অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰাবড়ী গাঁৱত ৭৫ বছৰীয়া বৃদ্ধৰ নীৰৱ কৃষি বিপ্লব

চৰাবড়ী গাঁৱত ৭৫ বছৰীয়া বৃদ্ধৰ নীৰৱ কৃষি বিপ্লব

গুৱাহাটী-হাজো-নলবাৰী পথৰ দাঁতিত লাগি থকা এখন গাঁৱৰ নাম চৰাবড়ী। এই পথটোতে এটা কালী মন্দিৰ আছে। কালী মন্দিৰৰ পথৰ দুয়োকাষত প্ৰায় ১৫০ বিঘা মাটিত শণফুলৰ খেতি আৰু অন্যান্য ৰবি শস্যৰ খেতি কৰিছে গাঁওখনৰ ৭৫ বছৰীয়া বৃদ্ধ প্ৰসন্ন হালৈয়ে। প্ৰসন্ন হালৈক এই অঞ্চলৰ ৰাইজে বগা মহাজন বুলিহে চিনি পায়। প্ৰায় ১২ বছৰ বয়সৰ পৰা এই বয়সলৈ তেওঁ খেতিতে জড়িত হৈ আছে। মাথোন প্ৰাথমিক স্কুলৰ দুৱাৰ গছকা হালৈয়ে খেতিকে জীৱন নিৰ্বাহৰ পথ হিচাপে বাছি লৈছে। তেওঁ এইবেলি প্ৰায় ৩০ বিঘা মাটিত শণফুলৰ খেতি কৰিছে। এই শণফুলৰ গুটি কাপোৰ ধোৱা চাবোন, পাউদাৰ আদিত ব্যৱহাৰ হয়। হালৈয়ে জনোৱা মতে, এক মোন শণফুলৰ গুটিৰ দাম ১০০০ টকাৰ পৰা ১২০০ টকা। তেওঁ ৪০ বিঘা মাটিত সৰিয়হ আৰু ১০ বিঘা মাটিত ধনীয়াৰ খেতি কৰিছে। তেওঁক এই খেতিত সহায় কৰে নুৰজামাল আলীয়ে। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি আলীয়ে হালৈৰ লগ লাগি এই কৃষি পথাৰতে লাগি আছে। নুৰজামালৰ পৰিয়াল চাৰিজনীয়া। এই চাৰিটা পৰিয়াল হালৈৰ কৃষিৰ উৎপাদনৰ ওপৰতে নিৰ্ভৰশীল। নুৰজামালে বিলাহী, বন্ধাকবি, ফুলকবি, আলু, গাজৰ, মটৰ আদিত বৰ্তমান ব্যস্ত। এইবেলি বিলাহী খেতি ভাল হোৱা নাই যদিও বৰ্তমানলৈ ১৪-১৫ হাজাৰমান টকা পাইছে বুলি কয়। এই খেতিৰ পৰাই প্ৰসন্ন হলৈৰ ২৬ জনীয়া পৰিয়াল এটা বেছ সুন্দৰভাৱে চলি আছে। এই খেতিবোৰ চপোৱাৰ পিছত ইয়াত ধান খেতি কৰিব বুলি হালৈৱে জনায়। উল্লেখ্য যে হালৈয়ে পানীৰ বাবে অগভীৰ নলী-নাদ বহুৱাই লৈছে।

লিখক: দিপুল বৈশ্য, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate