অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তাপাবৰী আৰু ২ ন্ং শলমাৰী চৰ – চকুৰে নমনা দূৰলৈ য’ত মাথো মৰাপাটৰ খেতি

তাপাবৰী আৰু ২ ন্ং শলমাৰী চৰ – চকুৰে নমনা দূৰলৈ য’ত মাথো মৰাপাটৰ খেতি

দিনটো আছিল ১৬ জুলাই, ২০১৩। ভাৰত চৰকাৰৰ ক’লকাতাস্থিত মৰাপাট সঞ্চালকালয়ৰ সঞ্চালক ড° মান সিঙৰ সৈতে গুৱাহাটীৰ মহকুমা কৃষি বিষয়া কৈলাশ বৰ্মন আৰু আমি কৃষি বিষয়া-কৰ্মীৰ এটি দল পুৱাই ৰাওনা হৈছিলো ৰামদিয়া কৃষি চক্ৰ অভিমুখে। লগত আছিল কৃষি বিভাগৰ সহকাৰী সঞ্চালক কৈলাশ তালুকদাৰ আৰু জেষ্ঠ কৃষি উন্নয়ন বিষয়া পলাশমণি বৰুৱা। উদ্দেশ্য মৰাপাট প্ৰযুক্তি মিছন আঁচনি পৰিদৰ্শন।

আমি উপস্থিত হৈছিলো ৰামদিয়াৰ বাঙালপাৰা গাৱঁত। স্থানীয় নৱজ্যোতি পথাৰ পৰিচালনা সমিতিৰ সভাপতি ম: লুটফুৰ ৰহমানে আমাৰ দলটিক আদৰি নিলে মিলপাৰাৰ পৰা। লগত আছিল গাওঁ পৰ্যায়ৰ কৃষি সম্প্ৰসাৰণ কৰ্মী মুজিবুৰ ৰহমান। আমি উপস্থিত হৈছিলো ব্ৰহ্মপুত্ৰ নদীৰ এটি সুঁতিৰ পাৰত। সুঁতিটো। পাৰ হ’লেই আমি পাম আমাৰ গন্তব্যস্থল- য’ত গুৱাহাটী কৃষি মহকুমাৰ মৰাপাটৰ প্ৰদৰ্শন মূলক খেতি ৰুপায়ণ কৰা হৈছে।

আমি যাত্ৰা কৰিছিলো এখন ভুটভুটী নাৱেৰে। মনত অন্যভৱ কৰিছিলো এক অনাবিল আনন্দ। লক্ষ্য কৰিছিলো সুঁতিৰ ইটো পাৰত লানি নিছিগা মৰাপাট আৰু ধাইনছাৰ খেতি। চকুৰে মনিব নোৱাৰা লৈকে খেতি আৰু খেতি।

নাওৰ পৰা নামি আমি খোজ কাঢ়িয়েই মৰাপাটৰ খেতিৰ মাজে মাজে আগবাঢ়িছিলো। স্থানীয় কৃষক লালচান্দ, আব্দুল লটিফ, আব্দুল ৰচিদ, চৈয়দ আলী, আব্দুল হাইকে ধৰি বহু কেইজন কৃষকে আমাক আগবঢ়াই নিছিল। সঞ্চালক ড° সিঙে তেওঁলোকৰ লগত কথা পাতি পাতি আগবাঢ়িছিল। মন কৰিছিলো ড° সিঙৰ প্ৰতিটো প্ৰশ্নৰেই উত্তৰ কৃষক সকলে সন্তোষ জনক ভাৱে দিব পাৰিছিল আৰু সন্ত্তষ্টিৰ আভা পৰিস্‌ফুট হৈছিল ড° সিঙৰ মুখত।

আমি আচৰিত হৈছিলো এইবাবেই যে এই চৰটোত প্ৰায় ২০০০ কৃষকে প্ৰায় ২০ হাজাৰ বিঘা মাটিত মৰাপাটৰ খেতি কৰে। বিঘাই প্ৰতি তেওঁলোকে মৰাপাট উৎপাদন কৰে ১০-১২ মোনকৈ। সেই হিচাপেৰে এই চৰটোৰ পৰাই মৰাপাটৰ উৎপাদন হয় প্ৰায় ৮০০০ কেট্ৰিকটন। আমি মন কৰিছিলো- কৃষকৰ সমস্যা বুলিবলৈ আছিল কেৱল মৰাপাটৰ চেমিলুপাৰ পোকৰ আক্ৰমণ আৰু মৰাপাটৰ সঠিক মূল্য।

মহকুমা কৃষি বিষয়া শ্ৰীবৰ্মনে আমাক জনোৱা মতে উক্ত চৰত ২০১৩-১৪ বৰ্ষত মৰাপাট প্ৰযুক্তি অভিযানৰ অধীনত ৮ হেক্টৰ কৃষি ভূমিৰ বাবে বীজ আৰু ৰাসায়নিক সাৰ যোগান ধৰা হৈছে। লগতে যোগান ধৰা হৈছে মৰাপাটৰ বীজ মিনিকিট ৮৪ কোলিগ্ৰাম আৰু ৮ টা স্প্ৰেয়াৰ। মৰাপাট উন্নয়ন আচঁনিৰ অধীনত কৃষক সকললৈ যোগান ধৰা হৈছে ২৮৫৫ কিলোগ্ৰাম মৰাপাটৰ বীজ, ১৫০ টা স্প্ৰেয়াৰ যন্ত্ৰ আৰু ৫৮ খন চক্ৰকোৰ। আমি অনুভৱ কৰিছিলো চৰকাৰী ভাৱে পোৱা এই সমূহ সামগ্ৰীৰ ৰুপায়ন কৃষক সকলে সাৰ্থক ভাৱেই কৰিছে। উল্লেখযোগ্য যে বিভাগীয় ভাৱে প্ৰথম বাৰৰ বাবে যোগান ধৰা ‘তৰোণ’ নামৰ জাতটোৱে উচ্চ ৰক্ত চৰটোৰ প্ৰায় ৪২৭ হেক্টৰ মাটি সামৰি লৈছে আৰু কৃষক সকলেও এই জাতটোক আদৰি লৈছে।

ওভতনি পথত আমাৰ মনত এটা কথাই বাৰে বাৰে আহি থাকিল- মৰাপাটৰ খেতিৰ বাবে বিখ্যাত এই অঞ্চলটোৱে অসমৰ কৃষি অৰ্থনীতিৰ উন্ন্যনত এক বিশেষ ভূমিকা বহন কৰিব সেই বিষয়ে আৰু আমাৰ কোনো শংকা নাই।

লেখক: নয়ন কুমাৰ বৰা, কামৰুপ জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, কৃষি দাপোণ।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate