অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গুৱাহাটী-শ্বিলং-অৰুণাচল প্ৰদেশৰ বজাৰত নলবাৰীৰ অশোক মেধিৰ কেঁচু সাৰ বিক্ৰী:

গুৱাহাটী-শ্বিলং-অৰুণাচল প্ৰদেশৰ বজাৰত নলবাৰীৰ অশোক মেধিৰ কেঁচু সাৰ বিক্ৰী:

 

অসীম ধৈৰ্য, একাগ্ৰতা, শ্ৰমৰে যে জীৱন গঢ়িব পাৰি সেয়া প্ৰমাণ কৰিছে নলবাৰীৰ এগৰাকী উদ্যমী ব্যক্তি অশোক মেধিয়ে। খেতি কৰাৰ হেঁপাহ কি চহৰ, কি নগৰ, কি গাওঁ সকলো অঞ্চলৰ লোকৰে থাকে। কিন্তু চহৰত খেতি কৰিব পৰা মাটি নাথাকে। কিন্তু চহৰৰ লোকসকলৰ বাবে জন আশাৰে ৰেঙনি কঢ়িয়াই আনিছে নলবাৰী জিলাৰ পশ্চিম দিশৰ বালি গাঁৱৰ উদ্যমী যুৱক অশোক মেধিয়ে। ৰাজ্যৰ ক্ষেত্ৰত এক ন আশাৰ বাট মুকলি কৰি অশোকে মাটিৰ বেগ বনাই বজাৰত বিক্ৰী কৰি নিজে আত্মনিৰ্ভৰশীল হোৱাৰ বাট উলিওৱাৰ লগতে কংক্ৰিটৰ মহানগৰীত বাস কৰা বহু পৰিয়ালকে সতেজ ফুলৰ সুগন্ধ লোৱাৰ উপৰি সতেজ শাক-পাচলিৰ সোৱাদ লোৱাৰ সুযোগ দিছে। এইগৰাকী যুৱকে ঘৰতে তৈয়াৰ কৰা এনে টাৱ ছয়েল’ৰ পেকেটে সম্প্ৰতি কেৱল গুৱাহাটীতে নহয় শ্বিলং আৰু অৰণাচল প্ৰদেশতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক তথা মুখ্য বিজ্ঞানী ড° মৃদুল ডেকা আৰু বিভাগীয় বিজ্ঞানীৰ সহায় লাভ কৰি ২০০৮ চনৰ পৰা অশোক ভাৰমি কম্পোষ্ট নামেৰে কেঁচু সাৰ উৎপাদন কৰি আহিছে। ব্যৱসায়িক ভিত্তিত কেঁচু সাৰৰ যোগান ধৰা এই যুৱকজনে টাব ছয়েলৰ ব্যৱসায় আৰম্ভ কৰাৰ পিছৰে পৰা আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। তেওঁ জনোৱা মতে বিগত বছৰৰ পৰা অশোক মেধিয়ে এই নতুন ব্যৱসায়ত হাত দি আশা কৰাতকৈ অধিক সাফল্য অৰ্জন কৰিছে। তেওঁ জনোৱা মতে গুৱাহাটীৰ পাইকাৰী বিক্ৰেতাসকলে তেওঁৰ পৰা যি হাৰত এনে টাব ছয়েল’ৰ পেকেট বিচাৰিছে সিমানখিনি যোগান ধৰিবলৈ তেওঁ সক্ষম হোৱা নাই। তেওঁ অশোক ভাৰমি কম্পোষ্টৰ নামতে প্ৰতি ১০ কিলোগ্ৰামৰ পেকেট বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিছে। এনে একোটা পেকেট তেওঁ ৭০-৮০ টকা মূল্যত বিক্ৰী কৰে যদিও ব্যৱসায়ীসকলৰ পৰা এনে পেকেট ১৫০ টকা মূল্যত কিনিব লাগে। যুৱক মেধিয়ে পুনৰ জনোৱা মতে, তেওঁ এনে এটি পেকেটত মাটিৰ ক্লগত ৩০ শতাংশ কেঁচু সাৰ, ১০ শতাংশ নিমৰ গুৰি, পাঁচ শতাংশ হাঁড়ৰ গুৰি আৰু ১০ শতাংশ ট্ৰাইকোডৰ সাৰ এটি মিশ্ৰণ প্ৰস্তুত কৰি এনে টাব ছয়েল’ৰ পেকেট প্ৰস্তুত কৰে। এনে মাটিত গ্ৰাহকে কোনোধৰণৰ সাৰ বা ঔষধ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাথাকে। বালি গাওঁখনিৰ চাৰিজন যুৱকক লগত লৈ উৎপাদন চলাই থকা অশোক মেধিয়ে উন্নত মানৰ কেঁচু সাৰ উৎপাদন কৰি ইতিমধ্যে এক গুৰুত্বপূৰ্ণ বজাৰ দখল কৰিছে। তেওঁৰ পৰা এনে কেঁচুসাৰ অসম চৰকাৰৰ কৃষি বিভাগে যোৱা তিনি বছৰে ক্ৰয় কৰাৰ ওলগতে তেওঁৰ প্পৰা উৎকৃষ্ট পচন সাৰ টাটা গ্ৰুপেও ক্ৰয় কৰি আহিছে। কিন্তু পৰিতাপৰ বিষয় যে সৃষ্টিশীল মনেৰে কামত আগবঢ়া অশোক মেধিয়ে এচাম মধ্যভোগীৰ বাবে উপযুক্ত লাভ অৰ্জনৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। এই সামগ্ৰীসমূহ বজাৰত যোগান ধৰাৰ বাবে এখন ভেনৰ বাবে যোগাযোগ কৰিও সফল হ’ব পৰা নাই উদ্যমী যুৱকজনে। নিবনুৱাৰ মাজত আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হোৱা যুৱক মেধিক যদি কৃষি বিভাগ, চৰকাৰ তথা বেংকে ঋণ দি সহযোগ আগবঢ়াই নিশ্চিতভাৱে কেঁচুসাৰ উৎপাদন ব্যৱসায়ৰ ক্ষেত্ৰত নতুন বিপ্লৱ সূচনা কৰিব পাৰিব বুলি ৰাইজে ধাৰণা কৰিছে।

উৎস:নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate