অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টিপলাইৰ বাঁহৰ বজাৰে কঢ়িয়াইছে আশাৰ বতৰা

টিপলাইৰ বাঁহৰ বজাৰে কঢ়িয়াইছে আশাৰ বতৰা

গোৱালপাৰা জিলাৰ ৰংজুলিৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত টিপলাই অঞ্চল। ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত কামৰূপ (গ্ৰাম্য) জিলাৰ সীমিত অৱস্থিত টিপলাইৰ বৃহৎ বাঁহৰ বজাৰখনে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ ভিতৰতে অতি পিচপৰা টিপলাই অঞ্চলত বিজ্ঞানসন্মত আন্তঃগাঁথনিৰ অভাৱ। যাতায়তৰ দুৰৱস্থাই বহুদূৰ পিচুৱাই ৰখা এই অঞ্চলত নাই কোনোধৰণৰ বেংকৰ শাখা। তথাপি ইয়াত গঢ় লৈ উঠিছে এখন বৃহৎ বাঁহৰ বজাৰ। সপ্তাহৰ প্ৰতি বৃহস্পতি আৰু দেওবাৰে বাঁহৰ বজাৰখন বহে। বজাৰত দৈনিক গড়ে ৮ হেজাৰ বাঁহ ক্ৰয়-বিক্ৰয় হয়।

স্থানীয় ৰাইজে জানিবলৈ দিয়ামতে টিপলাই অঞ্চলৰ লগতে পলাহৰটাৰী, খামেৰী, লাইতাৰ, কল্যাণপুৰ, জামলাই, বিদ্যানগৰ, বৰপথাৰ, শিমলীতোলা, বৰপেটা জিলাৰ নিশানচৰ, বাঘবৰচৰ, কামৰুপ জিলাৰ ৰংগেশ্বৰী আদি অঞ্চলত প্ৰচুত পৰিমাণে ধূপকাঠী প্ৰস্তুত হয়। এই ধূপকাঠীৰ বাবে প্ৰয়োজনীয় বাঁহৰ চাহিদা অঞ্চলটোৱে পূৰাব নোৱাৰাৰ বাবে টিপলাইত গঢ় লৈ উঠিছে এই বৃহৎ বাঁহৰ বজাৰখন। বজাৰখনত ৰংগজুলি, দৰংগিৰি, দুধনৈ, আগিয়া, ধূপধৰা, ধনুভাঙা, বকো আদি অঞ্চলৰ উপৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও পৰ্যাপ্ত বাঁহ আমদানি হয়। ইপিনে, সময়ে সময়ে বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাৰ পৰাও বাঁহৰ আমদানি হয়।

বজাৰখনত প্ৰতিডাল বাঁহ সৰ্বনিম্ন ৩০ টকাৰপৰা সৰ্ব্বোচ্চ ২০০ টকালৈ বিক্ৰী হয়। টিপলাই অঞ্চলটোৰ ৯০ শতাংশ লোকেই বাঁহ ব্যৱসায়, ধূপকাঠী প্ৰস্তুতকৰণ, ঢাৰি সজা আদি ব্যৱসায়েৰে জড়িত। অৱশ্যে অঞ্চলটোৰ শতাধিক লোক বাঁহ ব্যৱসায়ৰ সৈতে জড়িত যদিও মূলধনৰ অভাৱত ব্যৱসায়ীসকলে মহাজনৰ পৰা নঞ্চিত হৈ আহিছে।

সম্প্ৰ্তি অঞ্চলটোৰ প্ৰচুৰ পৰিমাণৰ বাঁহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ যুৱক বাঁহ খেতিৰ বাবে উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে। একাংশ যুৱকে ইতিমধ্যে নিজস্বভাৱে বাঁহ খেতি আৰম্ভ কৰিছে। সংশ্লিষ্ট বিভাগে বাঁহ খেতিৰ বিজ্ঞানসন্মত পদ্ধতি দেখুৱাই দিয়াৰ লগতে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিলে নিবনুৱা যুৱক-যুৱতীসকল অধিক উপকৃত হ’ব বুলি অঞ্চলটোৰ সচেতন মহলে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে টিপলাইৰ পৰা গড়ে দৈনিক ২-৩ ট্ৰাক ধূপকাঠী অসমৰ বাহিৰলৈ ৰপ্তানি হয়।

লিখকঃ চৈয়দ ৰবিউল হক, অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate