অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য অৰ্থনীতি ভেটি টনকিয়াল কৰা এগৰাকী সফল উদ্যমী লীলা চৰণ দত্ত

গ্ৰাম্য অৰ্থনীতি ভেটি টনকিয়াল কৰা এগৰাকী সফল উদ্যমী লীলা চৰণ দত্ত

সচৰাচৰ দেখা যায় যে একাংশ নিবনুৱাই কামৰ বাবে গাঁৱৰ পৰা চহৰলৈ ঢাপলি মেলে । গাঁওৰ পৰা চহৰলৈ কামৰ সন্ধানত যাওঁতে নিচলা জনে বহুতো মূল্যৱান সা-সামগ্ৰী বিক্ৰী কৰি অথবা বন্ধকত থৈ যাব লগা হয় । কিন্তু গাঁৱতে থাকিও যে সোণ গুটি বুটলিব পাৰি সেই কথা দকৈ গমি নাচায় । গাঁৱতেই থাকি গ্ৰাম্য অৰ্থনীতি ভেটি টনকিয়াল কৰা এগৰাকী সফল উদ্যমীৰ উদাহৰণ হ’ল যোৰহাট চাৰিগাঁৱৰ লীলা চৰণ দত্ত । দত্তৰ পৰিচয় এগৰাকী, মৌ পালক,ব্যৱসায়ী, উদ্ভাৱক আৰু সফল গ্ৰাম্য উদ্যমী ৰূপে । তেঁখেতৰ অধীনত পৰিচালিত হৈ আছে চাৰিগাঁও কুটিৰ উদ্যোগ।

চৰিগাঁও কুটিৰ উদ্যোগৰ ভিতৰ চৰালৈ আগবঢ়াৰ আগতে জানি লওঁ আহকচোন উদ্যোগটোৰ অতীত সৰ্ম্পকে…. জনা যায় খাদী আৰু গ্ৰাম্য উদ্যোগ কমিচনৰ অধীনত Coperative Society য়ে ১৯৫৬ চনৰ পৰা চাৰিগাঁওত মৌ পালন সৰ্ম্পকে প্ৰশিক্ষণ দি আছিল। এক কথাত ক’ব গলে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া প্ৰশিক্ষণ পোৱাৰ বাবে কেবল চাৰিগাঁৱেই নহয়, অসমৰ বিভিন্ন জিলাৰ ইচ্ছুক সকলে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল । সেয়েহে বিশেষকৈ চাৰিগাঁও অঞ্চলৰ লোকসকলৰ মাজত পৰম্পৰাগত ভাবে মৌ পালন কৰা ব্যৱসায়টো প্ৰচলিত হৈ আছিল । কিন্তু ১৯৮০ চনত Coperative Society বন্ধ হোৱাৰ বাবে মৌ পালনৰ প্ৰশিক্ষণ সম্পূৰ্ণ ৰূপে বন্ধ হৈ যায় ।

চাৰিগাঁৱৰে সেই সময়ৰ উদ্যমী যুৱক, লীলা চৰণ দত্তই ব্যৱসায় কৰা মানসিকতা থকাৰ বাবে উচ্চতৰ মাধ্যমিকলৈকে অধ্যয়ন কৰি মৌ পালন ব্যৱসায় অৰম্ভ কৰে ।  '১৯৯০ চনৰ কথা,' দত্তই কৈ গ'ল,  'প্ৰথমে মই দহ বাহ খৰঙীয়া প্ৰজাতিৰ মৌ পালন কৰিছিলো । ঘৰৰ আগফালৰ চোতালতে দহ বাহ মৌ ৰাখিছিলো, পিছে এই বিধ মৌৰ পৰা আশানুৰূপ উৎপাদন লাভ কৰা নাছিলো । ইয়াৰ পিছত পৰৱৰ্ত্তী সময়ত Indian Bee -Apis Cerena আৰু Italian Bee- Apis Melefera পালন কৰি ব্যৱসায়টো সম্প্ৰসাৰণ কৰো । ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত মোক অসম বিত্তীয় নিগম (AFC) আৰু এছ বি আয়ে বিশেষ ভাবে ঋণ প্ৰদান কৰি সহায় কৰে । ১৯৯০ চনত পঞ্জাৱৰ লুধিয়ানাত Honey Processing Planning বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰোঁ । ইয়াৰ উপৰিও ২০০২ চনত পশ্চিম বংগত Itailian Bee- Apis Melefera প্ৰজাতিৰ মৌ পালন পদ্ধতি সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰোঁ । Apis Melefera প্ৰজাতি নামৰ মৌ বিধৰ পৰা ভাল উৎপাদন হয় । প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ১৯৭০ চনত পঞ্জাৱৰ কৃখি বিশ্ববিদ্যালয়ে Apis Melefera নামৰ মৌ বিধ ইটালীৰ পৰা আনিছিল ।'

কথাতেই কোৱা হয় “মন কৰিলে চন হয়” । প্ৰথম অৱস্থাত লীলা চৰণ দত্তই মৌ পালন কৰি বিশেষ সফলতা যদিও লাভ কৰা নাছিল, প্ৰচেষ্টা অব্যহত ৰাখিছিল । সেইহে আজি তেখেতৰ ওচৰত ৩৫০ বাহ মৌ আছে আৰু বছৰি ১১ৰ পৰা ১২ টনৰ ভিতৰত মৌ উৎপাদন হয় । এবাহ দুবাহ কৈ যেতিয়া মৌৰ বাহৰ সংখ্যা বৃদ্ধি পাইছিল তেতিয়া লীলা চৰণ দত্তই মৌ পালন কেন্দ্ৰটোক উদ্যোগ হিচাপে গঢ় দিছিল । দত্তৰ চি কে উদ্যাগ অৰ্থাৎ চাৰি কুটিৰ উদ্যাগৰ সমন্ধে এনে দৰে কয়, 'কালৰ সোঁতত হেৰাই যোৱা এটা উদ্যাগ মই পুনৰ ১৯৯৬ চনত জন্ম দিলো । আমাৰ উদ্যাগটোৰ জৰিয়তে মৌ পালন কৰা হয়, মৌ জোল উৎপাদন কৰোঁ, Processing কৰি Testing কৰো । উল্লেখযোগ্য যে আমাৰ উৎপাদিত সা-সামগ্ৰী সমূহ AGMARK স্বীকৃতি প্ৰাপ্ত। চি কে উদ্যোগত উৎপাদিত মৌ সমূহ অসমৰ বিভিন্ন জিলাৰ উপৰিও অৰুণাচল প্ৰদেশ, মনিপুৰ, নাগালেণ্ড আৰু মুম্বাইৰ আয়ুৰ্বেদিক ফেক্টৰীত যোগান ধৰা হয় ।

দত্তই দাবী কৰে যে অসমত ইটালীৰ মৌ Apis Melefera তেখেতে প্ৰথমে আনিলে। ইয়াৰ উপৰিও সম্পূৰ্ণ দুবছৰৰ পিছত অৰ্থাৎ ২০১৪ চনৰ পৰা পৰীক্ষা চলাই ২০১৬ চনত কৃত্ৰিম ভাবে ৰাণী মৌক গাভিনী কৰা পদ্ধতিটো অসমত তেখেতে উদ্ভবান কৰিলে।  কৃত্ৰিম ভাবে প্ৰজনন কৰালে সৰু পোকৰ পৰা মৌক সুৰক্ষিত কৰিব পৰা যায় আৰু মৌৰ এটা উন্নত প্ৰজাতি পাব পাৰি। চি কে উদ্যোগত তৈয়াৰ কৰা মৌ পালন কৰা বাকচ সমগ্ৰ উত্তৰ পূৱৰ মৌ পালকে ক্ৰয় কৰে । এটা মৌ পালন কৰা বাকচৰ মূল্য এহাজাৰ টকা।

লীলা চৰণ দত্তৰ মতে মৌ পালন কৰিব বিচৰা জনে ২৪ ঘণ্টা সময় মৌ পালনত দিব লাগিব । মৌৰ খাদ্যৰ ভিতৰত সৰিয়হ ফুল, দোৰন ফুল, ধনীয়া ফুল, ৰবৰ গছৰ পাত আদি অন্যতম। ইয়াৰ উপৰিও মৌ পালকে মৌৰ প্ৰব্ৰজন কৰাটো অত্যন্ত আৱশ্যকীয় । Apis Cerena নামৰ মৌ বিধে যথেষ্ট কাজিয়া কৰে আৰু বহু সময়ত উৰি যায় । ইয়াৰ বিপৰীতে Apis Melefera নামৰ ইটালীয়ান প্ৰজাতিৰ মৌ বিধ শান্ত প্ৰকৃতিৰ । অসমৰ পৰিবেশত সকলো মৌৰ বাসস্থানৰ বাবে উপযোগী নহয় । কাৰণ যি কোনো ঠাইত বিভিন্ন গছৰ সমাহাৰ আছে । মৌ দীৰ্ঘতম আয়ুসকাল ৬মাহ ।

মৌ পালন,উদ্ভাৱন, ব্যৱসায়ৰ জাড়িয়তে নিজকে সফল উদ্যমী হিচাপে সংস্থাপিত কৰাৰ বাবে ২০০২ চনত All India Business Development Society য়ে ভাৰত বিকাশ ৰত্ন বঁটাৰে সন্মানিত কৰিছিল ।ইয়াৰ উপৰিও যোৰহাট Rotary Club, অসম যুব ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষ ভাবে সন্মানিত কৰে।  সৰিয়হ ফুলৰ পৰা সৃষ্টি হোৱা মৌৰে ভবিষ্যতে চকলেট বনোৱা পৰিকল্পনা হাতত আছে লীলা চৰণ দত্তৰ।

উৎস : ইন্টাৰনেট

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate