অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাগলী পামেৰে বছৰত ডেৰ লাখ টকা উপাৰ্জন মাগুৰীৰ ছফিকুলৰ

ছাগলী পামেৰে বছৰত ডেৰ লাখ টকা উপাৰ্জন মাগুৰীৰ ছফিকুলৰ

কমলপুৰ ৰাজহ চক্ৰৰ অধীনৰ মাগুৰী গাঁৱৰ ছফিকুল হক আন দহজন নিবনুৱা যুৱকৰ মাজেৰে এজন আছিল। ২০০৩ চনত সৰু-সুৰা ব্যৱসায় কৰি গোটোৱা ১,৫০০ টকাৰে এটা ম’বাইল ফোন কিনাৰ উদ্দেশ্যে তেওঁ ৰঙিয়ালৈ গৈ আছিল। বাটত এজনী উন্নত জাতৰ মাইকী ছাগলী দেখি ছফিকুল চাইকেলৰ পৰা নামি গৃহস্থৰ ওচৰলৈ গ’ল আৰু গৃহস্থক কাকুতি-মিনতিত বিগলিত হৈ গৃহস্থই ছাগলীজনী ১৫,০০ টকাত বিক্ৰী কৰিলে। ছফিকুলে ম’বাইল ফোনৰ সপোন সামৰি ছাগলীজনী লৈ ঘৰমুৱা হ’ল আৰু সকলো আচৰিত হ’ল। কিন্তু ঘৰৰ প্ৰতিজন সদস্যই ছফিকুলৰ পশুপ্ৰেম সৰুৰে পৰাই জানিছিল। সেয়াই আছিল ছফিকুলৰ ছাগলী পালনৰ আৰম্ভণি। এতিয়া ছফিকুলে পিচলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ৬ জনী উন্নত জাতৰ বিটেল মাইকী ছাগলী, এটা উন্নত জাতৰ বিটেল মতা ছাগলী আৰু ৩০ টা মতা-মাইকী পোৱালীৰে ছফিকুলৰ আছে এখন উন্নত জাতৰ ছাগলী পাম। কমলপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডা: দণ্ডেশ্বৰ ডেকাৰ উদ্যোগত ২০১১-১২ ত ‘আত্মা’ৰ জৰিয়তে ছফিকুলক মতা বিটেল ছাগলী প্ৰদান কৰা হয় আৰু পশুপালন বিভাগৰ উদ্যোগত ছফিকুল আৰু তেওঁৰ পত্নী ৰীণা বেগমক কেইবাবাৰো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৰ্তমান ছফিকুলৰ ছাগলীৰ পৰা উৎপাদন হয় বছৰি এক-ডেৰ লাখ টকা। উন্নত জাতৰ মতা-মাইকী পোৱালি দুমাহ বয়সৰ পৰা গড়ে ৫,০০০ টকাকৈ বিক্ৰী হয়। তদুপৰি খাহী ছাগলীও বিক্ৰী কৰে ছফিকুলে। ছফিকুলৰ পামত ছাগলী পোৱালীৰ ইমানেই চাহিদা যে আগতে বন্দৱস্ত কৰি নথ’লে পোৱালি পোৱাটো কঠিন। ছাগলীৰ উপৰি ছফিকুলৰ ঘৰত আছে প্ৰায় ৩০ যোৰ পাৰ চৰাই। পাৰ চৰাইৰ পোৱালিৰ পৰাও ছফিকুলে বছৰত ১০,০০০ টকা আয় কৰে। ছফিকুলৰ এই উদ্যোগ আৰু একাগ্ৰতা তথা ধৈৰ্য আদৰণীয় আৰু বৰ্তমান নিবনুৱা যুৱক চাকৰিমুখী নহৈ ছাগলী পালনৰ জৰিয়তে স্বাৱলম্বী হ’ব পৰাৰ এক উৎকৃষ্ট আদৰ্শ।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate