অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থলুৱা জাতৰ ধানৰ খেতিৰে কৃষি বিপ্লৱ

থলুৱা জাতৰ ধানৰ খেতিৰে কৃষি বিপ্লৱ

যি সময়ত ৰাজ্যৰ কৃষি বিভাগে সৰ্বসাধৰণ কৃষক ৰাইজক বৰ্ণস্ংকৰ জাতৰ ধানৰ খেতি কৰি লাভাম্বিত হোৱাৰ কথা কৈছে, সেই সময়ত জৈৱিক পদ্ধতিৰে থলুৱা জাতৰ ধান খেতি কৰি কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ যুৱ কৃষক পদ্মকান্ত নাথে।

কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত হাতীয়েখোৱা গাঁৱৰ প্ৰয়াত বলোৰাম নাথৰ পুত্ৰ পদ্মকান্ত নাথে ২০০১ চন মানৰপৰাই ব্যতিক্ৰমী প্ৰচেষ্টাৰে ধান, মাহ আৰু খাৰিফ শস্যৰ খেতি কৰি নিজে স্বাবলম্বী হোৱাৰ লগতে নতুন চাম কৃষকলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। যুৱ কৃষক নাথৰ উদ্যমী মন আৰু কৃষিকৰ্ম চাই ইতিমধ্যে সুবৃহত এলেকাটোৰ এচাম কৃষক অনুপ্ৰাণিত হৈ কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে। যুৱ কৃষক নাথৰ মতে ৰাসায়নিক সাৰ প্ৰয়োগেৰে কৰা খেতিৰ ফচল খাই মানুহ ৰুগীয়া হোৱাৰ কথা ৰজাঘৰ, প্ৰজাঘৰ সকলোৱে জানে যদিও গতানুগতিকভাৱে কৃষকে তাকে কৰি আহিছে আৰু মানুহে বজাৰত তাকে কিনি খাই আহিছে। সেয়ে তেওঁ ৰাসায়নিক সাৰক দূৰতে ৰাখি জৈৱিক সাৰ প্ৰয়োগেৰে খেতি কৰি অধিক উতপাদন কৰাৰ পৰিকল্পনা লৈ ইতিমধ্যে বহু সফলো হৈছে।

ইফালে নাথে যোৱাটো বছৰৰ পৰা এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। অসমৰ পৰা ক্ৰমাত হেৰাই যোৱা থলুৱা জাতৰ ধানৰ বীজ স্ংগ্ৰহত তেওঁ হাতে-কামে নামি পৰিছে। বৰ্তমান সময়লৈ তেওঁ অতি কষ্টেৰে ১১০ বিধ সম্পূৰ্ণ থলুৱা ধানৰ বীজ স্ংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে এইবেলি তেওঁ প্ৰায় ৪০ বিধ থলুৱা ধানৰ খেতি কৰিছে। নাথে থলুৱা জাতৰ ধানৰ বীজসমূহ স্ংগ্ৰহ কৰাই নহয়, কোনবিধ ধানৰ কি গুণ আছে, সোৱাদ কেনেকুৱা, কোনবিধ ধানৰ চাউলেৰে কেনেধৰণৰ খাদ্য প্ৰস্তুত কৰিব পাৰি, তাৰো বিত্ং তথ্য ৰাজ্যখনৰ বিভিন্ন ঠাইৰ অভিজ্ঞ কৃষক বন্ধুৰ পৰা স্ংগ্ৰহ কৰিছে। তেওঁ ইতিমধ্যে স্ংগ্ৰহ কৰা আৰু সময়ৰ সোঁতত হেৰাই যোৱা ধানৰ জাতসমূহৰ ভিতৰত আছে- দল পোঙা, গৰু চকুৱা, কোমল ধান, আটা বৰধান, পাৰ চকুৱা, শালিকা চুতীয়া, গুটীয়া আমোনা, শীতল জহা, নল নাৰায়ণ ধান, জল বসুন্ধৰী, পাঞ্চা ধান, ধনীয়া গুটীয়া শালি, মনোহৰ শালি, বিৰিয়া ভঙা, আমোনা বাও, গয়া শালি, ৰঙা বৰা বা নগঞা শালি, পাতাল শালি, জাগ্‌লি বৰো ধান, ধুচুৰি ধান, হাৰকনা, গাজি বৰো, ইন্দ্ৰ নাৰায়ণ, কাতি বৰা, বিহাৰী শালি, বগী বৰা, জৰাবাও, বাম মাগুৰি, পানী মাগুৰি, প্ৰভাত শালি, কৃষ্ণ জহা, ক’লা জহা, বকুল জহা, কুৰ্মী শালি, ঘিউ বৰা, প্ৰসাদ ভোগ, হুৰুপি কোমল, সুৱাগঅমণি, ককুৱা বাও অৰু বাদল শালি আদি। ইতিমধ্যে সৰু সৰু কাগজত ধানৰ নাম উল্লেখ কৰি তেওঁৰ ঘৰৰ বেৰত আনে দেখাকৈ ওলোমাই থোৱা দেখা গৈছে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালয়ৰ অধীনত ইতিমধ্যে থলুৱা ধানৰ বীজৰ স্ংৰক্ষণৰ এক আঁচনি হাতত লোৱাৰ লগতে ধানৰ বীজসমূহ পঞ্জীয়ন কৰাৰ দিহা কৰিছে। এই কাৰ্যত অংশগ্ৰহণৰ উদ্দেশ্যে নাথে ইতিমধ্যে প্ৰায় ৪৫ বিধ থলুৱা জাতৰ ধানৰ লগতে মাহজাতীয় শস্যৰ বীজৰ নমুনা পঞ্জীয়নৰ বাবে প্ৰেৰণ কৰিছে।

ইফালে এইবেলি নাথে নিজৰ ১০ বিঘা কৃষিভূমিত জৈৱিক পদ্ধতিৰে বিভিন্ন জাতৰ ধান খেতি ৰোপণ কৰিছে। তেওঁ ৰোপণ কৰা বিভিন্ন জাতৰ থলুৱা জাতৰ ধানসমূহ হৈছে-জহা, বাহাদুৰ, আইজং, স্বৰ্ণ মাচুৰি, আমনা বাও, বড়া ধান ইত্যাদি। তদুপৰি প্ৰায় চল্লিশবিধ থলুৱা জাতৰ নমুনা স্ংগ্ৰহৰ বাবে খুউব কম পৰিমাণৰ মাটিত খেতি কৰা বুলিও যুৱ কৃষক নাথে জানিবলৈ দিয়ে। যুৱ কৃষকজনে কয় যে প্ৰয়োজনীয় পানীৰ অভাৱৰ বাবে এইবেলি ধানৰ উত্পাদন কিছু হ্ৰাস পাব। তথাপি এইবেলি দহ বিঘা মাটিত প্ৰতি বিঘত কমেও ১৮ ৰ পৰা ২০ মোন ধান উতপাদন হোৱাৰ আশা কৰিছে।

তৰুণ মুক্তিয়াৰ, জখলাবন্ধা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate