অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থলুৱা জাতৰ ধান সংৰক্ষণত নলবাৰীৰ কৃষকৰ গুৰুত্ব

থলুৱা জাতৰ ধান সংৰক্ষণত নলবাৰীৰ কৃষকৰ গুৰুত্ব

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদগনি


যি সময়ত বিভিন্ন জাতৰ বৰ্ণসংকৰ ধানে ৰাজ্যখনৰ পথাৰবোৰ আবৰি পেলাইছে, সেই সময়ত ৰাজ্যখনৰ একাংশ খেতিয়কে ধানৰ থলুৱা জাতসমূহৰ সংৰক্ষণৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। নলবাৰী জিলাৰ বৰঝাৰৰ কেইগৰাকীমান কৃষকে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে কেইবিধমান থলুৱা জাতৰ ধানৰ খেতি কৰি এই জাতসমূহৰ সংৰক্ষণৰ বাবে লোৱা প্ৰচেষ্টাই সকলোকে আকৰ্ষণ কৰিছে। অঞ্চলটোৰ পাঁচগৰাকী কৃষক ৰমেশ হালৈ, বিনয় কুমাৰ হালৈ, কৰুণা হালৈ আৰু খগেন হালৈয়ে অত্যন্ত কষ্ট কৰি আঠবিধ দুষ্প্ৰাপ্য থলুৱা ধানৰ জাত সংগ্ৰহ কৰি ৪০ বিঘা মাটিত খেতি আৰম্ভ কৰে। এই দুষ্প্ৰাপ্য থলুৱা ধানৰ জাতসমূহ হ’ল বৰধান, কলী জহা, ধনীয়া জহা, বগা জহা, বোকা, ফুলপাখৰী আৰু টাঙাগুৰি। কৃষকসকলে এই থলুৱা জাতৰ ধানসমূহ একেলগে খেতি চপাবলৈ সাজু হৈছে। মৰাপাগলদিয়া নৈয়ে ২০১২ চনত মথাউৰি ভঙাৰ পিছত পথাৰবোৰ বালিয়ে পুতি পেলাইছিল। এই পথাৰতে কৃষকসকলে এই থলুৱা জাতসমূহৰ খেতি আৰম্ভ কৰিছে। অঞ্চলটোৰ কৃষকসকলৰ এনে প্ৰচেষ্টাক উদগনি জগোৱাৰ বাবে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰই এই প্ৰচেষ্টা গ্ৰহণ কৰিছে। কেন্দ্ৰটোৰ কৃষি বিজ্ঞানী ৰঞ্জিতা বেজবৰুৱাই জানিবলৈ দিয়া মতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ বালি আৰু পলস পৰা ভূমিত জীৱিকা নিৰ্বাহৰ বাবে চলাই থকা আঁচনিৰ অধীনত উক্ত কৃষকসকলক বিভিন্ন সহায়ৰ হাত আগবঢ়োৱা হৈছে। এইবছৰ কৃষকসকলক কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সৰিয়হ আৰু তৰমুজৰ খেতিৰ বাবে সকলো সুবিধা আগবঢ়োৱা হৈছে। তদুপৰি কৃষকসকলক কৃষি বিজ্ঞান কেন্দ্ৰত কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। এনে কাৰ্য্যই কৃষকসকলক কৃষিৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলা দেখা গৈছে। বৰঝাৰৰ কৃষকসকলে থলুৱা ধানৰ জাত সংগ্ৰহ কৰি খেতি কৰিবলৈ লোৱা প্ৰচেষ্টাৰে ফলত ৰাজ্যখনৰ দুষ্প্ৰাপ্য হৈ পৰা উক্ত ধানৰ জাতসমূহ সংৰক্ষণত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

লিখক: ৰমেন কলিতা।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate