অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঝাড়ু ব্যৱসায়েৰে স্বাৱলম্বী ৰংজুলিৰ জয়শ্ৰী দাস

ঝাড়ু ব্যৱসায়েৰে স্বাৱলম্বী ৰংজুলিৰ জয়শ্ৰী দাস

 

চৰকাৰী চাকৰিলৈ মন নেমেলি উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত অৱস্থাতে জলপানিৰ ধনেৰে ৰংজুলিৰ উদ্যমী যুৱক জয়শ্ৰী দাসে সৰুকৈ ঝাড়ুৰ ব্যৱসায় আৰম্ভ কৰে। প্ৰথম অৱস্থাত ক্ষুদ্ৰ হ’লেও পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই জয়শ্ৰীয়ে। তিনি ককাই-ভাইয়ে চৰকাৰী চাকৰি কৰাৰ পাছতো তেওঁ চাকৰিলৈ মন নেমেলি ঝাড়ু ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সপোন ৰচে। সম্প্ৰতি ঝাড়ু ব্যৱসায়ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হ’বলৈ সক্ষম হৈছে। প্ৰথমতে তেওঁ বাঁহৰ ঝাড়ুৰ ব্যৱসায় আৰম্ভ কৰে। সম্প্ৰতি বাঁহৰ ঝাড়ুৰ সমান্তৰালভাৱে ফুল ঝাড়ুৰ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁ মেঘালয় আৰু ৰংজুলিৰ বিভিন্ন গাঁৱত উৎপাদন হোৱা ঝাড়ু ক্ৰয় কৰি সেইবোৰ সুন্দৰকৈ শুকাই বহিঃৰাজ্যলৈ ৰপ্তানি কৰে। এই ব্যৱসায়ত তেওঁ এশৰ পৰা ১২০ জন যুৱক-যুৱতীক শ্ৰমিক হিচাপে নিয়োগ কৰি কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিছে। সম্প্ৰতি তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা প্ৰতিদিনে ট্ৰাকে ট্ৰাকে ঝাড়ু ৰপ্তানি হয় দিল্লী, ৰাজস্থান, গুজৰাট আদি ৰাজ্যলৈ। এই ব্যৱসায়েৰে তেওঁ নিজকে স্বাৱলম্বী কৰি নিজৰ পৰিয়াল সুন্দৰভাৱে চলাই নিয়াৰ লগতে আন এশজন লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। অকল সেয়াই নহয়, তেওঁ ৰংজুলি অঞ্চলৰ বিভিন্ন গাঁৱত ঝাড়ু খেতি কৰি যুৱক-যুৱতীক স্বাৱলম্বী হোৱাত প্ৰেৰণা যোগাইছে। ইতিমধ্যে ৰংজুলি অঞ্চলৰ প্ৰায় ১০ খন গাঁৱতে ঝাড়ু খেতিৰে এক বিপ্লৱৰ সূচনা কৰিছে। যি সময়ত ৰাজ্যত নিবনুৱা সমস্যা জলন্ত সমস্যাত পৰিণত হৈছে তেনে সময়ত ঝাড়ু খেতি আৰু ঝাড়ু ব্যৱসায়ে নিশ্চয়কৈ ৰংজুলি অঞ্চলত আশাৰ ৰেঙণি দেখুৱাবলৈ সক্ষম হৈছে।

(উৎসঃ দৈনিক অগ্ৰদূত, স্বপন কুমাৰ ৰাভা)।

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate