অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিতা-কেৰেলা খেতিৰে বছৰি উপাৰ্জন ৩.৫ লাখ টকা

তিতা-কেৰেলা খেতিৰে বছৰি উপাৰ্জন ৩.৫ লাখ টকা

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানা তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰ গাঁৱৰ মণিক আলী নামৰ এজন উদ্যমী যুৱকে নিজাববীয়াকৈ পাচলি তিতা-কেৰেলাৰ খেতি কৰি স্বাৱলম্বনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। এই প্ৰতিবেদকে প্ৰত্যক্ষ কৰা মতে মাণিক আলীয়ে এইবেলি দুবিঘা তিতা-কেৰেলাৰ খেতি কৰি দুই লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আলীয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ অন্তৰ এই ধনখিনি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত কিলোৱে প্ৰতি ৪০ টকালৈ বিক্ৰী কৰাৰ পিছত লাহে লাহে বজাৰ দাম কমি যোৱাত আলীয়ে এতিয়া ১০ টকা কিলোগ্ৰামত তিতা-কেৰেলা বিক্ৰী কৰি আছে। বছৰৰ শেষত ৩ লাখ ৫০ হাজাৰ ৫০ হাজাৰ টকা পৰ্য্যন্ত উপাৰ্জন হ’ব বুলি আশা ব্যক্ত কৰিছে মাণিক আলীয়ে। ইফালে, অহা বৰ্ষতো ৪ বিঘা তিতা-কেৰেলাৰ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও আলীয়ে জানিবলৈ দিছে। আলীৰ খেতিৰ প্ৰতি আকৃষ্ট হৈ ওচৰ-চুবুৰীয়াৰ কেইবাজনো খেতিয়কেও অহা বৰ্ষত দুই-এক বিঘাকৈ তিতা-কেৰেলাৰ খেতি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

উল্লেখ্য যে নিবনুৱা সমস্যাই ৰাজ্যখনক গ্ৰাস কৰাৰ মুহুৰ্তত হাজাৰ হাজাৰ অশিক্ষিত, শিক্ষিত যুৱক-যুৱতীয়ে কামৰ সন্ধানত নিতৌ বহি:ৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে নিজে বাহিৰলৈ নগৈ কৃষিকৰ্মৰে স্বাৱলম্বী হোৱা আৰু আনকো আকৰ্ষিত কৰা মাণিক আলী সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ।

লিখক: আব্দুৰ ৰহমান, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate