অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক পদ্ধতিৰে কল খেতি আৰু মীন পালনত ব্যস্ত মহেন্দ্ৰ-বৰ্ণালী

জৈৱিক পদ্ধতিৰে কল খেতি আৰু মীন পালনত ব্যস্ত মহেন্দ্ৰ-বৰ্ণালী

জৈৱিক পদ্ধতিৰে মীন পালন, উন্নত জাতৰ কল খেতি কৰি অনাদৃত কৃষিভূমি কেনেদৰে উপাৰ্জনমুখী কৰিব পাৰি ইয়াৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ জিলাৰ এক সাংবাদিক দম্পতীয়ে। উচ্চ শিক্ষাৰে শিক্ষিত হৈ সাংবাদিকতাত প্ৰৱেশ কৰি জনপ্ৰিয় হৈ উঠা এই দম্পতীয়ে সম্প্ৰতি সেউজ বিপ্লৱৰ স্বপ্নক বাস্তৱায়িত কৰাত ব্যস্ত হৈ পৰিছে। শিৱসাগৰ জিলাৰ চাৰিং দুৱৰাপাৰাৰ সাংবাদিক মহেন্দ্ৰ দুৱৰা আৰু বৰ্ণালী বৰুৱাই সাংসাৰিক জীৱনৰ পাতনি মেলি এফালে সাংবাদিকৰ কৰ্ম ব্যস্ততা আৰু আনফালে নিজা প্ৰায় পাঁচ বিঘা মাটিকালিৰে আৱৰা অনাদৃত কৃষিভূমি উপাৰ্জনমুখী কৰি আদৰ্শৰ প্ৰতীক হৈ উঠিছে।


জৈৱ-বৈচিত্ৰ্যৰ ভৰপুৰ শিৱসাগৰ জিলাত মৎস্য পালনৰ উপযুক্ত পৰিৱেশ আছে। সাংবাদিক হিচাপে বাতৰি লিখি কৃষকক সজাগ কৰাৰ সমান্তৰালকৈ সময়ৰ গুৰুত্ব বুজি মৎস্য পালন কৰি কেনেদৰে স্বাৱলম্বী হ’ব পাৰি তাৰো আৰ্হি দেখুৱাইছে এই দম্পতীয়ে। প্ৰায় ২ বিঘা মাটিকালিত মৎস্য পালনৰ বাবে পুখুৰী খান্দি ইয়াৰ পাৰে পাৰে উন্নত জাতৰ কল খেতি, কুঁহিয়াৰ খেতি, ভোট জলকীয়াৰ খেতি আৰু তামোল গছ, অমিতা গছ ৰোপণ কৰি এই দম্পতীয়ে নিজ গৃহতে সেউজ বিপ্লৱৰ সূচনা কৰিছে। প্ৰায় ৭৫০ ফুট দৈৰ্ঘ্যৰ বৃহৎ পুখুৰীটোত ৰৌ, বাহু, কুঁঢ়ি, মিৰিকা আৰু অন্যান্য থলুৱা জাতৰ মাজেৰে উপচি আছে। পুখুৰীৰ পাৰে পাৰে প্ৰায় পাঁচশৰো অধিক কলগছ, দুইশতাধিক তামোল পুলি  আৰু ৮ বাহ মৌ-পালনেৰে এক সুন্দৰ সেউজীয়া পৰিৱেশৰ সৃষ্টি কৰিছে এই দম্পতীয়ে। গ্ৰামাঞ্চলত মৌ-পালনৰ সজাগতা আৰু উপকাৰিতাৰ বিষয়ে সৰ্বসাধাৰণক অৱগত কৰি ইতিমধ্যে বিভিন্ন লোককো তেওঁলোকে মৌ-পালনৰ বাবে অনুপ্ৰেৰণা যোগাইছে। আনহাতে, এই দম্পতীয়ে পুখুৰীৰ পাৰতে এটা বাঁগৰ ঘৰ সাজি উন্নত জাতৰ খাকী কেম্বেল হাঁহ পোহাৰ ব্যৱস্থা কৰিছে। ২০১২ বৰ্ষৰ পৰা খাকী কেম্বেল হাঁহপালনত ব্যস্ত এই দম্পতীৰ বৰ্তমান ৩০০ ৰো অধিক হাঁহ আছে। কেৰালাৰ পৰা কণী সংগ্ৰহ কৰি গোলাঘাটৰ চৰকাৰী হাঁহ-কুকুৰা পামত পোৱালী জগাই ক্ৰয় কৰা উন্নত জাতৰ হাঁহবিলাকে চাৰি মাহৰ পৰা  কণী পৰা আৰম্ভ কৰে। হাঁহৰ ফাৰ্মখনত দৈনিক গড়ে ১৫০ টাকৈ কণী উৎপাদন হয়। সাংবাদিকতাৰ সমান্তৰালকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে কৰ্মৰ জৰিয়তে সাংবাদিক দম্পতীয়ে উপাৰ্জনৰ পথ বাছি লৈছে। তেওঁলোকে সেউজ বিপ্লৱৰ নামত ৰাসায়নিক দ্ৰব্য অত্যাধিক ব্যৱহাৰেৰে জীৱকূল আৰু প্ৰকৃতিলৈ নামি অহা ধ্বংসৰ বিষয়ে সৰ্বসাধাৰণ কৃষকক অৱগত কৰি জৈৱিক পদ্ধতিৰে কৃষিত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে উপযুক্ত জলসিঞ্চন ব্যৱস্থা আৰু কৃষকক কৃষি ঋণ প্ৰদান কৰি অনাদৃত ভূমিবিলাক ব্যৱসায়ভিত্তিক মীন পালনৰ লগতে হাঁহ-কুকুৰা পালনেৰে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱকক কৰ্মসংস্থাপনৰ বাট দেখুৱাব পাৰে।

সাংবাদিক দম্পতীক শেহতীয়াকৈ শিৱসাগৰ জিলা গ্ৰামোন্নয়ন বিষয়া শ্বাহ নৱাজ চৌধুৰীয়ে এনৰেগা আঁচনিৰ অধীনত ৭০,০০০ টকা পুখুৰী উন্নয়নৰ বাবে অনুদান আগবঢ়ায়। এনেদৰে সাংবাদিকতাৰ সমান্তৰালকৈ স্ব-নিৰ্ভৰশীল হ’বৰ বাবে নিজ গৃহতে বৃহৎ পাম খুলি শিৱসাগৰ জিলাত কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মহেন্দ্ৰ দুৱৰাৰ পত্নী বৰ্ণালী বৰুৱাই ২০০২ চনত ‘সাহিত্যৰ কৰণি’ নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। ২০০১ চনত সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰি বৰ্ণালী বৰুৱাই ইতিমধ্যে ২০০৭ চনত কনক চন্দ্ৰ শৰ্মা সাংবাদিকতা বঁটা, মহিলা বিষয়ক শ্ৰেষ্ঠ সংবাদ পৰিৱেশনৰ বাবে ২০০৭ চনতে কুঞ্জবালা দেৱী সোঁৱৰণী বঁটা, ২০০৮ চনত সদৌ অসম সাংবাদিকতা বঁটা, ২০০৯ চনত গোলাপ মিশ্ৰ সোঁৱৰণী বঁটা আৰু ২০০৯ চনত আমেৰিকাৰ সৰোজনী নাইডু বঁটাৰে সন্মানিত হৈছে।

লিখক: সমীৰণ দুৱৰা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate