অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিলা কৃষি বিজ্ঞান কেন্দ্ৰ

জিলা কৃষি বিজ্ঞান কেন্দ্ৰ

বাক্সা জিলাৰ কৃষকলৈ আশাৰ বতৰা

২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো আন্দোলনৰ নেতৃবৃন্দৰ মাজত হোৱা ঐতিহাসিক বি টি চি চুক্তিৰ আধাৰত বৰপেটা, নলবাৰী আৰু কামৰূপ জিলাৰ পৰা পৃথকে বাক্সা জিলা গঠন কৰা হয়। এই জিলাখনৰ কাম-কাজ আৰম্ভ হোৱাৰ পিছত চৰকাৰী নীতি-নিৰ্দেশনা, আধুনিক তথ্য-প্ৰযুক্তিয়ে লাহে লাহে কৃষি আৰু কৃষক ৰাইজৰ ওচৰ চাপিবলৈ সক্ষম হোৱা যেন অনুভৱ হৈছে। ইতিমধ্যে কৃষি বিভাগৰ জিলা কাৰ্য্যালয় মুছলপুৰত স্থাপন হোৱাত কিছু হ’লেও কৃষিক্ষেত্ৰত প্ৰভাৱ পৰিছে। কিয়নো অতি ওচৰৰ পৰা কৃষকে চৰকাৰৰ বিকেন্দ্ৰীভূত সা-সুবিধা পাবলৈ সক্ষম হৈছে।

শেহতীয়াভাৱে জিলাখনত এক সেউজ বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে কৃষিক্ষেত্ৰ আৰু কৃষকৰ মাজলৈ আগবাঢ়ি আহিছে জিলা কৃষি বিজ্ঞান কেন্দ্ৰ। উল্লেখ যে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ২০১৪ বৰ্ষৰ নৱেম্বৰ মাহত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কাম আৰম্ভ হয়। ২০১৫ বৰ্ষৰ ছেপ্টেম্বৰত ৰঙিয়া মহকুমা সদৰত থকা মহকুমা কৃষি উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত অস্থায়ীভাৱে কাম-কাজ আৰম্ভ কৰি সম্প্ৰতি বাক্সা জিলাৰ কৃষক ৰাইজৰ মাজত সোমাই পৰিছে। ইতিমধ্যে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ঢেপাৰগাঁৱত ১৩১ বিঘা ভূমি ৰাজ্য চৰকাৰে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বাবে আবন্ট দিছে। আনহাতে, জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য, মীন পালন, পশুপালন, ভূমি সংৰক্ষণ, গাৰ্হ্যস্থ বিজ্ঞান, কৃষি বিজ্ঞান, মাটি পৰীক্ষাগাৰ আদিৰ বাবে উপযুক্ত বিজ্ঞানী নিয়োগ কৰি ড০ উৎপলজ্যোতি শৰ্মাক জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সমন্বয়ক হিচাপে নিয়োগ কৰিছে। জিলাখনৰ ভূমি পৰীক্ষা কৰা, কৃষি পদ্ধতি, কৃষি স্বাস্থ্য, উৎপাদন আৰু কৃষি উদ্যোগৰ লগতে জৈৱিক প্ৰস্তুত, ব্যৱহাৰ, ইয়াৰ প্ৰযুক্তি আদি সম্পৰ্কে কৃষকসকলৰ মাজত সোমাই কেন্দ্ৰটোৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। জিলা কৃষি বিজ্ঞানকেন্দ্ৰই ১৫/১৬ বৰ্ষৰ বাবে এক সুকীয়া কৃষি আঁচনিও গ্ৰহণ কৰিছে।

কেন্দ্ৰটোৱে বিগত বছৰটোত বৰমা, নাওকাটা, তামুলপুৰ, বনগাঁও, খাৰুৱাজান, ঢেপাৰগাঁও, নিজ ডেফেলী, কলবাৰী, কদমতলাকে ধৰি বিভিন্ন ঠাইত উদ্যান শস্য, মৌ-পালন, মীন-পালন, জৈৱসাৰৰ প্ৰয়োগ, প্ৰযুক্তি, সাৰ প্ৰয়োগ আদিৰ প্ৰশিক্ষণ দিয়াৰ লগতে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান আদি সম্পন্ন কৰিছে। কৃষি পথাৰ পৰিদৰ্শন আৰু তাৰ মাধ্যমত কৃষকক কৃষি বিজ্ঞানীসকলে পৰামৰ্শ দিয়াৰ লগতে কেইবাটাও বেচৰকাৰী সংস্থাক জড়িত কৰি জিলাখনৰ কৃষিক্ষেত্ৰখনৰ উন্নতি কৰি কিদৰে জিলাখনক এখন চহকী জিলাত পৰিণত কৰিব পাৰি, তাৰ বাবে অহৰহ চেষ্টা চলাই আছে। ধান খেতিৰ উৎপাদনৰ লগতে ফল-মূলৰ উৎপাদন বৃদ্ধিৰ বাবেও প্ৰশিক্ষণ দিয়া হৈছে ভিন্ন ঠাইত। ইতিমধ্যে কৃষি বিজ্ঞান কেন্দ্ৰই জিলাখনৰ মাটিৰ গুণাগুণ পৰীক্ষা কৰি জিলাখনৰ মাটি কৃষিৰ বাবে মধ্যম স্তৰৰ বুলি ঠাৱৰ কৰিছে। বিজ্ঞান কেন্দ্ৰই ভূমি পৰীক্ষা কৰি জিলাখনত ২৫০ খন কৃষিভূমি স্বাস্থ্যপত্ৰ বিতৰণ কৰিছে। নাওকাটা আদৰ্শ গাঁৱত ‘জয় কিষাণ, জয় বিজ্ঞান সপ্তাহ সমাৰোহ’ অনুষ্ঠিত কৰি কৃষকসকলৰ মাজত বৈজ্ঞানিক কৃষি পদ্ধতি সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে।

এনেদৰেই জিলাখনৰ সামগ্ৰিক উন্নয়নত বিজ্ঞান কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৃষি উৎপাদনত বাক্সা জিলাক চহকী কৰাৰ সপোন লৈ ভিন্ন পন্থা, কাৰ্যক্ৰমেৰে আগবাঢ়ি কৃষকৰ মন জয় কৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে আগন্তুক দিনত অধিক আঁচনি হাতত ল’ব বুলি আশা কৰিলোঁ।

লিখক: উৎপল ডেকা, তামুলপুৰ।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate