অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৌৰীপুৰত বনৌষধি ব'ছৰ খেতিৰে নৱ দিগন্তৰ সূচনা কৃষক ৰাজ্জাক মোল্লাৰ

গৌৰীপুৰত বনৌষধি ব'ছৰ খেতিৰে নৱ দিগন্তৰ সূচনা কৃষক ৰাজ্জাক মোল্লাৰ

 

ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ অধীনস্থ আশাৰিকান্দি গাঁও পঞ্চায়তৰ ব্যতিক্ৰমী খেতিৰ এজন কৃষক। এইজন ব্যতিক্ৰমী কৃষকে ১৯৯২ চনত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈ গাঁওখনৰ বহুতো দৰিদ্ৰ জনসাধাৰণ আৰু কৃষক ৰাইজৰ সহায়ক হিচাপে বিভিন্ন সামাজিক কাম কাজত জড়িত আছিল। তদুপৰি তেওঁ ২০০৯ চনৰপৰা ২০১২ চনলৈ ৪ বাৰৰ বাবে গেৰামাৰী সমবায় সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। দেৱীতলা উন্নয়ন খণ্ডৰ কৃষি প্ৰযুক্তিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে থকা আশাৰিকান্দি ৫৫ বছৰীয়া উক্ত শিক্ষিত কৃষক অঞ্চলৰ মানুহে আব্দুৰ ৰাজ্জাক মোল্লাই বৰ্তমানে ব’ছ খেতিত মনোনিবেশ কৰিছে। আনকি ধুবুৰী জিলাৰ ভিতৰত এই ঔষধি খেতি কৰাৰ প্ৰথমজন কৃষকেই হৈছে মোল্লা। আশাৰিকান্দি অঞ্চলৰ মানুহে ব’ছ খেতিৰ নাম শুনাই নাছিল। কিন্তু, আলমগঞ্জ চক্ৰৰ কৃষি উন্নয়ন বিষয়া ছাজন ছিদ্দিক আহমেদৰ পৰামৰ্শ মৰ্মে মোল্লাই ৰাষ্ট্ৰীয় ঔষধী গছ অভিযানৰ অন্তৰ্গত এই খেতি কৰিবলৈ পায়। এইখেতি কৰাৰ বাবে ৰাইজ’ম বা মূলগত কাণ্ডসমূহ মোল্লাক যোগান ধৰিছিল বোকাখাতৰ দেৱবন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে। লগতে উৎপাদিত শস্যখিনি কিনাৰ বাবে সংগঠনটোৱে গাত লৈছিল। প্ৰথমে তেওঁ প্ৰতিটো ৰাইজ’ম তিনি টকা দৰত ডেৰবিঘা খেতিমাটিৰ বাবে মুঠ ১৮,০০০ টকাৰ ৰাইজ’ম ১৬ মাহ পূৰ্বে আনি ৰোপণ কৰিছিল। উল্লেখ্য যে ব’ছ খেতিৰ বাবে ধান-মটৰ মাহ, সৰিয়হ আদি খেতিকৰ প্ৰয়োজনো তেনেই নগণ্য। এই খেতিত ৰাইজ’ম ৰোপণ, সময়ে সময়ে পানী আৰু ঘাঁহ-বন পৰিষ্কাৰ কৰিলেই হয়। কৃষক ৰাজ্জাক মোল্লাৰ মতে, এই খেতিত ৰাসায়নিক সাৰ একেবাৰে নিষিদ্ধ। কেৱল জৈৱিক সাৰ বা ঔষধ প্ৰয়োগ কৰিব পাৰি। কিয়নো ব’ছ খেতিত ঔষধ বা সাৰ (ৰাসায়নিক) প্ৰয়োগ কৰিলে ইয়াৰ মূল্য বা চাহিদা একেবাৰেই নাথাকে আৰু ঔষধ কোম্পানীবোৰে সেইবোৰ ক্ৰয় নকৰে। লগতে জানিবলৈ দিয়া মতে, নিউমোনিয়া, চৰ্দি, কাঁহ আদি অসুখত আৰু বিশেষকৈ চ্যৱনপ্ৰাছ প্ৰস্তুতিৰ ক্ষেত্ৰত ব’ছ অধিক ব্যৱহাৰ ব্যৱহাৰ হয়। সেয়ে ব’ছৰ খেতিক ব্যৱসায়িক ভিত্তিত লৈছে কৃষকগৰাকীয়ে। বৰ্তমানে মোল্লাৰ ব’ছ বা ইয়াৰ ৰাইজ’ম বিক্ৰীৰ উপযোগী হৈছে। ইতিমধ্যে ৰাজ্জাক মোল্লাক অনুসৰণ কৰি গৌৰীপুৰৰ আজীজ মোড় অঞ্চলত ইনুছ আলী নামৰ এজন কৃষকে ১ বিঘা মাটিত ব’ছ খেতি কৰা বুলি জানিব পৰা গৈছে।

মোল্লাই সম্প্ৰতি অঞ্চলটোত ব’ছ খেতিৰ সম্প্ৰসাৰণ কৰাৰ কামত মনোনিৱেশ কৰিছে। সেই উদ্দেশ্যে তেওঁ ৰাইজ’মসমূহ দক্ষিণ শালমাৰা অঞ্চলৰ সাতজন, হালাকুৰাৰ এজন আৰু হোলোকগঞ্জ অঞ্চলৰ এজন কৃষকক প্ৰদান কৰা বুলি জানিবলৈ দিছে।

ৰবি শস্য বা আন খেতিতকৈ ব’ছ অধিক লাভৱান খেতি বুলি তেওঁ জনায়। উল্লেখ্য যে পিতৃৰ সান্নিধ্যত সৰুৰেপৰাই ৰেজ্জাক মোল্লাই কৃষি কাৰ্য আৰম্ভ কৰিছিল। এই খেতিৰ উপাৰ্জনৰ জৰিয়তে বৰ্তমানে দুজন পুত্ৰ আৰু দুগৰাকী জীয়াৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বুলি তেওঁ জনায়।

লিখকঃ অৰুণ পাল, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate