জীৱন আৰু জীৱিকাৰ স্বাৰ্থতে সকলোৱে অৰ্থ উপাৰ্জন কৰে । চাকৰি-বাকৰি, কৃষি-উদ্যোগ, ব্যৱসায়-বাণিজ্য সকলোবোৰৰে মূল উদ্দেশ্য এটাই আৰু সেইটো হ’ল অৰ্থ উপাৰ্জন কৰা । জীৱন আৰু জীৱিকাৰ বাবে সকলোকে অৰ্থৰ প্ৰয়োজন থিকেই, কিন্তু সেই অৰ্থ উপাৰ্জন যদি উৎপাদনমুখী আৰু জন-স্বাৰ্থমুখী হয় তাতকৈ আনন্দৰ কথা কি থাকিব পাৰে । পশুপালনো হ’ব পাৰে তেনে এক উদ্যোগ যি উদ্যোগে স্বাৱলম্বন আৰু অৰ্থ উপাৰ্জনেই নিদিয়ে, লগতে দিয়ে দেশৰ উৎপাদনী অৰ্থনীতিত অৰিহনা যোগোৱাৰ এক আনন্দ আৰু সৰ্বসাধাৰণৰ বাবে উৎকৃষ্ট খাদ্য যোগানৰ এক মাদকতা । সুখৰ কথা যে আজিকালি বহুতো যুৱক-যুৱতী পশুপালনৰ দৰে উৎপাদনী উদ্যোগত জড়িত হৈ পৰিছে, কিন্তু তাৰ মাজৰে দুই-এজনে একে পশুপালন উদ্যোগকে ৰুপায়ণ কৰিছে কিছু ব্যতিক্ৰমীভাৱে । তেনে এজন উদ্যোগী উচ্চ শিক্ষিত পশুপালকৰ লগত আন্তৰিকতাৰে কথা পাতিছিলোঁ অলপতে । তেওঁ হ’ল বিতোপন বৰুৱা, ঘৰ যোৰহাটৰ বাহনা অঞ্চলৰ ধোৱাপুখুৰী গাঁৱত । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিতোপন বৰুৱাই চাকৰিৰ পাছত দৌৰাদৌৰি নকৰি পশুপালনৰ দৰে এক উৎপাদনী ব্যৱসায়ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যই আছিল সমাজখনক এক পথ দেখুউৱা আৰু ২০১৪ চনত প্ৰথম মাত্ৰ দুজনী বৰ্ণসংকৰ গাইৰে আৰম্ভ কৰি বৰ্তমান অঞ্চলটোৰ এক প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে চিনাকি দিব পৰা অৱস্থাটোৱেই কৈ দিয়ে তেওঁৰ এই উদ্যোগৰ প্ৰতি থকা নিচা, দায়বদ্ধতা আৰু দক্ষতাৰ কথা ।
সাম্প্ৰতিক সময়ত বৰ্ণসংকৰ গো-পালন উদ্যোগত জড়িতসকলে সঘনে সন্মুখীন হোৱা দুটা সমস্যা হ’ল সঘনে হোৱা ওহাৰফুল বা মাষ্টাইটিছ ৰোগৰ সমস্যা আৰু গৰ্ভধাৰণৰ বাবে বাৰে বাৰে প্ৰজনন কৰিব লগাৰ সমস্যা । প্ৰায়সকল পশুপালকৰ বাবে গুৰুতৰ হিচাপে উপলব্ধ এই দুয়োটা সমস্যাৰ ক্ষেত্ৰত বিতোপন বৰুৱা নিম্নতম আৰু নূন্যতম হিচাপে ভুক্তভোগী । প্ৰকৃততে আধুনিক পশুপালন কাৰ্যসূচী হ’ল এক ব্যৱহাৰিক বিজ্ঞান : বিজ্ঞানসন্মত কাৰীকৰি জ্ঞান আৰু দূৰদৃষ্টিসম্পন্ন ব্যৱস্থাপনা প্ৰয়োগ কৰিব পাৰিলে এজন পশুপালক সফল হ’বই । বিতোপন বৰুৱাও এজন এই শ্ৰেণীৰ পশুপালক । ঠাই নিৰ্বাচন আৰু গোহালি নিৰ্মাণত বিজ্ঞানসন্মত দৃষ্টিভংগীৰ প্ৰয়োগ, সুষম খাদ্য যোগান প্ৰক্ৰিয়া, উন্নত প্ৰজাতিৰ ঘাঁহ খেতিৰ জৰিয়তে সেউজীয়া ঘাঁহৰ পৰিকল্পত যোগান, গোহালি আৰু পৰিৱেশৰ স্বচ্ছতা আৰু পৰিচ্ছন্নতা ৰক্ষাৰ ব্যৱস্থা, পলিথিন আৰু পলিমাৰ বৰ্জিত এক পৰিৱেশে পশুধনসমূহৰ ওপৰত পৰিব পৰা চাপ নিম্নমানৰ কৰি তোলে যাৰ বাবে পশুধন পামত উপসৰ্গৰ উপস্থিতি হৈ পৰে সৰ্বনিম্ন, পশুধনৰ বৃদ্ধি, বিকাশ আৰু উৎপাদন হৈ পৰে সৰ্বোচ্চ । সম্ভৱ উচ্চ শিক্ষিত হোৱা বাবেই বিতোপন বৰুৱাই এই দিশ সমূহত সূক্ষ্ম নজৰ ৰাখি সেই মতে ব্যৱস্থা ল’ব পাৰিছে, যাৰ বাবে পশুধনৰ বিকাশ আৰু অৰ্থনৈতিক উৎপাদনৰ দিশৰ পৰা অতিকে ক্ষতিকাৰক ৰোগবিলাক তেওঁৰ পামত হৈ পৰিছে তেনেই সামান্য বা সৰ্বনিম্ন ।
এখন উন্নত পামত বহুত গাই থাকিব লাগিব বুলিও কথা নাই । নিজৰ দক্ষতা, পৰিৱেশ, সা-সুবিধা মতেই এজন পালকে গাইৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগিব । বিতোপন বৰুৱাৰ পামত এতিয়া আছে ১১ জনী খীৰতী গাই, ৫ জনী গাভিনী চেউৰী, ১০ জনী চেউৰীসহ এটা দমৰা । বৰ্তমানে গাখীৰ দি থকা ১১ জনী গাইৰ পৰা বিতোপনে দৈনিক গাখীৰ বিক্ৰী কৰে প্ৰায় ১০০ লিটাৰ । সাধাৰণভাৱে তেওঁ প্ৰতি লিটাৰত ৫০ টকা মূল্য পায় যদিও জিলা দুগ্ধ উন্নয়ন বিভাগৰ দ্বাৰা সংগৃহীত মূল্য কম হোৱা বাবে ইয়াত দিয়া গাখীৰখিনিৰ মূল্য কমকৈ পায় । আজিকালি প্ৰায়সকল পশুপালকৰে গাখীৰ উৎপাদনতকৈ গাখীৰ বিক্ৰীৰ সমস্যাইহে অধিক অসুবিধাত পেলাইছে । যোৰহাটত তথা অসমত বৰ্তমানেও গাখীৰৰ সংসাধন উদ্যোগ বিশেষভাৱে গঢ় লৈ নুঠা বাবে গাখীৰৰ বিক্ৰীৰ ক্ষেত্ৰত পালকসকলে বহু সময় আৰু শক্তি ব্যয় কৰিব লগা হয় । এই সম্পৰ্কত পশুপালক বিতোপন বৰুৱাৰ বক্তব্য এনেধৰনৰ :- ‘গাখীৰৰ চাহিদা উৎসৱ-পাৰ্বণৰ সময়ত বাঢ়ি যায় যদিও বাকী সময়ছোৱাত তুলনামূলকভাৱে কমি যায় । বিশেষকৈ নবেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ গাখীৰ অধিক পৰিমাণে উৎপাদিত হোৱাৰ লগতে চাহিদা কমি অহা বাবে এই সময়ছোৱাত গাখীৰ বিক্ৰী কৰাটো এক গুৰুত্বপূৰ্ণ সমস্যা । এই সময়ছোৱাত গাখীৰ বিক্ৰী কৰাটো এক গুৰুত্বপূৰ্ণ সমস্যা । এই সময়ছোৱাত পনীৰ আৰু দৈ হিচাপে গাখীৰ বিক্ৰী কৰিব লগা হয় । অৱশ্যে আমি কেইজনমান যুৱক লগ হৈ যোৰহাটৰ দুগ্ধ উন্নয়ন বিভাগৰ অধীনত ‘নন্দিনী ডেইৰী’ নামেৰে এখন সমবায় সমিতি পঞ্জীয়ন কৰি যোৰহাট জিলা দুগ্ধ যোগান আঁচনিত কিছু গাখীৰ বিক্ৰী কৰা ব্যৱস্থা কৰিচভোঁ যদিও ইয়াত বিক্ৰী কৰা গাখীৰৰ মূল্য সাধাৰন বজাৰ মূল্যতকৈ কিছু কম হোৱা বাবে আমাৰ জটিলতা নোহোৱাও নহয় । তথাপি আমাৰ সমুদায় গাখীৰ প্ৰতিদিনেই বিক্ৰী হৈ আছে ।
পশুপালক বিতোপন বৰুৱাই পাম আৰম্ভ কৰিছিল বেংকৰ পৰা পোৱা এটা ঋণৰ যোগেদি । অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা নাবাৰ্ডৰ ৰাজসাহায্য যুক্ত ঋণ আঁচনিৰ অধীনত চাৰি লাখ আঠচল্লিছ হাজাড় টকাৰ ঋণ তেওঁ লৈছিল যদিও এই ঋণৰ বাবদ পাব লগা ৰাজসাহায্য বৰ্তমানেও লাভ কৰা নাই । প্ৰজনন প্ৰক্ৰিয়াত শ্ৰী বৰুৱাই জাৰ্চি আৰু হলষ্টেইন ফ্ৰিজিয়ান জাতৰ শুক্ৰই ব্যৱহাৰ কৰি আহিছিল যদিও শেহতীয়াকৈ বিভাগীয়ভাৱে উপলব্ধ ‘চাহিৱাল’ জাতৰ শুক্ৰও প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিছে । গিৰ, চাহিৱাল আদি ভাৰতীয় জাতৰ শুক্ৰ অধিক পৰিমানে আৰু নিৰৱছিন্নভাৱে যোগান হোৱাটো পশুপালকজনে আশা কৰে কিয়নো এনে জাতৰ গাইৰ গাখীৰৰ গুনগত মান উচ্চ পৰ্যায়ৰ আৰু ৰোগ, উপসৰ্গৰ দিশৰ পৰা এনে গাই প্ৰতিপালন কৰাটো কিছু পৰিমাণে সুবিধাজনক ।
ঘাঁহ খেতিৰ ব্যৱস্থাই গোপালকসকলক উৎপাদনী ব্যয় কমোৱাত সহায় কৰে । এই কথা উপলব্ধি কৰিয়েই বিতোপন বৰুৱাই উচ্চ উৎপাদনক্ষম আৰু উচ্চ খাদ্যমূল্যৰ ঘাঁহ যেনে চেটেৰীয়া, নেপিয়াৰ , কংগ’ছিগনেল আদি জাতৰ বহুবৰ্ষী ঘাঁহৰ খেতি নিজাকৈ কৰি লৈছে । উচ্চ উৎপাদনক্ষম গাইৰ উৎপাদন যেনেকৈ ভাল, বেমাৰ-আজাৰ বা আকস্মিক উপসৰ্গও তেনেকৈ বেছি । মিল্ক ফিভাৰ, বেবেচিয়া, জৰায়ু বহিৰ্গমন জাতীয় ৰোগত গাই এজনী কম সময়তে মৃত্যু মুখত পৰিব পাৰে । এনে আকস্মিক হানি-বিঘিনৰ পৰা হাত সাৰিবলৈ পশুধনসমূহক বীমাকৰণ কৰিব পাৰি । এনেয়ে বীমাৰ প্ৰিমিয়াম মূল্য যথেষ্ট বেছি যদিও বৰ্তমান সময়ত সমগ্ৰ দেশ জুৰি চলি থকা ৰাষ্ট্ৰীয় পশুধন মিছনৰ কাৰ্যসূচীৰ অধীনত তেনেই কৰ্ম মূল্যতে তিনিবছৰ পৰ্যন্ত গৰু, ম’হ, ছাগলী আৰু গাহৰিবোৰক বীমাকৰণ কৰিব পাৰি । মিছনৰ বীমাকৰণ প্ৰক্ৰিয়াৰ এই সুবিধা বিতোপন বৰুৱাইও গ্ৰহণ কৰিছে । যিহেতু এই আঁচনিত বীমাৰ প্ৰিমিয়ামৰ ওপৰত আশী শতাংশ পৰ্যন্ত ৰাজসাহায্য আছে ।
লেখক :- ডা: প্ৰবীণ কুমাৰ নেওগ, ডা: চন্দ্ৰকুমাৰ সিংহ
উৎস :- দৈনিক জনমভূমি
শেহতীয়া উন্নীতকৰণ: : 3/18/2020