অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দলগাঁৱত মাকৈৰ খেতিৰ সেউজ দলিচা :

দলগাঁৱত মাকৈৰ খেতিৰ সেউজ দলিচা :

 

দৰ্ং জিলাৰ দলগাওঁ সমষ্টিৰ পথাৰ সেউজ দলিচা সৃষ্টি কৰিছে মাকৈ খেতিৰে। বিগত কেইবছৰমানৰ পৰা অঞ্চলটোৰ খেতিয়কে সৰ্বাধিক গুৰুত্ব দিছে শীতকালীন মাকৈ খেতিত। পুৰ্বতকৈ লাভৰ পৰিমাণ বেছি বাবে কৃষকে পথাৰত অইন খেতিতকৈ মাকৈক প্ৰাধান্য দিয়া হৈছে বুলি জানিবলৈ দিছে। আনকি একাংশ কৃষকে পাচলি খেতি বাদ দিও মাকৈ খেতিতহে গুৰুত্ব দিছে। পাচলি খেতিৰ খৰচতকৈ লাভৰ পৰিমাণ কমি যোৱাত কৃষকে হতাশ হ’বলগীয়া হয়। পানীৰ দৰত পাচলি বিক্ৰী কৰিবলগা হৈছে কৃষকে। মধ্যভোগী দালালৰ বাবে কৃষকে কষ্টোপাৰ্জিত পাচলি পানীৰ দৰত বিক্ৰী কৰাই নহয় গৰুৰ খাদ্যত পৰিণত হৈছে। উপায়ান্তৰ কৃষকে অৱশেষত বাছি লৈছে কম খৰচত অধিক উপাৰ্জন, কম সময়ত ফচল গঢ়া মাকৈ খেতি। প্ৰতি বিঘা খেতিত ১২-১৩ কুইণ্টল পৰ্যন্ত উৎপাদন হয় মাকৈ। পুৰ্বতে ফচল উলিয়াবলৈ কষ্টদায়ক আছিল যদিও বৰ্তমান মাকৈ মৰা মেচিন অঞ্চলটোত উভৈনদী। কুইণ্টল প্ৰতি ১৩০০ টকা পায় কৃষকে। কৃষকে পথাৰ শুৱনি কৰিছে মাকৈ খেতিৰে। চৰ-চাপৰিৰো হাজাৰ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰি সেউজ দলিচা গঢ়িছে। একাংশই মাকৈ গছ গৰু-ম’হৰ খাদ্যৰুপে বজাৰত বিক্ৰী কৰিও লাভান্বিত হৈছে। সাৰৰ পৰিমাণ নুন্যতম ব্যৱহাৰ কৰিয়েই অধিক উপাৰ্জনমুখী মাকৈ খেতিৰে শীঘ্ৰেই অসমক দ্বিতীয় পঞ্জাব ৰুপে গঢ়াৰ দিশে আগবাঢ়িছে।

উৎস: দৈনিক জনমভুমি

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate