অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুগ্ধ উৎপাদনেৰে আদৰ্শ দেখুৱাইছে নলবাৰীৰ প্ৰশান্তই

দুগ্ধ উৎপাদনেৰে আদৰ্শ দেখুৱাইছে নলবাৰীৰ প্ৰশান্তই

 

চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহী নহৈ নলবাৰীৰ এচাম যুৱকে গাহৰি ,কুকুৰা পালনৰ উপৰি দুগ্ধ উৎপাদনৰ বাবে গৰুৰ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ বাট দেখুৱাই সমাজৰ আদৰ্শনীয় হৈ পৰিছে আৰু লগতে ৰাজ্যৰ আৰ্থিক গাঁথনি সুদৃঢ় কৰাত কিছু পৰিমাণে হ’লেও সহায়ক হৈ পৰিছে।তেনে এজন যুৱক হ’ল পুব নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত দীঘেলী গাঁৱৰ প্ৰয়াত প্ৰমোদ শৰ্মাৰ দ্বিতীয় পুত্ৰ প্ৰশান্ত শৰ্মা।সম্পুৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে গো-পালনত ব্যস্ত শৰ্মাই দৈনিক ১২০ লিটাৰৰো অধিক গাখীৰ উৎপাদন কৰে।তেওঁৰ গোহালিত দুজনী বৰ্ণশংকৰ জাৰ্ছী আৰু ৯ জনী বৰ্ণশংকৰ হলষ্টেন ফ্ৰিজিয়ন গাইগৰু আছে।প্ৰতিজনী গাইৰপৰা গড়ে ১২ লিটাৰৰ পৰা ১৫ লিটাৰকৈ গাখীৰ উৎপাদন হৈ আছে।কোনোজনী গাইগৰুৱে শীৰ্ষতম উৎপাদন কালত দিনে ২১ লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে।এই গাখীৰসমুহ শৰ্মাই ১.৫ কিলোমিটাৰ দুৰৰ নলবাৰী চহৰৰ স্থানীয় লোকৰ ঘৰত বিক্ৰী কৰাৰ উপৰি মিঠাইৰ দোকানত বিক্ৰী কৰে।তদুপৰি শৰ্মাই জিলা পশুপালন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰু কলেজ চ’কত নিতৌ পুৱা-গধুলি ৩৫ লিটাৰকৈ গাখীৰ বিক্ৰী কৰে।এইবোৰৰ উপৰি যুৱ ব্যৱসায়ীজনে ঘৰতে দৈ প্ৰস্তুত কৰিও বিক্ৰী কৰি আছে।গাখীৰৰ মুল্য প্ৰতি লিটাৰত ৫০ টকাকৈ নিৰ্দ্ধাৰণ কৰা শৰ্মাৰ গাখীৰৰ চাহিদা যথেষ্ট।আনকি বিয়া বা মাংগলিক অনুষ্ঠানৰ ‘অৰ্ডাৰ’মতে শৰ্মাই ৮৫ লিটাৰ পৰ্যন্ত গাখীৰ যোগান ধৰে।তেওঁ দৈ ৯০ টকা দৰত বিক্ৰী কৰাৰ উপৰি উৎপাদিত পনীৰ ৪০০ টকাত বিক্ৰী কৰে।আন এক উল্লেখনীয় দিশ যে সময় সাপেক্ষে প্ৰস্তুত কৰা শৰ্মাৰ বাঁহৰ চুঙাৰ দৈৰ চাহিদা সৰ্বাধিক।শৰ্মাৰ এই ফাৰ্মখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত জিলা পশু চিকিৎসা বিষয়া ডা: সুৰেন শৰ্মাৰ ভুমিকা অকৃত্ৰিম বুলি যুৱ ব্যৱসায়ীজনে কয়।এইগৰাকী চিকিৎসকে প্ৰকল্প প্ৰস্তুত কৰি প্ৰশান্ত শৰ্মাক গ্ৰামীণ বিকাশ বেংকৰ নলবাৰী শাখাৰপৰা ‘নাবাৰ্ড’ৰ ৰাজসাহায্যযুক্ত ৬ লাখ টকাৰ এটি ঋণৰো ব্যৱস্থা কৰি দিয়ে।পশুপালন বিভাগৰদ্বাৰা নিয়মিতভাৱে কৃত্ৰিম প্ৰজননৰ সুবিধা গ্ৰহণ কৰা শৰ্মাই শেহতীয়াভাৱে এটা গাখীৰ খীৰোৱা যন্ত্ৰ আৰু খেৰ কটা যন্ত্ৰও কিনি লৈছে।দুগ্ধ উৎপাদনৰ প্ৰাৰম্ভিক কৰ্মসুচী হিচাপে শৰ্মাই দুই বিঘা মাটিত উন্নত জাতৰ নেপিয়াৰ ঘাঁহ ৰোপণ কৰিছে।কেৱল সেয়াই নহয়,প্ৰশান্ত শৰ্মাই গাইগৰুৰ উপৰি ৫০০০ কুকুৰাৰ এখন ক্ৰইলাৰ ফাৰ্ম আৰু ৪০ টা চাৰা চাম্বেলী হাঁহ,৫০ যোৰ পাৰ,কিছুসংখ্যক কোৱেল চৰাই পুহিও অন্য এক ব্যৱসায় চলাই আছে।এই ফাৰ্মখনত ৬ জন লোকক নিযুক্তি দি তেওঁলোকৰ পৰিয়াললৈ কিছু হ’লেও আৰ্থিক সকাহ দি আছে যুৱ ব্যৱসায়ীজনে।সম্প্ৰতি শৰ্মা,নলবাৰী জিলাৰ এজন আদৰ্শ যুৱক হিচাপে প্ৰতিপন্ন হৈছে।সম্প্ৰতি তেওঁৰ ফাৰ্মখনৰ নাম হৈছে ‘শৰ্মা ডেইৰী এণ্ড কম্প’জিট ফাৰ্ম’।

লেখক:মনোজ শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate