অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টিপলাইৰ বাঁহৰ বজাৰে বৃদ্ধি কৰিছে বাণিজ্যিক সম্ভাৱনা

টিপলাইৰ বাঁহৰ বজাৰে বৃদ্ধি কৰিছে বাণিজ্যিক সম্ভাৱনা

গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ৰ্ংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত টিপলাইৰ বাঁহৰ বজাৰখনে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যলৈ বাণিজ্যিক সম্ভৱনা কঢ়িয়াই আনিছে। প্ৰাপ্ত তথ্যমতে, কেইবছৰমান আগৰপৰা জিলাখনৰ প্ৰধানত: বৰপথাৰ, বৰডোৱা, শালবাৰী, টিপলাই, বনগাঁও, দীঘলীবড়ী, গৰুছটকা, বাগান বাতাবাৰী, কামৰুপ(গ্ৰাম্য) জিলাৰ পলাহৰটাৰী, কৈলানপুৰ, বিদ্যানগৰ, গুলিভিঠা, গান্ধীনগৰ অঞ্চলত ধূপকাঠিৰ শলা প্ৰস্তুত কৰাৰ বাবে বাঁহৰ চাহুইদা বৃদ্ধি পাইছে। প্ৰথম অৱস্থাত অঞ্চলটোৰ বাঁহেৰে এই এই ধুপকাঠিৰ চাহিদা পুৰণ হৈছিল যদিও পৰৱৰ্তী সময়ত জিলাদুখনৰ উল্লেখিত গাঁওসমূহৰ উপৰি অইন বহু গাওঁত বাঁহৰ পৰা ধূপকাঠিৰ শলা প্ৰস্তুত কৰা কামত অনেক পুৰুষ-মহিলা নিয়োজিত হোৱাত ই এক ক্ষুদ্ৰ উদ্যোগলৈ ৰুপান্তৰিত হ’বলৈ ধৰে আৰু তেনেকৈয়ে অঞ্চলটোত বাহৰ চাহিদা বৃদ্ধি পায়। উল্লেখ্য কোনো বিজ্ঞানসন্মত আহিলা নোহোৱাকৈয়ে একমাত্ৰ লোৰ কটাৰী আৰু বঠীৰে একোজন লোকে এদিনত নিজৰ ঘৰুৱা কামখিনি সমাপন কৰাৰ পিছতো ১৫-২০ কিলোগ্ৰাম কাঠি তুলিব পাৰে। বাঁহৰ এই বৰ্দ্ধিত চাহিদাৰ বাবেই গোৱালপাৰা, কামৰুপ, বৰপেটা, কোকৰাঝাৰৰ উপৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা প্ৰতিদিনে প্ৰায় ২০-২৫ ট্ৰাক জাতি বাঁহ টিপলাই বজাৰলৈ বিক্ৰিৰ বাবে আহে। আনহাতে, দেওবাৰ আৰু বৃহস্পতিবাৰে ইয়াতকৈ বহুত বেছি স্ংখ্যক ট্ৰাক, পিক্‌আপ ভান, ঠেলা, চাইকেলেৰে বাঁহ বিক্ৰীৰ বাবে বজাৰখনলৈ অনা হয়। কিন্তু প্ৰতি সপ্তাহত কেইবা লক্ষ টকাৰ বাঁহ ক্ৰ্য়-বিক্ৰয় হোৱা এই টিপলাই বজাৰত চৰকাৰে আন্ত:গাথনি উন্ন্যয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিশেষকৈ বজাৰখনত আগতীয়াকৈ অন বাঁহবোৰ স্ংৰক্ষণ কৰি ৰখা, থকা-খোৱাৰ ব্যৱস্থা, বেংক সেৱা, এ টি এম সেৱাৰ ব্যৱস্থা নথকাৰ বাবে ব্যৱসায়ীসকলে বহু অসুবিধাৰ সন্মুখীন হৈ আহিব লগা হৈছে।

প্ৰণিধানযোগ্য যে যি সময়ত অসমে প্ৰায় ভাগ বস্তুৰ বাবে বহি:ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয়, সেই সময়ত জিলাদুখনৰ এই গ্ৰাম্য অঞ্চলৰ একাংশ পৰিশ্ৰমী পুৰুষ-মহিলাই সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত গঢ়ি তোলা এই ধুপ কাঠিৰ ব্যৱসায় বৰ্তমান অঞ্চলটোত এক লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হ’বলৈ ধৰিছে। বজাৰত সাধাৰণতে কেইবাটাও জোখৰ শলা বিক্ৰী হয়। ইয়াৰে ৮-৯ ইঞ্চিৰ শলা প্ৰতি কিলোগ্ৰাম ২৪-২৬ টকালৈ বিক্ৰী হয়। অসমৰ বিভিন্ন ধূপকাঠি উদ্যোগৰ উপৰি এই শলা পশ্চিমবংগ, বিহাৰ, দিল্লী, ওড়িষা, হাৰিয়ানা, কৰ্ণাটক আদিলৈ ৰপ্তানি হয়। কোনো চৰকাৰী স-সুবিধা নোঘোৱাকৈ চলি থকা এই ধুপকাঠিৰ শলা প্ৰস্তুত কৰা ব্যৱসায়ে অঞ্চলটোৰ দুখীয়া পৰিয়ালবোৰক স্বাবলম্বী হোৱাৰ পথ মুকলি কৰি দিছে। বাঁহৰ যোগান কম হোৱা আৰু আন্ত:গাথনি দুৰ্বল হোৱা বাবে যোগীঘোপাৰ অশোক কাগজ কল বন্ধ হৈ থকাৰ সময়তে জিলাখনৰ এই পাছপৰা অঞ্চলটোত গঢ়ি উঠা এই বাঁহৰ বজাৰ আৰু এই বাঁঅহৰ বজাৰ খনক কেন্দ্ৰ কৰি গঢ়ি উঠা ধূপকাঠিৰ শলাৰ ব্যৱসায়ে অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে। অঞ্চলবাসী ৰাইজৰ মতে, বজাৰ স্ংযোগী টিপলাই সাৰপাৰা গড়কাপ্টানি পথ আৰু গেৰুৱা টিপলাই- নগৰবেৰা-টিপলাই পথটো যাতায়তৰ বাবে সুচল কৰি তুলিলে বাঁহবোৰ ৰখাৰ বাবে চালিঘৰ, বেংক-এ টি এমৰ ব্যৱস্থা কৰিলে আৰু আগতে বজাৰখনক লৈ বিভিন্ন প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰ কৰিলে তেওঁলোক এই ব্যৱসায়ৰ প্ৰতি অধিক উৎসাহিত হ’ব।

জ্যোতিষ নাথ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate