অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তৈল খেজুৰৰ খেতিৰে গোৱালপাৰাত কৃষি বিপ্লৱ

তৈল খেজুৰৰ খেতিৰে গোৱালপাৰাত কৃষি বিপ্লৱ

 

অৱশ্যে দুধনৈস্থিত মহকুমা কৃষি বিভাগৰ বিষয়া মনোৰঞ্জন দাসৰ অদম্য প্ৰচেষ্টাত চলিত বৰ্ষত দুধনৈ এডিঅ’ চাৰ্কোল এলেকাৰ খুংখ্ৰাজানি, দামৰা, পাটপাৰা, ফ’কল, ৰাংৰা এলেকাত ৪০ হেক্টৰ, কৃষ্ণাই এডিঅ’ চাৰ্কোল এলেকাৰ বনগাওঁ, ঢেকীয়াবাৰী, চেনিবাৰী, খামাৰী, আমগুৰিপাৰা, বামুণে পানীখোৱা, টিলাপাৰা, নোৱাপাৰা এলেকাত ৪০ হেক্টৰ, ৰংজুলী এলেকাত ধনুভঙা, আঠিয়াবাৰী, শিলডুবি, নলডোবা, মাদাং নোৱাপৰা এলেকাৰ ৪০ হেক্টৰ, মাটিয়া এলেকাত ১৫ হেক্টৰ, ডুবাপাৰা এলেকাত ১৫ হেক্টৰ আৰু বিকালী এলেকাত ১৯ হেক্টৰ মাটিত তৈল খেজুৰৰ পুলি ৰোপণৰ সিদ্ধান্ত লোৱা বিষয়টোৱে এক উল্লেখনীয় সিদ্ধান্ত বুলি নিশ্চয় ক’ব পাৰি।

তৈল খেজুৰ কি?

কৃষি বিষয়া মনোৰঞ্জন দাসৰ লগত যোগাযোগ কৰি জানিব পৰা মতে তৈল খেজুৰ হৈছে আমাৰ ৰাজ্যত হোৱা খেজুৰ গছৰ দৰে, কিন্তু তেলযুক্ত ফলৰ বাবে কৰা এবিধ গছ। থোকত লগা ইয়াৰ একোটি ফল আমাৰ ডাঙৰ তামোলৰ সমান হয়। ইয়াৰ ফলত থকা তেল কলেষ্টৰেলযুক্ত আৰু সংসাধন উদ্যোগসমুহে ইয়াৰ বাকলি আৰু গুটিৰ পৰা খাদ্যোপযোগী তেল নিষ্কাশন কৰে বুলি জনা যায়। তৈল খেজুৰৰ গছৰ বাবে যথেষ্ট আৰ্দ্ৰতা আৰু বৰষুণৰ প্ৰয়োজন। খৰাংসদৃশ বতৰৰ সময়ত জলসিঞ্চনৰ ব্যৱস্থা কৰাটো অতিকেই প্ৰয়োজনীয় বুলি কৃষি বিষয়াই জানিবলৈ দি কয়, জুনৰ পৰা ফেব্ৰুৱাৰীলৈ পুলি ৰোৱাৰ বাবে উত্তম মাহ যদিও বছৰৰ অইন মাহকেইটাৰ মাজতো নিশ্চিত জলসিঞ্চনৰ জৰিয়তে পুলি ৰোপণ কৰিব পাৰি।

জাত: ভাৰতবৰ্ষত বিশেষত: Tenera নামৰ বৰ্ণসংকৰ   Hybrid ৰ খেতি কৰা হয়।

গছৰ সংখ্যা: এবিঘা মাটিত প্ৰতিটো পুলি আৰু শাৰীৰ মাজত ২১ ফুট দুৰত্বৰ ব্যৱধান ৰাখি ২০ জোপা পুলি ৰোৱা হয়।

বেমাৰ-আজাৰ: তৈল খেজুৰৰ গছত বেমাৰ-আজাৰ আৰু অনিষ্টকাৰী পোকৰ আক্ৰমণ তেনেই নগণ্য আৰু অতি সহজেই এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

উৎপাদন: তৈল খেজুৰৰ গছত ৪ বছৰ বয়সৰ পৰা ফলৰ উৎপাদন আৰম্ভ হয়। ফুল ওলোৱাৰ পৰা ৫-৬ মাহত থোকৰ ফলবোৰ পুৰঠ হয় আৰু এজোপা গছৰ পৰা ১৫ দিনৰ মুৰে মুৰে গড় হিচাপত ২৫ কিলোগ্ৰামকৈ ফলৰ থোক চপাব পাৰি। এবিঘা মাটিৰ খেতিৰ পৰা বছৰত প্ৰায় ৪০ কুইণ্টল ফল পোৱ যায় আৰু সঠিকভাৱে প্ৰতিপালন কৰিলে পৰৱৰ্তী সময়ত ইয়াৰ পৰা ২৫ ৰ পৰা ৩০ বছৰলৈ আৰ্থিকভাৱে লাভাম্বিত হোৱাৰ সুযোগ অছে।

কৃষকৰ প্ৰত্যক্ষ লাভালাভ: স্থানীয়ভাৱে হ’বলগীয়া সংসাধন উদ্যোগটোৱে প্ৰতি ১৫ দিনৰ মুৰে মুৰে কৃষকৰ উৎপাদিত ফলৰ থোকসমুহ চৰকাৰে নিৰ্ণয় কৰি দিয়া মুল্যত ক্ৰয় কৰিবলৈ ইতিমধ্যে চৰকাৰৰ সৈতে চুক্তিবন্ধ হৈছে বুলি জানিবলৈ দিয়ে।

অতিৰিক্ত লাভালাভ: তৈল খেজুৰৰ ফলৰ থোক উৎপাদন হোৱাৰ বাবে ৰ’বলগীয়া বছৰকেইটাত প্ৰতিশাৰী পুলিৰ মাজৰ খালী ঠাইত শাক-পাচলি ,ফুল, আদা, হালধি, জলকীয়া, আনাৰস, কল আদিৰ খেতি কৰি অতিৰিক্ত লাভালাভৰ মুখ দেখাৰ উপৰি ই খেতিৰ মাটিৰ জীপ ধৰি ৰখাত অৰিহণা যোগায়।

লেখক: বেনজিন বড়ো (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 1/11/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate