্ঞানসন্মত পদ্ধতিত ৰবি শস্য আৰম্ভ কৰিছে। শিক্ষিত যুৱককেইজনে নিজেই ট্ৰেক্টৰেৰে হালবাই, মাটি চহাই, বীজ সিঁচি, সাৰ চতিয়াই দিনে নিশাই কঠোৰ শ্ৰম কৰি কৃষিকাৰ্য্যত ব্যস্ত হৈ পৰিছে। বৰ্তমান তেওঁলোকে ২৫ বিঘা মাটিত সৰিয়হ, ২২ বিঘা মাটিত ভেন্দি আৰু ২ বিঘা মাটিত আলু-মটৰৰ খেতি কৰিছে। যুৱকেইজনৰ এই কাৰ্য্যত সহায়ৰ বাবে আগবাঢ়ি আহিছে পকোৱা জিলা পৰিষদৰ সদস্যা তথা নলবাৰী জিলা পৰিষদৰ উপাধ্যক্ষা ৰীতা দত্ত। দত্তই আলু, ৰাজমাহ আদিৰ বীজ যোগান ধৰি উৎসাহিত কৰিছে সৰবৰহী যুৱককেইজনক। ইপিনে, বিভাগীয় বিষয়াই যোগান ধৰিছে সাৰ। ধনিয়াৰ বীজ যুৱকসকলে নিজেই ক্ৰয় কৰিছে। জানিব পৰা মতে, গোটৰ সদস্যসকলে ৩৫ বিঘা মাটিত বৰোধান (ইৰি খেতি)ৰ বাবেও কঠীয়া সিঁচিছে আৰু বিজ্ঞানসন্মতভাৱে এই ধান খেতি কৰিবলৈ প্ৰস্তুতি চলাইছে। যুৱকসকলে এই কৃষিকাৰ্য্যৰ উপৰি অন্য ব্যৱসায়, যেনে-দোকান কাটিং টেইলৰিং আদিৰেও অৰ্থ উপাৰ্জনৰ পথ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত তেওঁলোকে কয়-বৰ্তমান সময়ত কৃষিকৰ্ম বা ব্যৱসায় আদিৰে স্বাৱলম্বী হৈ চহকী হ’ব পাৰি। চাকৰিয়ে একমাত্ৰ সংস্থাপন হ’ব নোৱাৰে। চাকৰিতকৈ উন্নত পদ্ধতিৰ কৃষিকৰ্ম বা ব্যৱসায় আদিৰে আৰ্থিক অৱস্থাৰ অধিক উন্নতি কৰিব পাৰি আৰু নিজৰ লগতে আন দহজনৰো উন্নতি সাধন কৰিব পাৰি। চামতাৰ এইসকল যুৱকৰ প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে। এই যুৱকসকলৰ যোগেৰেই অঞ্চলটিত এক কৃষি বিপ্লৱৰ সূচনা আৰু এক উন্নতিৰ পৰিৱেশ গঢ়ি উঠিছে।

লিখক: প্ৰদীপ কুমাৰ বৰ্মণ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate