অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাহৰি পালনৰ আদৰ্শ গাঁও কাচিমপুৰ

গাহৰি পালনৰ আদৰ্শ গাঁও কাচিমপুৰ

যোৰহাটত থকা অসম কৃষি বিশ্ববিদ্যালয়ে ৰুপায়ন কৰি থকা জলবায়ু সাপেক্ষে কৃষিৰ বাবে ৰাষ্ট্ৰীয় উদ্যোগ চমুকৈ “নিকৰা” নামৰ আচঁনিখনৰ অধীনত নলবাৰী জিলাৰ কাচিমপুৰ গাওঁখনৰ গাহৰি পালনৰ আদৰ্শ গাওঁ হিচাপে ঘোষনা কৰা হৈছে।নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰই এইক্ষেত্ৰত উদ্যোগ গ্ৰহন কৰি অনুসুচিত জনজাতিৰ লোকৰ বসতিপ্ৰ্ধান গাওঁখনৰ লোকসকলৰ জীৱন ধাৰনৰ মান উন্নত কৰাৰ বাবে গাওঁখনক গাহৰি পালনৰ আদৰ্শ গাওঁ হিচাপে গঢ়ি তোলাৰ বাবে উদ্যোগ লৈছে।যোৱা মাৰ্চ মাহত গাওঁখনৰ ২০ টা পৰিয়ালৰ মাজত ৪০ টা উন্নত জাতৰ গাহৰিৰ পোৱালী বিতৰন কৰি আঁচনিখনৰ শুভাৰম্ভ কৰা হয়।ইয়াৰ পৰৱৰ্তী সময়ত গাওঁখনৰ আৰু ১৯টা পৰিয়ালৰ মাজত ৫৮ টা গাহৰি প্ৰ্দান কৰা হয়।পৰৱৰ্তী সময়ত মুঠ এশটা পৰিয়ালক গাহৰিৰ পোৱালি বিতৰন কৰি আঁচনিখনত সামৰি লোবা হব।আঁচনিখনৰ চোৱাচিতাৰ দায়িত্ব থকা বিজ্ঞানী দেৱজিৎ ডেকাই জানিবলৈ দিয়া মতে গাওঁখনৰ আৰ্থিকভাৱে পাছপৰা অনুসুচিত জনজাতিৰ মহিলাসকলক চিনাক্ত কৰি এই আচঁনিখনৰ সুবিধা প্ৰ্দান কৰা হৈছে।এইক্ষেত্ৰত বিধৱা মহিলাসকলে অগ্ৰাধিকাৰ দিয়া হৈছে।বিজ্ঞানসন্মতভাবে গাহৰি পালনেৰে জীৱন ধাৰনৰ মান উন্নত কৰাৰ বাবে গাওঁখনত উন্নত জাতৰ গাহৰিৰ পোৱালি বিতৰন কৰা হৈছে।ৰানীত থকা গাহৰি গৱেষনা কেন্দ্ৰ আৰু খানাপাৰা পশু চিকিৎসা বিভাগৰ পামৰপৰা অনা হেমাছায়াৰ লাৰ্জ ব্লেক আৰু টি এন ডি নামৰ উন্নত জাতৰ গাহৰি পোৱালি হিতাধিকাৰীসকলৰ মাজত বিতৰন কৰা হৈছে।ডেকাই পুনৰ প্ৰকাশ কৰা মতে মাত্ৰ পাচঁ লাখ ব্যয়েৰে গাওঁখনত আচঁনিখন ৰুপায়ন কৰা হৈছে।গাওঁখনৰ মহিলাসকলক গাহৰি পালন সম্পৰ্কে কেইবালানিও প্ৰ্শিক্ষন দিয়াৰ লগতে গাহৰি পাম দেখুওবালৈও নিয়াৰ ব্যৱস্থা কৰা হৈছে।কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড:মৃদুল ডেকাই জানিবলৈ দিয়া মতে গাওঁখনত উন্নত আৰু বিজ্ঞানসন্মতভাবে গাহৰি পালনৰ এক আদৰ্শ সৃষ্টি কৰি জিলাখনৰ আন আন অঞ্চলৰ নতুন গাহৰি পালকসকল উৎসাহিত কৰা হব।

ৰমেন কলিতা, নলবাৰী

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate