অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থাইলেণ্ড বগৰীৰ খেতিৰে আত্মনিৰ্ভৰশীল বাকসাৰ মহিলা :

থাইলেণ্ড বগৰীৰ খেতিৰে আত্মনিৰ্ভৰশীল বাকসাৰ মহিলা :

 

থাইলেণ্ড বগৰীৰ খেতিৰে এগৰাকী মহিলা আত্মনিৰ্ভৰশীল হোৱাৰ এক বিৰল নিদৰ্শন দেখিবলৈ পোৱা গৈছে বাকসাত। জিলাখনৰ বড়মাখা গাঁৱৰ সবিতা বড়ো নামৰ মহিলাগৰাকীয়ে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ উদ্দেশ্যে পাকঘৰৰপৰা ওলাই আহি থাইলেণ্ড বগৰীৰ খেতিত ব্যস্ত হৈ পৰিছে। মহিলাগৰাকীয়ে নিজৰ বস্তি মাটিতে প্ৰায় তিনি বিঘা ভুমিত কৰিছে এক বিশেষ প্ৰজাতিৰ থাইলেণ্ড বগৰীৰ খেতি। মহিলাগৰাকীৰ ভাষ্য অনুসৰি তেওঁ এই খেতি কৰি বিঘাই প্ৰতি বছৰত প্ৰায় ৫০ হাজাৰ টকা  উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, মহিলাগৰাকীয়ে স্বামীৰ সহায়ত দুবছৰ পুৰ্বে দৰ্ং জিলাৰপৰা বগৰীৰ পুলি আনি প্ৰায় তিনি বিঘা মাটিত ৰোপণ কৰিছিল। প্ৰথম বছৰত বগৰীৰ কিছু কমকৈ উৎপাদন হৈছিল যদিও এইবেলি গছত বগৰী যথেষ্ট পৰিমাণে লগা দেখা গৈছে। উৎপাদিত বগৰীসমুহ তেওঁ বৰমা, মুছলপুৰ, শিংৰাকে ধৰি বাকসাৰ বিভিন্ন বজাৰত প্ৰতি কিলোগ্ৰামত ৬০ ৰ পৰা ৭০ টকালৈ বিক্ৰী কৰি আহিছে। বগৰী খেতিৰ উপৰি এইবছৰৰ পৰা তেওঁ হাঁহ-কুকুৰা, ছাগলী, গৰুও পুহিবলৈ আৰম্ভ কৰিছে। সম্প্ৰতি মহিলাগৰাকীয়ে দুটি সন্তান আৰু স্বামীৰ সৈতে খেতিডৰাত আত্মনিয়োগ কৰি জীৱন নিৰ্বাহ কৰি আছে। মহিলাগৰাকীৰ এই স্বাৱলম্বনৰ নিদৰ্শনে অইনকো উৎসাহিত কৰা দেখা গৈছে।

লেখক: ভাৰত ৰাজবংশী (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate