অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীণ টী উৎপাদনেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়াইছে বলদেৱ সোণাৰে

গ্ৰীণ টী উৎপাদনেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়াইছে বলদেৱ সোণাৰে

অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি উৎপাদন কৰা সুত্ৰে অসমত উৎপাদিত চাহে আন্ত:ৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰাত ব্যাপক প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আহিছে| এনে সময়তে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি চাহৰ বজাৰত এক সফলতাৰ পথৰ সন্ধান দিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ মাইবেলা অঞ্চলৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে| সম্পুৰ্ণ জৈৱিক পদ্ধতিৰে নিজ গৃহত হাতেৰে চাহ উৎপাদনত ব্যস্ত হৈ পৰা এইগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ নাম বলদেৱ সোণাৰ|

উল্লেখযোগ্য যে কনফেডাৰেচন অৱ্‌ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী চমুকৈ চি আই আয়ে ভাৰতীয় চাহ পৰিষদ অসম চৰকাৰৰ চাহ সঞ্চালকালয়ৰ সহযোগত যোৱা ২৬ আগষ্টত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ তাজ ভিৱাণ্টাত অনুষ্ঠিত কৰিছিল উত্তৰ-পূৱ চাহ সন্মিলন আৰু এক্সপ’ ২০১৬| এই অনুষ্ঠানত বলদেৱ সোণাৰে ঘৰুৱাভাৱে উৎপাদন কৰা জৈৱিক চাহৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে| উক্ত সন্মিলনত উত্তৰ- পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ লগতে ছিকিমৰ জৈৱিক চাহ উৎপাদনকাৰী মুঠ ২৭০ গৰাকী খেতিয়কে অংশগ্ৰহণ কৰিছিল| ভাৰতীয় চাহ ব’ৰ্ডৰ উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতী আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থকা সন্মিলন খনিত দেশী-বিদেশী চাহ পৰীক্ষকে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম জৈৱিক চাহ উৎপাদানকাৰী বুলি সোণাৰক স্বীকৃতি দিয়াৰ বাতৰিয়ে স্থানীয় জনসাধাৰণক উৎফুল্ল কৰি তুলিছে|

মন কৰিবলগীয়া এয়ে যে ২০০৮ চনৰ পৰা জৈৱিকভাৱে চাহ উৎপাদন কৰা ক্ষুদ্ৰ চাহ খেতিয়ক জনে বৰ্তমানে তেওঁ কৰি অহা ১৮ বিঘা চাহ খেতিত জৈৱিক পদ্ধতিৰে চাহ উৎপাদনত গুৰুত্ব দি আহিছে| ইতিমধ্যে খেতিয়ক জনে Innate Green Tea বুলি নিজা ব্ৰেণ্ড নামেৰে ঘৰুৱাভাৱে উৎপাদন কৰা চাহ বজাৰত উলিয়াই দিছে| উল্লেখ্য যে খেতিয়ক জনে ব্লেক আৰু হোৱাইট টী ঘৰুৱা ভাৱে উৎপাদন কৰি আহিছে| কঠোৰ পৰিশ্ৰম, চেষ্টাৰ লগতে বৈজ্ঞানিক ভিত্তিত জৈৱিক চাহ উৎপাদনত গুৰুত্ব দিয়া সোণাৰৰ এনে সফলতাই স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে শিক্ষিত নিৱনুৱাযুৱক-যুৱতীৰ মাজলৈ এক আশাব্যঞ্জক বাতৰি কঢ়িয়াই আনিছে|

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate